ঢকুৱাখনা বালিকা মহাবিদ্যালয় কৰ্মচাৰীৰ বিয়োগ …

ঢকুৱাখনা বালিকা মহাবিদ্যালয় কৰ্মচাৰীৰ বিয়োগ …

author-image
asomiyapratidin
New Update
ঢকুৱাখনা বালিকা মহাবিদ্যালয় কৰ্মচাৰীৰ বিয়োগ …

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা বালিকা মহাবিদ্যালয়ৰ  প্ৰতিষ্ঠাকালীন  চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ,১ নং বানতৌ গাঁও নিবাসী , ধৰ্মপ্ৰাণ ব্যক্তি তথা  ঢকুৱাখনাৰ সাংবাদিক অৰুণ চমুৱাৰ পিতৃ  বুধিৰাম চমুৱা (৫৯)ৰ বুধবাৰে পুৱতি নিশা নগৰৰ নৱ কাঠৰবাৰী গাঁওস্থিত অস্থায়ী বাসগৃহত দেহাবসান ঘটে ।

Advertisment

যোৱা কিছুদিন ধৰি মধুমেহ আৰু যকৃৎৰ ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ স্ব গৃহলৈ উভতি অহা  মিষ্টভাষী , ধৰ্মপ্ৰাণ ব্যক্তি তথা বালিকা মহাবিদ্যালয়খনৰ নিষ্ঠাবান, কৰ্তব্য পৰায়ন কৰ্মচাৰী গৰাকী যোৱা নিশা শেতেলীত পৰাৰ পাছতে নিদ্ৰাৰত অৱস্থাতে বৈকুণ্ঠগামী হয় ।

  পুৱা আত্মীয় স্বজনে নিথৰ দেহ উদ্ধাৰ কৰি পৰিয়াল পৰিজন, অসংখ্য গুণমুগ্ধ , ঢকুৱাখনা মহাবিদ্যালয় পৰিয়ালৰ উপস্থিতিত  কৰ্মচাৰী গৰাকীৰ অন্তিম ইচ্ছা অনুসৰি মহাবিদ্যালয় ভূখণ্ডতে অন্তিম সৎকাৰ কৰা হয়  ।  লোক জনৰ মৃত্যুক বিভিন্ন ব্যক্তি ,সংগঠনে গভীৰ শোক ব্যক্ত কৰিছে । লগতে শোকাসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি বিদেহ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তিৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছে । 

assam dhakuakhana