পথ সুৰক্ষা সজাগতাৰ বাণী বিলাই ৮ যুৱকৰ ৰেলী,লক্ষ্য ৪০০ কিলোমিটাৰ অতিক্ৰম….

পথ সুৰক্ষা সজাগতাৰ বাণী বিলাই ৮ যুৱকৰ ৰেলী,লক্ষ্য ৪০০ কিলোমিটাৰ অতিক্ৰম….

author-image
asomiyapratidin
New Update
পথ সুৰক্ষা সজাগতাৰ বাণী বিলাই ৮ যুৱকৰ ৰেলী,লক্ষ্য ৪০০ কিলোমিটাৰ অতিক্ৰম….

ডিজিটেল সংবাদ ,ঢকুৱাখনা  :  পুৱাৰে পৰাই প্ৰচণ্ড উত্তাপ।বাহিৰলৈ উলালেই দেই পুৰি নিয়া প্ৰখৰ ৰ'দ । এনে উৎকট  ৰ'দ আৰু গৰমকো নেওচি ঢকুৱাখনা মহকুমাৰ ৮ গৰাকী  যুৱকে ৪০০ কিলোমিটাৰ পথ অতিক্ৰমি জনসজাগতা সৃষ্টিৰ এক অনুকৰণীয় প্ৰয়াস গ্ৰহণ কৰিছে।

Advertisment

  সাম্প্ৰতিক সময়ত ব্যক্তিগত আৰু বাণিজ্যিক  যান বাহনৰ অনিয়ন্ত্ৰিত গতি আৰু চালক পথচাৰীৰ অসাৱধানতাই মানৱ জীৱনলৈ নমাই অনা ভয়ানক প্ৰত্যাহ্বান নিয়ন্ত্রন কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এই প্ৰচেষ্টা যুৱক কেইগৰাকীৰ । ৰাজপথত চলাচলৰ  সুৰক্ষাজনিত  দিশলৈ  পিঠি দি অব্যাহত থকা বিপদসংকুল যাতায়তৰ বাবে দৈনিক ব্যাপক হাৰত জীৱন হানি হৈ অহাৰ পৰিপ্ৰেক্ষিতত  পথ সুৰক্ষাজনিত জন সজাগতা সৃষ্টিৰ লক্ষ্যৰে ঢকুৱাখনা মহকুমাৰ ৮ গৰাকী যুৱকে গ্ৰহণ কৰিছে এক চাইকেল ৰেলী ।

মহকুমাটোৰ বেবেজিয়া অঞ্চলৰ বাসুদেৱ তিনিআলিৰ পৰা শুক্ৰবাৰে পুৱা ৬ বজাত এই সজাগতামূলক চাইকেল যাত্ৰা আৰম্ভ কৰিছে যুৱক কেইজনে। মূলতঃ পথ সুৰক্ষাজনিত জন সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই চাইকেল যাত্ৰা শুভাৰম্ভ কৰি যাত্ৰা কালত উজনি অসমৰ শিৱসাগৰ ,চৰাইদেও , যোৰহাট , গোলাঘাট ,মাজুলী আদি জিলাৰ প্ৰায় ৪০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি পুনৰ ঢকুৱাখনাত সামৰণি মাৰিব । যাত্ৰা কালত বিভিন্ন অঞ্চলত সজাগতামূলক পথ সভা অনুষ্ঠিত কৰিব বুলিও জানিবলৈ দিলে যুৱক কেইজনে ।

তাৰোপৰি স্বাভাৱিক জীৱনযাত্ৰাত ইন্ধনচালিত বাহনৰ পৰিবৰ্তে চাইকেল ব্যৱহাৰৰ প্ৰয়োজনীয়তা আৰু নিজকে নিৰোগী আৰু স্বাস্থ্যবান  কৰি ৰখাত চাইকেল চলোৱাৰ প্ৰাসংগিকতা দোহাৰি এই ক্ষেত্ৰতো সজাগতা বৃদ্ধিৰ প্ৰয়াস চলাব বুলি যুৱক কেইজনে জনালে সংবাদ মাধ্যমক। যিসময়ত ৰাজভঁৰালৰ বিশাল পুঁজি ব্যয়ৰে পৰিবহন বিভাগে পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰি  চৰকাৰী পুঁজি অপচয় কৰি আহিছে তেনে সময়তে ঢকুৱাখনা মহকুমাৰ এইকেইগৰাকী উদীয়মান নৱ প্ৰজন্মৰ নিজাববীয়া এনে পদক্ষেপ নিশ্চিতভাৱেই প্ৰশংসনীয় আৰু অনুকৰণীয় হিচাবে বিবেচিত হৈছে ।

আৰু পঢ়ক:ৰাজ্যৰ ২ হাজাৰ স্থানত একেলগে আৰম্ভ হ'ল কোভিড-১৯ ভেকছিন অমৃত মহোৎসৱ…

assam dhakuakhana