ৰাজহুৱা সিদ্ধান্ত উলংঘা কৰি ১৬টা পৰিয়াল হ'ল সমাজবৰ্জিত

ৰাজহুৱা সিদ্ধান্ত উলংঘা কৰি ১৬টা পৰিয়াল হ'ল সমাজবৰ্জিত

ডিজিটেল সংবাদ, ঢকুৱাখনা:  সামাজিক বান্ধোন  উফৰাই ৰাজহুৱা সিদ্ধান্ত অৱজ্ঞা কৰি ঢকুৱাখনাৰ এখন গাঁওৰ ১৬ টা পৰিয়াল সামাজিক ভাৱে বৰ্জিত হ'ব লগা হৈছে ।  এবছৰ দুবছৰ নহয় অনাদি অনন্ত কাললৈ এই গ্ৰাম্য পৰিয়ালসমূহ গাঁওখনৰ সকলো সমজুৱা অনুষ্ঠান উৎসৱ পাৰ্বনত উপস্থিতি আৰু অংশগ্ৰহণ ৰাজহুৱা ভাবে নিষিদ্ধ ঘোষণা কৰা হৈছে।

এই ৰাজহুৱা নিষিদ্ধকৰণৰৰ কাৰণ হ'ল সমজুৱা নিৰ্দেশনা উলংঘা। ৰাইজৰ  ঐক্যবদ্ধ সিদ্ধান্তৰ বিৰুদ্ধে থিয় দি এখন ৰাজহুৱা সভাৰ সিদ্ধান্তক অৱমাননা।

ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলাগুৰি ,লক্ষীপথাৰ গাঁওৰ ৰাইজৰ দীৰ্ঘদিনীয়া এক জটিল সমস্যা হ'ল চাৰিকড়িয়া নদীৰ চেনেল কাটিঙৰ ওপৰত এখন পকী দলংবিহীন অৱস্থা । প্ৰায় ১৪০ মিটাৰ দৈৰ্ঘৰ এই নদীৰ বুকুত যুগ যুগ ধৰি ৰাইজে এখন বাঁহৰ দলঙেৰে খৰালি আৰু নাৱেৰে বাৰিষা পাৰাপাৰ হৈ আহিছে ।

বিগত সময়ত বহুবাৰ বিধায়ক ,সাংসদ সকলোকে এই স্থানত এখন পকী দলং নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল ভুক্তভোগী দুয়োখন গাঁওৰ ৰাইজে। পিছে ৫ খন পঞ্চায়তৰ যাতায়ত প্ৰধান মেৰুদণ্ড স্বৰূপ কাঠৰবাৰী-ঘিলাগুৰি সংযোগী পথত থকা এই জটিল ৰাজহুৱা সমস্যালৈ গুৰুত্ব নিদিলে  অকমন্য বিধায়ক নব দলে আৰু সাংসদ প্ৰদান বৰুৱাই ।

পৰিণতিত যোৱা ১৯ এপ্ৰিলত অনুষ্ঠিত লোকসভাৰ সাধাৰণ নিৰ্বাচন বর্জনৰ সিদ্ধান্ত লৈছিল গাঁও দুখনৰ ৰাইজে । এখন ৰাজহুৱা সভা পাতি গাঁওবাসীয়ে সৰ্ব সন্মত সিদ্ধান্ত লৈছিল যদি কোনো ব্যক্তিয়ে ৰাজহুৱা সমস্যাৰ সমাধানৰ দাবীত আহ্বায়িত এই ভোট বৰ্জন সিধান্ত অমান্য কৰি নিৰ্বাচনত ভোট দান কৰে তেন্তে তেনে সমাজ পৰিপন্থী ব্যক্তি আৰু পৰিয়ালক গাঁওখনৰ পৰা সামাজিক ভাৱে  অনিৰ্দিষ্ট কাললৈ বৰ্জন কৰিব । এঘৰীয়া কৰিব সকলো ৰাজহুৱা সমাজ আৰু সামাজিক অনুষ্ঠান পাৰ্বনত অংশগ্ৰহণৰ পৰা ।

ৰাইজৰ এই সমূহীয়া সিদ্ধান্ত নিৰ্বাচনৰ দিনা প্ৰকাশ্যে উলংঘা কৰি গাঁওখনৰ একাংশ ভোটাৰে গাঁওখনত অৱস্থিত ঘিলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ ভোট কেন্দ্ৰত সাব্যস্ত কৰিছিল ভোটাধিকাৰ ।  প্ৰাপ্য অনাদায়ৰ প্ৰতিবাদত ভুক্তভোগী ৰাইজে গ্ৰহণ কৰা এই সিদ্ধান্ত গাঁওখনৰ একাংশ ব্যক্তিযে উলংঘা কৰি ভোটদান কৰাটো প্ৰমাণিত হয় গাঁওবাসীৰ পৰ্যবেক্ষণ কালত ।

পৰৱৰ্তী সময়ত ভোটগ্ৰহন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত ভোটকেন্দ্ৰৰ সমীপতে অনুষ্ঠিত হয় ভোটগ্ৰহনৰ দিনাই ৰাজহুৱা সভা । গাঁও উন্নয়ন সমিতি  যুৱ সমাজ আৰু গাঁওখনৰ সকলো ভুক্তভোগী  ৰাইজ উপস্থিত থকা ৰাজহুৱা সভাত ৰাজহুৱা সিদ্ধান্ত অৱজ্ঞা কৰি এটা ৰাজহুৱা সমস্যাৰ প্ৰতি চৰকাৰ , বিধায়ক ,সাংসদৰ বেপৰোৱা মনোভাৱৰ বিৰুদ্ধে গ্ৰহণ কৰা গণতান্ত্ৰিক প্ৰতিবাদৰ বিৰুদ্ধাচৰণ কৰা এনেবোৰ সমাজবিৰোধী ব্যক্তি আৰু পৰিয়ালক সমাজৰ পৰা বৰ্জন কৰাৰ পূৰ্বৰ ৰাজহুৱা  সভাৰ প্ৰস্তাৱ আৰু সৰ্ব সন্মত সিদ্ধান্ত কাৰ্যকৰী কৰাৰ গ্ৰহণ কৰে ।

গাঁওবাসীৰ মাজত বিভাজনৰ বিষ বাষ্প বিয়পাই নিজেই গ্ৰহণ কৰা ৰাজহুৱা সিদ্ধান্ত নিজেই অমান্য কৰি ধনৰ লোভত পৰি ৰাইজৰ বিৰুদ্ধে গতি কৰা গাঁওখনৰ মুঠ ১৭টা পৰিয়ালক সামাজিক ভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত লৈ ৰাতি মাইক যোগে ৰাজহুৱা প্ৰচাৰ কৰে । ৰাইজৰ সমূহীয়া মত হল  নাগৰিকৰ জীৱন সম্পত্তিৰ নিৰাপত্তাহীনতাত ভোগাই অহা এইখন মৰণফাণ্ডৰ পৰা পৰিত্ৰাণ পোৱাৰ স্বাৰ্থত গ্ৰহণ কৰা ৰাজহুৱা সিদ্ধান্ত উলংঘা কৰি গাঁওৰ সামূহিক বান্ধোনত আঘাট হানিছে এইসমূহ পৰিয়ালে ।

হেতুকেই অনিৰ্দিষ্ট কাললৈ এনেবোৰ পৰিয়ালক সামাজিক ভাবে এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ঘিলাগুৰি গাঁওৰ ৰাইজে। ৰাইজে জনোৱা মতে এই সমাজবৰ্জিত পৰিয়াল সমূহৰ সৈতে কোনো ধৰণৰ সামাজিক সম্পৰ্ক গাঁওবাসীৰ লগত নাথাকিব অনাগত সময়ত । ইপিনে ৰাজহুৱা সিদ্ধান্তলৈ আঙুষ্ঠ দেখুৱাই ভোটদান কৰাকলৈ সৃষ্ট মৃদু বাক বিতন্দাকলৈ আৰক্ষীৰো কাষ চাপিছে এক পক্ষ।

ৰাজহুৱা সিদ্ধান্ত উলংঘা কৰি ১৬টা পৰিয়াল হ'ল সমাজবৰ্জিত
কচুৱাৰ বিভিন্ন ঠাইত সুৰেশ বৰাৰ মাৰাথান নিৰ্বাচনী সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in