/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/Capture-5.png)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ মাতমৰা পঞ্চায়তৰ একৰিয়া অঞ্চলত শুকুৰবাৰে মিচিং জনগোষ্ঠীয় ৰাইজৰ কৃষি ভিত্তিত উৎসৱ আলি আয়ে লৃগাংৰ লৃলেং পৰ্ব সম্পন্ন কৰা হয় । ফাগুন মাহৰ প্ৰথমটো বুধবাৰে জনগোষ্ঠীয় ৰাইজে উদযাপন কৰা কৃষি ভিত্তিত উৎসৱ লৃগাংৰ লৃলেং অনুষ্ঠান একৰিয়া গাঁওৰ ৬ খন চুবুৰীৰ কৃষিজীৱী ৰাইজ একত্ৰিত হৈ শুকুৰবাৰে উদযাপন কৰে ।
পুৱাৰ পৰা গাঁওৰ ৬ খন চুবুৰীৰ ২০০ শতাধিক বুঢ়া মেঠা , পুৰুষ মহিলা , যুৱক যুৱতী সকলো একত্ৰিত হৈ একৰিয়া গাঁও মুৰং অক্কুমত সমবেত হয় । উদযাপন সমিতিৰ সভাপতি তথা 'গাম' উলেং পেগু , সম্পাদক দিলীপ দলে , সাংগঠনিক সম্পাদক ৰোহিত দলে আদিৰ উদ্যোগত গাওঁখনৰ ২০ গৰাকী বৰ্ষীয়ান ব্যক্তিক গাঁওখনৰ পৰা লৃলেং স্থলীলৈ আদৰি আনে সাংস্কৃতিক পৰম্পৰাৰে । পাছত সামূহিক ভাবে ধৰ্মীয় পৰম্পৰা অনুসৰি লৃলেং পৰ্ব সম্পন্ন কৰে "গাম" তথা উদযাপন সমিতিৰ সভাপতি উলেং পেগুৱে ।
অঞ্চলটোৰ কেইবা শতাধিক জনগোষ্ঠীয় ৰাইজে স্বকীয় স্বাভিমানী জাতীয় সাজ পাৰ পৰিধান কৰি সামূহিক ভাবে গুমৰাগ ছমানত মতলীয়া হয় । জনগোষ্ঠীটোৰ নিজস্ব সাংস্কৃতিক বৈভবেৰে পৰিপুষ্ট অঞ্চলটোৰ ৰাইজে স্বকীয় শৈলীৰে প্ৰস্তুত কৰা বিভিন্ন ব্যঞ্জনৰ খাদ্য সম্ভাৰ খাই অভ্যাগত সকলকো খুৱাই আনন্দ উল্লাসত মতলীয়া হয় । অনাগত সময়ত কৃষি ভূমি অধিক উৰ্বৰ আৰু শস্য শ্যামলা হৈ উঠাৰ বাবে দয়ী প'ল'ৰ ওচৰত প্ৰাৰ্থনা জনায় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us