ঢকুৱাখনাত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ উদ্বোধন…

ঢকুৱাখনাত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ উদ্বোধন…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ উদ্বোধন…

ডিজিটেল সংবাদ, ঢকুৱাখনা : 'আজাদী কা অমৃত মহোৎসৱ , ঘৰে ঘৰে ত্ৰিৰংগা আঁচনি 'ৰ  আধাৰত  ঢকুৱাখনা মহকুমাত সোমবাৰে এটা ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰৰ শুভ উদ্ধোধন কৰা হয় । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত  ত্ৰিবেণী মণ্ডল  সংগঠনৰ সৌজন্যত জ্যোতি গ্ৰাম্য সংগঠনৰ উদ্যোগত ঢকুৱাখনাৰ গোবিন্দপুৰ চাৰি আলিত এই 'ত্ৰিৰংগা  বিক্ৰী কেন্দ্ৰ ' আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয়। 

Advertisment

এই সন্দৰ্ভত আয়োজিত এক অনুষ্টুপিয়া অনুষ্ঠানত ত্ৰিবেণী মণ্ডল সংগঠনৰ সভানেত্ৰী বুলু ফুকন, সম্পাদিকা নীলা মণি শইকীয়া, শিঙিয়া পঞ্চায়তৰ  ৫ টা গ্ৰাম্য সংগঠনৰ  সভানেত্ৰী সম্পাদিকা ,প্ৰতি গোটৰ সদস্য  ,ঢকুৱাখনা উন্নয়ন খণ্ডৰ   অন্তৰ্গত শিঙিয়া  পঞ্চায়তৰ বীমা সখী, বেংক মিত্ৰ, জীৱিকা সখী, কৃষি সখী আৰু পশু সখী সকলৰ  উপস্থিতিত এই বিপনি কেন্দ্ৰৰ ফিটা কাটি উদ্ধোধন কৰে  খণ্ড সমন্বয়ক (বি চি)  মনোজ নেওগ আৰু দীপিকা দলেয়ে । কেন্দ্ৰটোৰ পৰা সুলভ মূল্যত ত্ৰিৰংগা ক্ৰয় কৰিব পাৰিব বুলি জানিবলৈ দিলে সংগঠনটোৱে।

আৰু পঢ়ক:লখিমপুৰ আজাদ বাহপাতি তিনিআলিত ত্ৰিৰংগা প্ৰস্তুত ও বিক্ৰী কেন্দ্ৰ

assam dhakuakhana