/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-16-at-5.40.29-PM.jpeg)
ডিজিটেল সংবাদ: ঢকুৱাখনা : বৃহত্তৰ অসমীয়া জাতি গঠনত স্বকীয় ভাষা লোক কৃষ্টি সংস্কৃতিৰে মেটমৰা অৱদান আগবঢ়াই অহা ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক পৰম্পৰাগত উৎসৱ আলি আয়ে লৃগাং।
ফাগুন মাহৰ প্ৰথমটো বুধবাৰে বহু দিনৰে পৰা উদযাপিত হৈ অহা এই জনগোষ্ঠীটোৰ লোক উৎসৱটো আজি মহা ধামখুমীয়াৰ মাজেৰে ঢকুৱাখনা মহকুমাৰ সকলো মিচিং জনগোষ্ঠী অধ্যুষিত দলুঙত জনগোষ্ঠীটোৰ পৰম্পৰা অনুসৰি পুৱাৰ পৰাই উদযাপন কৰা হয়।
পুৱাই প্ৰতিখন দলুঙত দলুং সমূহৰ গাম সকলে লৃগৎ কৰাৰ পাছতে পৰম্পৰাগত খাদ্য সম্ভাৰ গ্ৰহণ কৰে আৰু অভ্যাগত সকলকো আপ্যায়ন কৰে।
জনগোষ্ঠীটোৰ ৰাইজে নৃগোষ্ঠীয় সাজ পাৰ পৰিধান কৰি পুৰাং আপিন , অয়িং , এগ আদিন, ঙছান , আমপী পুৰাং ,নগিন আপং , পৰ' আপং আদি খাই আনন্দত উল্লসিত হৈ গুমৰাগ নৃত্য চমানত মতলীয়া হয়।
মহকুমাটোৰ তিনি শতাধিক সহস্ৰাধিক মিচিং অধ্যুষিত গাঁওত দলুং সমিতিৰ উদ্যোগত বুধবাৰে এই লোক পৰম্পৰা স্বৰূপ লৃগাং উৎসৱ পালন কৰা হয়। মিচিং বানে কেবাঙৰ নিৰ্দেশনা অনুসৰি অহা ৫ দিনলৈ লৃগাং পৰ্ব চলি থাকিব আৰু পাঁচ দিনৰ পাছত লৃলেন হ'ব ।
আজিৰ লৃগৎ পৰ্বৰ পাছৰে পৰা আনুষ্ঠানিক ভাৱে পথাৰত চহা ৰাইজে ধান সিঁচা পৰ্ব শুভাৰম্ভ হৈছে । উল্লেখ্য যে
ঢকুৱাখনাৰ মাজ ইন্দুৰ গাঁওৰ গাম ধনঞ্জয় দলে ,উজনি ইন্দুৰ গাঁওৰ গম দেৱেশ্বৰ লাগছু , থুৰিবাৰী গাঁওৰ গাম সৰ্বেশ্বৰ দলে , লাইপুলিয়া গাঁওৰ গাম কাৰ্ক দলে,বান্দেনা গাঁওৰ গাম জ্যোতি পেগু ,যোগিসুঁতি গাঁওৰ গাম কমলা দলেয়ে নিজ নিজ দলুঙত লৃগৎ কৰি আনুষ্ঠানিক ভাবে বীজ সিঁচা পৰ্ব শুভাৰম্ভ কৰে।