কোন দিশে চৰকাৰী শিক্ষা ব্যৱস্থা,এজনীয়া শিক্ষকেৰে চলিছে ২১ খন প্ৰাথমিক বিদ্যালয়…

কোন দিশে চৰকাৰী শিক্ষা ব্যৱস্থা,এজনীয়া শিক্ষকেৰে চলিছে ২১ খন প্ৰাথমিক বিদ্যালয়…

author-image
asomiyapratidin
New Update
কোন দিশে চৰকাৰী শিক্ষা ব্যৱস্থা,এজনীয়া শিক্ষকেৰে চলিছে ২১ খন প্ৰাথমিক বিদ্যালয়…

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  চৰকাৰী খণ্ডৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা সাৰ্বজনীন কৰণ আৰু গুণগত শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে ৰাজ্য চৰকাৰে যিমানেই আঁচনি গ্ৰহণ নকৰক বাস্তৱত এয়া এক চূড়ান্ত প্ৰহসনৰ নামান্তৰ হে মাথোঁ। শিক্ষাৰ্থী অনুপাতে ,বিষয় ভিত্তিত শিক্ষক নিযুক্তিৰ বিষয়টোলৈ পিঠি দি নতুন শিক্ষা নীতি অনুসৰি শিক্ষক শিক্ষাৰ্থীৰ অনুপাতিক হাৰত শিক্ষক নিযুক্তি নিদি যিমানেই চৰকাৰী খণ্ডৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাটোক উত্তৰণৰ স্বাৰ্থত কৰ্মসূচী গ্ৰহণ নকৰক চৰকাৰে সেয়া বাস্তৱত এক অৰণ্যৰোদনলৈহে পতিত হ'ব সেয়া নিশ্চিত ।

Advertisment

লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ এটা গুৰুত্বপূৰ্ণ শিক্ষাখণ্ড হৈছে ঘিলামৰাৰ বৰদলনি প্ৰাথমিক শিক্ষা খণ্ড । ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত এলেকাভুক্ত চৰকাৰী খণ্ডৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয় সমূহক সামৰি গঠিত এই বৰদলনি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ  গ্ৰামাঞ্চলিয় প্ৰাথমিক শিক্ষা ব্যৱস্থাটো চৰকাৰী পৃষ্ঠপোষকতাতে ক্ৰমাৎ অধঃপতনে গতি কৰিছে । প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ চৰকাৰী শ্লোগানৰ কাৰ্যতঃ শ্মশান যাত্ৰা ঘটিছে এই শিক্ষা  খণ্ডটোত ।

চৰকাৰী শিক্ষানুষ্ঠানৰ আন্তঃগাঁঠনি নিৰ্মাণৰ বেলিকা শিক্ষা বিভাগে কোটি কোটি ব্যয় কৰা খণ্ডটোত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ বেলিকা ৰাজ্য চৰকাৰে লৈছে উদাসীন নীতি ।পৰিণতিত বিদ্যালয় গৃহ আছে ,শিক্ষাৰ্থী আছে কিন্তু পৰ্যাপ্ত শিক্ষক নথকাৰ বাবে অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিব লগীয়া হৈছে গ্ৰামাঞ্চলিয় শিক্ষাৰ্থী সকলে । শিক্ষা খণ্ডটোৰ মুঠ ২১ খন প্ৰাথমিক বিদ্যালয় সুদীর্ঘ দিন ধৰি পৰিচালিত হৈ আহিছে মাত্ৰ এজন শিক্ষকেৰে । চৰকাৰী খণ্ডৰ বিদ্যালয়ত প্ৰৱৰ্তিত "ক" শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত মুঠ ৬ টা বিদ্যায়তনিক জীৱনৰ গুৰুত্বপূৰ্ণ শ্ৰেণীৰ প্ৰায় ৫ টাকৈ বিষয় কেৱল এজন মাত্ৰ শিক্ষকেৰে পাঠদান কৰাটো কেৱল চৰকাৰী খণ্ডৰ বিদ্যালয়তে সম্ভৱ হৈছে শিক্ষাগুৰুৰ মূৰত ৰাম টাঙোন মাৰি । 

প্ৰাপ্ত তথ্য মতে,শিক্ষা খণ্ডটোৰ কঁঠালগুৰি প্ৰাথমিক বিদ্যালয় , চামপৰা মুখ প্ৰাথমিক বিদ্যালয়,  ভলুকাগুৰি প্ৰাথমিক বিদ্যালয় , ২ নং লামু গাঁও প্ৰাথমিক বিদ্যালয় ,১ নং পাৰঘাট গাঁও বুঢ়া চুক প্ৰাথমিক বিদ্যালয়, উভতা বালিগাঁও প্ৰাথমিক বিদ্যালয় , গৰৈমাৰী প্ৰাথমিক বিদ্যালয়, মাজ বৰ্ষামুখ বিতছাক প্ৰাথমিক বিদ্যালয়, উজনি ফুকন গাঁও প্ৰাথমিক বিদ্যালয়, ভকত গাঁও প্ৰাথমিক বিদ্যালয়,  হিলৈদাৰী টিং প্ৰাথমিক বিদ্যালয় , বালি পুখুৰী নাথ গাঁও প্ৰাথমিক বিদ্যালয় , ফুকন গাঁও প্ৰাথমিক বিদ্যালয় , ৩৭৩ নং পাৰঘাট প্ৰাথমিক বিদ্যালয় , উদয়পুৰ প্ৰাথমিক বিদ্যালয় , চাৰি সুঁতি মুখ প্ৰাথমিক বিদ্যালয়, চামপৰা ঘাট প্ৰাথমিক বিদ্যালয় , মৰনৈ গাঁও প্ৰাথমিক বিদ্যালয়,  ন সুঁতি কলিগাঁও প্ৰাথমিক বিদ্যালয় , ৫৩৯ নং বগুম গাঁও প্ৰাথমিক বিদ্যালয় ,উজনি কেঁকুৰী প্ৰাথমিক বিদ্যালয়  সুদীর্ঘ কাল ধৰি পৰিচালিত হৈ আহিছে এজনীয়া শিক্ষকেৰে ।

ইয়াৰে ৫৩৯ নং বগুম গাঁও প্ৰাথমিক বিদ্যালয়ত সৰ্বাধিক ৬৪ গৰাকী শিক্ষাৰ্থী , ন সুঁতি কলিগাঁও প্ৰাথমিক বিদ্যালয়ত ৫৬ গৰাকী, চামপৰা মুখ প্ৰাথমিক বিদ্যালয়ত ৬৬ গৰাকী শিক্ষাৰ্থীক এজন শিক্ষকৰ দ্বাৰা প্ৰাথমিক শিক্ষা প্ৰদান কৰি অহা হৈছে। প্ৰশাসনিক কাম কাজ ,মধ্যাহ্ন ভোজন ,বেতন প্ৰস্তুতকে ধৰি সীমাহীন চৰকাৰী ব্যস্ততাৰ মাজতো এই এজনীয়া শিক্ষক সকলে অবিৰত হাৰত  ৫ টাকৈ শ্ৰেণীৰ নিয়মীয়া পাঠদান চলোৱাত কি জীয়া যন্ত্ৰণা ভুগিব লগীয়া হয় তাৰ খবৰ লবলৈ আহৰি নাই শিক্ষা মন্ত্ৰী আৰু বিভাগীয় আমোলা সকলৰ । ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু , লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা প্ৰশাসনৰ জ্ঞাত সাৰেই এনে দৰে মৃত্যুমুখী অৱস্থাৰে শিক্ষা খণ্ডটো বৰ্তি আছে ।  চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ নামত চূড়ান্ত  ভণ্ডামি চলাই অহা শিক্ষা বিভাগৰ এনে দায়িত্বহীনতাত  ঘিলামৰাৰ  গঞা নৱ প্ৰজম্মৰ শৈক্ষিক ভৱিষ্যত কোন দিশে গতি কৰিব সেয়া সহজেই অনুমেয় । এই ক্ষেত্ৰত  ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সংগঠন বুলি দাবী কৰি অহা বিভিন্ন ছাত্ৰ সংগঠনো এনেবোৰ  স্পৰ্শকাতৰ সমস্যাৰ ক্ষেত্ৰত  নিমাত । গ্ৰহণ কৰি আহিছে মুক বধিৰৰ ভূমিকা ।

আৰু পঢ়ক:তালাচী চলাই থকাৰ সময়তে মহিলা আৰক্ষীক মহতিয়াই নিলে পিক আপ ভানে…

assam dhakuakhana