ঢকুৱাখনাৰ বেপাৰী ঘাটকলৈ বেপৰোৱা ৰাজনীতি কৰিছে কোনে?

ঢকুৱাখনাৰ বেপাৰী ঘাটকলৈ বেপৰোৱা ৰাজনীতি কৰিছে কোনে?

ডিজিটেল সংবাদ, ঢকুৱাখনা: এখন জৰাজীৰ্ণ বাঁহৰ দলং । নদীৰ বুকুৰ বাঁহৰ দুৰ্বল খুঁটাৰ ওপৰত বাঁহৰ কামি পাৰি যাতায়ত অব্যাহত ৰখাৰ বাবে নিৰ্মিত প্ৰায় ২০০ মিটাৰ দৈৰ্ঘৰ গুৰুত্বপূৰ্ণ এইখন দলং । কি খৰালি কি বাৰিষা বছৰটোৰ সকলো সময়তে উপলব্ধ এইখন জৰাজীৰ্ণ বাঁহৰ দলংক ৰচীৰে আতি আতি বান্ধি ৰখা হৈছে দূৰণিৰ গছৰ সৈতে ।

সাধাৰণ ভাৱে খোজ কাঢ়ি গ'লেই ঢলং পলং কৰা এইখন হৈছে ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত কঢ়া নদীৰ ওপৰত অৱস্থিত বেপাৰী ঘাট দলং। এই সৰ্বপৰিচিত বেপাৰী ঘাটকলৈ বেপৰোৱা ৰাজনীতি চলাই আহিছে দুই ৰাজনীতিকে। এই দুই জনপ্ৰতিনিধি হৈছে নৱ দলে আৰু প্ৰদান বৰুৱা ।

এই দুই ৰাজনীতিকৰ দখলত থকা ঢকুৱাখনা উন্নয়ন খণ্ডৰ উত্তৰ ঢকুৱাখনা আৰু ঘিলামৰা উন্নয়ন খণ্ডৰ দেউলিয়া পঞ্চায়তক সংযুক্ত কৰা এইখন গুৰুত্বপূৰ্ণ বিবেচিত বাঁহৰ দলঙে উদঙাই দিছে অমৃত কালৰ উন্নয়ন বিকাশৰ নঙঠা স্বৰূপ। ঢকুৱাখনা মহকুমা সদৰৰ পৰা ঘিলামৰাৰ বিভিন্ন গ্ৰাম্যাঞ্চল শিক্ষানুষ্ঠান ,চৰকাৰী কাৰ্য্যালয়লৈ অতি চমু আৰু কম খৰচি পথ হিচাবে বিগত কেইবা দশক ধৰি ব্যৱহৃত হৈ আহিছে এই পথে । কঢ়া নদীৰ মথাউৰীৰ মহেমাৰী অংশৰ পৰা এই বেপাৰী ঘাট পাৰ হৈ চাকুলি , পুৰণা গোবিন্দপূৰ ,মাহতলী, নলতলী ,বলাহি আদি বিভিন্ন অঞ্চলৰ লগতে ঘিলামৰা সদৰলৈ দৈনিক শ শ ৰাইজ পাৰাপাৰ হৈ আহিছে যুগ যুগান্তৰ ধৰি।

তাৰোপৰি ঢকুৱাখনাৰ বিভিন্ন চহা ৰাইজৰো কৃষি ভূমিলৈ যাতায়তৰ অন্যতম পথ হিচাবে ব্যৱহৃত এই পথটো দশক দশক ধৰি এনেদৰেই ৰজাঘৰীয়াৰ দ্বাৰা উপেক্ষিত অনাদৃত হৈ পৰি ৰৈছে। ঢকুৱাখনা-ঘিলামৰাৰ জনসাধাৰণে বহুবাৰ এই ঘাটৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰাৰ আঁচনি গ্ৰহণ কৰিবলৈ দাবী জনায় আহিছিল সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱ দলেক। পিছে তিনিটাকৈ কাৰ্যকাল শাসন কৰা বিধায়ক নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাৰ মৰঘুমটি নাভাগিল ।

প্ৰতিটো নিৰ্বাচনৰ আগত নিৰ্বাচনী প্ৰচাৰ সভাত এই সমস্যাটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে এইসকল জনপ্ৰতিনিধিয়ে । এই গুৰুত্বপূৰ্ণ পথ আৰু দলংৰ সমস্যা দূৰীকৰণৰ আশ্বাসেৰে ভুক্তভোগী ৰাইজৰ ভোট কুক্ষীগত কৰি আহিছে নব দলেয়ে । কিন্তু এই বেপাৰী ঘাটৰ নামত ৰাজনীতি আৰু প্ৰতাৰণাৰ নির্লজ বেপাৰ চলাই অহা এনেবোৰ সুবিধাবাদীযে গ্ৰাম্য দৰিদ্ৰ জনসাধাৰণৰ মেৰুদণ্ড স্বৰূপ এই দলংখন পকী নিৰ্মাণৰ কোনো আঁচনি অত বছৰে গ্ৰহণ নকৰিলে ।

পৰিণতিত ব্যক্তিগত প্ৰচেষ্টাত বেপাৰী ঘাটত নিৰ্মিত বিপদাপন্ন বাঁহৰ দলংৰ ওপৰেদি দৈনিক ভাড়া ভৰি যাতায়ত কৰিব লাগে নাগৰিকে । ইপিনে বিপদাপন্ন দলংখন পাৰহৈ যি পথ আছে সেয়াও অত্যন্ত বিপদসংকুল । পূৰ্বতে এই পথ চোৱাৰ লগতে দলং সমুহ পকীকৰণ কৰা হৈছিল যদিও ১৯৯৮ চনৰ বিধ্বংসী বানৰ তাণ্ডৱত পৰি এই পথ দলং অস্তিত্বহীন হোৱাত এক অবৰ্ণনীয় যন্ত্ৰণাৰ মাজেৰে যোগাযোগ ৰাখি আহিছে নাগৰিকে।

এই ৰুগ্ন ভগ্ন জৰাজীৰ্ণ পথেৰে কিছুদূৰ গৈ এটা অৰ্ধনির্মিত পথ উপলব্ধ যদিও এই নিৰ্মান কামো সুদীৰ্ঘ দিন ধৰি বন্ধ হৈ থকাত যন্ত্ৰণাৰ সীমা নোহোৱা হৈছে নাগৰিকৰ। ৰাইজৰ দুখ দুৰ্দশালৈ পিঠি দি কেৱল ভাষণৰ ফুলজাৰী মাৰি "আধুনিক ঢকুৱাখনা" নিৰ্মাণৰ দম্ভালি মাৰি অহা নৱ দলে আৰু স্তাৱক বাহিনীৰ এই পথ আৰু দলংখন নিৰ্মাণৰ ক্ষেত্ৰত মুক বধিৰৰ ভাৱে বিধায়কজনৰ দুমুখীয়া চৰিত্ৰ জনদৃষ্টিত উদঙাই দেখাইছে ।

ৰাইজৰ দাবী আগত লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সদাব্যস্ত বেপাৰী ঘাটৰ ওপৰত এখন পকী দলং নিৰ্মানৰ আঁচনি গ্ৰহণ কৰক বিধায়ক আৰু সাংসদে । দশক দশক জুৰি সীমাহীন যন্ত্ৰণাৰ মাজেৰে যাতায়ত কৰি অহা ভুক্তভোগী নাগৰিকে এই জটিল সমস্যাটোৰ স্থায়ী সমাধানৰ বাস্তৱ নমুনা দেখিলেহে এনেবোৰ বেপৰোৱা ৰাজনীতিকৰ পক্ষত থিয় দিব বুলিও প্ৰকাশ্যে জনালে সংবাদ মাধ্যমক । অন্যথাই এনে এটা স্পৰ্শকাতৰ ৰাজহুৱা সমস্যাকলৈ দায়িত্বহীন স্থিতি গঠন কৰি অহা এনেবোৰ প্ৰতাৰক ৰাজনীতিকৰ বিৰুদ্ধে সবল ৰাজহুৱা প্ৰতিবাদ হোৱাৰো ইংগিত পোৱা গ'ল ।

ঢকুৱাখনাৰ বেপাৰী ঘাটকলৈ বেপৰোৱা ৰাজনীতি কৰিছে কোনে?
ভোট গ্ৰহণৰ মাজতে পুনৰ ছত্তিশগড়ত বিক্ষিপ্ত ঘটনা, মাওবাদী নিহত হোৱাৰ সন্দেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in