ঢকুৱাখনাত ৰাজহুৱা বিচাৰৰ নামত দম্পত্তিক নিৰ্যাতন…

ঢকুৱাখনাত ৰাজহুৱা বিচাৰৰ নামত দম্পত্তিক নিৰ্যাতন…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত ৰাজহুৱা বিচাৰৰ নামত দম্পত্তিক নিৰ্যাতন…

ডিজিটেল সংবাদ, ঢকুৱাখনা :  আইন আদালত বাদ পৰিল। এইবাৰ ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত এক দম্পত্তিৰ ওপৰত চলিল ৰাইজৰ আদালতত  বিচাৰ।  য'ত  নিৰ্মম ভাবে দণ্ডিত কৰা হ'ল এক নিৰীহ দম্পত্তিক। ঘটনাটো ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত আখৈফুটীয়া গাঁৱৰ । গাঁওখনৰ কমল বৰা আৰু তেওঁৰ পত্নীক শুকুৰবাৰে ৰাইজৰ আদালতত হাজিৰ কৰি আৰম্ভ হ'ল বিচাৰ প্ৰক্ৰিয়া। আখৈফুটীয়া গাঁও হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৰাইজৰ মেলত উপস্থিত একাংশ মহিলাৰ অভিযোগ কমল বৰাৰ পত্নীয়ে স্বামীক এৰি ইতিপূৰ্বে  অন্য পুৰুষলৈ দুবাৰকৈ বিয়া  হৈ পুনৰ  এতিয়া আখৈফুটীয়া গাঁৱৰ কমল বৰালৈ ঘূৰি আহিছে । 

Advertisment

মন গ'লেই পৰ পুৰুষলৈ বিয়া হৈ পুনৰ বহু দিন বিৰতিৰ পাছত পূৰ্বৰ স্বামীৰ ঘৰলৈ  উভতি আহে । মহিলাগৰাকীৰ এনে দৃষ্টিকটু স্বভাৱে গাঁওখনৰ সামাজিক পৰিবেশ কলুষিত কৰিছে । তাৰোপৰি মহিলা গৰাকীয়ে গাঁৱখনৰ বহু মহিলাৰ ওপৰত সন্মান হানিকৰ মন্তব্য কৰি একাংশ মহিলাৰ ওপৰত মনেসজা অপযশ জাপি দিছে। এনে অভিযোগৰ ভিত্তিত আৰম্ভ হোৱা গাঁওখনৰ একাংশ মহিলাৰ আদালতত কমল বৰা আৰু পত্নীৰ ওপৰত একাংশ মহিলাই অসহিষ্ণু হৈ আৰম্ভ কৰে শাৰীৰিক নিৰ্যাতন, গণ প্ৰহাৰ ।

উভয় পক্ষৰ মাজত  বহু সময় ধৰি অব্যহত থকা মাৰপিত আৰু ৰাজহুৱা বিচাৰ প্ৰক্ৰিয়াই উত্তেজনাময় পৰিবেশৰ ৰূপ লয় । পাছত স্বামী কমল বৰা আৰু পত্নীক স্ব-গৃহলৈ প্ৰেৰণ কৰা হয়  আৰু বিচাৰ প্ৰক্ৰিয়া আধৰুৱা হৈ ৰয় । ৰাইজে সাংবাদ মাধ্যমক সামাজিক পৰিবেশ বিনষ্ট কৰা এই  পৰিয়ালটোৰ বিৰুদ্ধে শীঘ্ৰে ৰাজহুৱা সিদ্ধান্ত লোৱা হ'ব বুলি জানিবলৈ দিয়ে।  উত্থাপিত অভিযোগৰ সত্য সত্যতা যিয়েই নহওঁক ৰাজহুৱা বিচাৰৰ নামত বাচ বিচাৰ নকৰাকৈ এনে প্ৰচণ্ড শাৰীৰিক নিৰ্যাতন চলোৱাটো কিমান বিধিসন্মত তাক লৈ  উত্থাপিত হৈছে গুৰুতৰ প্ৰশ্ন ।

আৰু পঢ়ক : ড্ৰাগছৰ বিৰুদ্ধে বঙাইগাঁৱত আৰক্ষীৰ অভিযান…

assam Assam police himanta biswa sarma dhakuakhana