মিচিং জাতীয় সংগঠনৰ ঢকুৱাখনা নগৰ সমিতি গঠন-শপত গ্ৰহণ

মিচিং জনগোষ্ঠীৰ অন্যতম জাতীয় সংগঠন মিচিং সংগ্ৰাম সমিতি আৰু সদৌ মিচিং মহিলা সমিতিৰ ঢকুৱাখনা নগৰ সমিতি দুখন গঠন কৰাৰ পৰৱৰ্তী সময়ত বুধবাৰে শপত বাক্য পাঠ কৰোৱা হয়।

author-image
Asomiya Pratidin
New Update
মিচিং জাতীয় সংগঠনৰ ঢকুৱাখনা নগৰ সমিতি গঠন-শপত গ্ৰহণ

ডিজিটেল সংবাদ, ঢকুৱাখনা:  মিচিং জনগোষ্ঠীৰ অন্যতম জাতিয় সংগঠন মিচিং  সংগ্ৰাম সমিতি আৰু সদৌ মিচিং মহিলা সমিতিৰ ঢকুৱাখনা নগৰ সমিতি দুখন  গঠন কৰাৰ পৰৱৰ্তী সময়ত বুধবাৰে শপত বাক্য পাঠ কৰোৱা হয়।  ঢকুৱাখনা নগৰৰ জনজাতি কৃষ্টি ভৱন প্ৰাংগণত বুধবাৰে বিয়লি এইসন্দৰ্ভত  অনুষ্ঠিত সভাত নব নিৰ্বাচিত নগৰ সমিতি দুখনৰ সমূহ বিষয়ববীয়াৰ উপস্থিতিত শপত বাক্য পাঠ কৰাই জিলা  মিচিং মিমাগ কৌবাংৰ সভাপতি দ্বীপেন দলেয়ে ।

Advertisment

কৌবাংৰ  সম্পাদক মোহন পেগুৱে উদ্দেশ্য ব্যাখ্যা কৰি আঁত ধৰা শপত গ্ৰহণ অনুষ্ঠানত সদৌ মিচিং ছাত্ৰ সন্থা , মিচিং সংগ্ৰাম সমিতি আৰু সদৌ মিচিং মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ক্ৰমে ৰাজীৱ দলে , যতীন পেগু,  , ক্ষীৰোদ পেগু , দীপাঞ্জল দলে , সৰলা পেগু , পূৰ্ণিমালা পাতিৰ ,দীপালি লাগাচু ,ৰিংকু মণি দলে, ঢকুৱাখনা আঞ্চলিক পঞ্চায়তৰ সভাপতি শিৰোমণি দলে , ভূপেন দলে ,বৃগেন দলে , যতীন পেগু , মোহন পেগু ,  দ্বীপেন দলে , লক্ষ্য নাথ দলে , অমৰজিত দলে আদি উপস্থিত থাকে ।

সভাত সাম্প্ৰতিক সময়ত জাতিয় সংগঠনৰ  কৰণীয়তা আৰু এখন প্ৰগতিশীল সমাজ আৰু সুস্থ সবল শৈক্ষিক সামাজিক পৰিবেশ গঢ় দিয়াত নৱ নিৰ্বাচিত সমিতি সমূহৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত পৰামৰ্শমূলক বক্তব্য আগবঢ়াই মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তথা জাতিয় সংগঠন মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল পেগু আৰু জিলা পৰিষদ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়ে ।

সভাত নৱ নিৰ্বাচিত নগৰ এম এম কেৰ সভাপতি সঞ্জয় পেগু ,সম্পাদক গণেশ কুটুম , টি এম এম কেৰ সভানেত্ৰী দীপালি লাগাচু দলে ,সম্পাদিকা ৰিংকু মণি দলে পেগু সহ সমূহ কৰ্মকৰ্তা বিশিষ্ট সমিতি দুখনে জন দায়বদ্ধতাৰে জাতিয় দায়িত্ব কৰ্তব্য পালন কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে ।

assam dhakuakhana