ঢকুৱাখনাত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি শিক্ষক নামিছে  প্ৰচাৰ সভাত

ঢকুৱাখনাত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি শিক্ষক নামিছে  প্ৰচাৰ সভাত

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি শিক্ষক নামিছে  প্ৰচাৰ সভাত

ডিজিটেল সংবাদ,ঢকুৱাখনা: শাসকীয় ৰাজনৈতিক দলৰ বিধায়কৰ ঘনিষ্ঠ হোৱাৰ অচিলাৰে নিৰ্বাচন আয়োগৰ কঠোৰ নীতি নিৰ্দেশনালৈকো কেৰেপ নকৰা হৈছে ঢকুৱাখনাৰ এগৰাকী মহা প্ৰতাপী শিক্ষক ৰূপী ৰাজনৈতিক নেতাই। এহাতে শিক্ষকতা বৃত্তিৰে চৰকাৰী বেতনভোগ কৰি অন্যহাতে  শাসক দল বিজেপিৰ  ঢকুৱাখনা মণ্ডল সমিতিৰ সভাপতি পদত অধিষ্ঠিত হৈ সমান্তৰাল ভাৱে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে এই গৰাকী সৰ্ব শক্তিমান ব্যক্তিয়ে । ব্যক্তিজন হৈছে সুনীল দলে ।

পূব ঢকুৱাখনা পঞ্চায়তৰ বাহিৰ কপছান গাঁৱৰ নিবাসী দলে বৃত্তিগত ভাবে যোগীসুঁতি কনেং উচ্চ মাধ্যমিক বিদ্যালয়ৰ  প্ৰধান শিক্ষক । শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষকৰ দৰে মুৰব্বীৰ দায়িত্ব বহন কৰাৰ সমান্তৰাল ভাৱে এইগৰাকী  ব্যক্তিয়ে ঢকুৱাখনা  মণ্ডল বিজেপিৰো  সভাপতিৰ দৰে গুৰু দায়িত্ব বহন কৰি আহিছে  সুদীৰ্ঘ দিন ধৰি ।

শেহতীয়া ভাৱে এইগৰাকী প্ৰতাপী প্ৰধান শিক্ষকে  অসম নিৰ্বাচনী আয়োগৰ কঠোৰ নিৰ্বাচনী আচৰণ বিধি মুকলি ভাবেই উলংঘা কৰি ধাৰাবাহিক ভাবে ঢকুৱাখনা পৌৰ সভা নিৰ্বাচনৰ নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি আহিছে। নিৰ্বাচনী বিধি ব্যৱস্থালৈ আংগুষ্ঠ দেখুৱাই বিধায়ক নৱ দলেৰ  সতে একেখন মঞ্চত বহি  ঢকুৱাখনা পৌৰ সভাৰ প্ৰতিখন ৱাৰ্ডৰ  দলীয় প্ৰাৰ্থীৰ হৈ অবিৰত নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে  প্ৰধান শিক্ষক সুনীল দলেয়ে ।

নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনাক  ঢকুৱাখনা জিলা নিৰ্বাচনী বিষয়াৰ চকুৰ আগতে পদপিষ্ট কৰিবলৈ ধৃষ্টতা প্ৰদৰ্শন কৰি অহা এইগৰাকী শিক্ষক ৰূপী ৰাজনীতিকৰ এনে  উৰ্ধবাহু নৃত্যত লেকাম লগাবলৈ নিৰ্বাচনী বিভাগে সাহস কৰা নাই  কস্মিন কালেও । যোৱাটো বিধানসভাৰ নিৰ্বাচনৰ সময়তো এগৰাকী ৰাজনৈতিক নেতা হিচাপে মুকলি ভাবেই নৱ দলেৰ হৈ প্ৰচাৰ অভিযান চলোৱা  এইগৰাকী গেৰুৱা নেতাৰ বিৰুদ্ধে  লিখিত অভিযোগ প্ৰামানিক তথ্য সহ ঢকুৱাখনা জিলা নিৰ্বাচনী  বিষয়াক দাখিল কৰাৰ পাছতো প্ৰশাসনে কেৱল শাসক দলৰ হোৱা বাবে গ্ৰহণ কৰিছিল নিৰ্লজ পক্ষপাত দুষ্ট ভূমিকা ।

বিধায়ক নৱ দলে আৰু শাসক দলৰ শক্তিৰে মহা শক্তিমান হৈ উঠি ৰজা বহি ৰজা হোৱা এইগৰাকী মণ্ডল সভাপতিয়ে  সমাগত ঢকুৱাখনা পৌৰ সভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানটো  বীৰদৰ্পে নামি পৰিছে। নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ  কৰি দিয়া  আচৰণ বিধিলৈ কেৰেপ নকৰি ইখনৰ পাছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা  প্ৰধান শিক্ষক দলেৰ এনে দাম্ভিক আৰু নীতি বৰ্হিভূত কাণ্ডৰ বিৰুদ্ধে প্ৰামানিক তথ্য  সহ বুধবাৰে ৰাজ্যিক নিৰ্বাচনী বিষয়া , জিলা নিৰ্বাচনী বিষয়া গুৰনেল সিংক অভিযোগ দাখিল কৰিছে ঢকুৱাখনা ব্লক কংগ্ৰেছ দলৰ তৰফৰ পৰা।

তাৰোপৰি ঢকুৱাখনা পৌৰ নিৰ্বাচনৰ পৰ্যবেশক, লখিমপুৰ জিলা উপায়ুক্ত আদি সকলো দায়িত্বশীল পক্ষলৈ  এই অভিযোগ প্ৰেৰণ কৰি  ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াই এইগৰাকী চৰকাৰী কৰ্মচাৰীয়ে ভংগ কৰা নিৰ্বাচনী আচৰণ বিধিৰ সন্দৰ্ভত তদন্ত কৰি বিধিগত শাস্তি বিহাৰ দাবী জনাইছে ।  নিৰ্বাচনী আৰু  প্ৰশাসনীয় নিৰপেক্ষতা  অটুট ৰখাৰ ক্ষেত্ৰত জিলা নিৰ্বাচনী বিষয়াই কি কঠোৰ স্থিতি গ্ৰহণ কৰে সেয়া আগত সময়ত লক্ষণীয় হ'ব ।

assam dhakuakhana