ঢকুৱাখনাত পৌৰসভা নিৰ্বাচনৰ বাবে ১০জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ…

ঢকুৱাখনাত পৌৰসভা নিৰ্বাচনৰ বাবে ১০জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত পৌৰসভা নিৰ্বাচনৰ বাবে ১০জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ…

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ৰাজ্য খনৰ সমাগত পৌৰসভা নিৰ্বাচন কেন্দ্ৰীক দলীয় তৎপৰতাই  চুই গৈছে ঢকুৱাখনাৰ বিভিন্ন ৰাজনৈতিক দল সমূহক।

Advertisment

শাসক বিৰোধী  সকলো ৰাজনৈতিক দলেই ঢকুৱাখনা পৌৰসভা এলেকাৰ মুঠ ১০ টা ৱাৰ্ডত নিজ নিজ দলীয় প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে টঙালি বান্ধিছে । 

ঢকুৱাখনাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ তৰফৰ পৰাও মুঠ ১০ টা ৱাৰ্ডত ১০ গৰাকী প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ সিদ্ধান্ত  গ্ৰহণ কৰিছে।  সোমবাৰে এক সংবাদমেল যোগে এই সিদ্ধান্ত অৱগত কৰে।

ঢকুৱাখনা নগৰৰ ৰাজীৱ ভৱন প্ৰাংগণত আয়োজিত সংবাদমেলত নিৰ্বাচনী সমিতিৰ সভাপতি পদ্মলোচন দলে , ঢকুৱাখনা কেইবাগৰাকী নেতা-কৰ্মীৰ উপস্থিতিত প্ৰাৰ্থীত্বৰ ঘোষণা কৰে।

১ নং ৱাৰ্ডত  উদ্যমী যুৱ নেতা  সুৰজিত কোঁৱৰ ( বগী) , ২ নং  ৱাৰ্ডত দীপালি লাগাছু, ৩নং ৱাৰ্ডত মিতালী গগৈ ,  ৪নং ৱাৰ্ডত অৰবিন্দ সুত ,৫ নং ৱাৰ্ডত প্ৰসন্ন বৰা, ৬ নং ৱাৰ্ডত ললিত দাস , ৭ নং ৱাৰ্ডত জাহ্নৱী বৰুৱা ,৮ নং ৱাৰ্ডত পুষ্পা বৰা , ৯ নং ৱাৰ্ডত প্ৰতিমা চুতীয়া আৰু ১০ নং ৱাৰ্ডত যতীন বৈস্যক প্ৰাৰ্থীত্ব প্ৰদান কৰে দলটোৱে। 

শাসক দল বিজেপিৰ সীমাহীন স্বেচ্ছাচাৰী শাসন , চৰকাৰী আঁচনিৰ নামত নিৰ্লজ গেৰুৱাকৰণ ধৰি অজস্ৰ জনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে  এইবাৰ  সমগ্ৰ ৰাজ্যৰ লগতে  ঢকুৱাখনা পৌৰ সভাৰ নিৰ্বাচনতো নগৰবাসীয়ে  গেৰুৱা দলটোক  সমূলঞ্চে উৎখাত কৰিব বুলি কয়।

 দলীয় নেতৃবৰ্গই পৌৰসভাবাসীয়ে এখন নিকা ,স্বচ্ছ , দুৰ্নীতি মুক্ত আৰু জন দায়বদ্ধ  পৌৰ প্ৰশাসন  লাভৰ স্বাৰ্থত নাগৰিক সকলে ভোটাধিকাৰ সাব্যস্ত কৰিৱ বুলি দাবী কৰি ঢকুৱাখনা পৌৰসভাখন  আগন্তুক সময়ত কংগ্ৰেছ দলৰ  নিৰ্বাচিত সংখ্যা গৰিষ্ঠ ৱাৰ্ড সদস্যৰ জৰিয়তে গঠন হ'ব বুলি প্ৰত্যয়েৰে জানিবলৈ দিয়ে ।

assam dhakuakhana