/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/ddadada.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ধেনুখনা হিলৈদাৰী গাঁওৰ অত্যন্ত মিষ্টভাষী অমায়িক যুৱক পিংকু গগৈক খুব পৰিকল্পিত ভাৱে হত্যা কৰা হৈছে । এই আশংকা পিংকুৰ শুভাকাংক্ষী গঁঞাৰ ।
একে গাঁৱৰে সমনীয়া প্ৰয়াত বীৰেন গগৈৰ পুত্ৰ চিৰাজ গগৈৰ আমন্ত্ৰণ ক্ৰমে খানা খাবলৈ কৰ্মক্ষেত্ৰ শিৱসাগৰৰ "মেট্ৰিক্স ফাৰ্মাচী"ৰ পৰা ঢপলিয়াই আহি অৱশেষত চিৰদিনৰ বাবে স্থবিৰ হৈ পৰা কষ্ট সহিষ্ণু যুৱক পিংকুৰ এনে অস্বাভাৱিক মৃত্যুৰ বাতৰিয়ে সমগ্র ঘিলামৰা অঞ্চলতে শোকৰ বন্যা বোৱাইছে ।
পিংকুৰ মৃতদেহ উদ্ধাৰ হোৱা স্থান , কেৱল মূৰ আৰু থুতৰিত গুৰুতৰ আঘাতৰ চিন , পিংকুৱে চলাই অহা টি ভি এছ বাইকখনত সামান্যতমো ক্ষতি নোহোৱা ,বাইকত পথ দুৰ্ঘটনাৰ দাগ নথকা , পিংকুৰ ৱালেট উদ্ধাৰ নোহোৱা , বাইকখনৰ চাবি পিংকুৰ পকেটত উদ্ধাৰ হোৱা আৰু নাতি দূৰৈত এটা পৰিত্যক্ত অৱস্থাত হেলমেট উদ্ধাৰ হোৱা ( যিটো পিংকুৰ নহয়) আদি বিভিন্ন আপত্তিজনক "ক্লু"ৱে এয়া যে এক পৰিকল্পিত হত্যাকাণ্ড তাক সৱল ৰূপত প্ৰতিষ্ঠা কৰিছে ।
মূৰৰ পাছফালে আৰু থুতৰিত প্ৰচণ্ড আঘাটৰ বাহিৰে দেহৰ কোনো অংশত পথ দুৰ্ঘটনাত পতিত হোৱাৰ নূন্যতম আঘাত আৰু আহতৰ চিন উপলব্ধ নোহোৱা কথাই গধুৰ সামগ্ৰীৰে প্ৰাণনাশী জোৰত কৰা প্ৰহাৰৰ আঘাটত নিৰ্জু যুৱকজনৰ প্ৰাণ হানি হোৱাৰ আশংকা কৰা হৈছে ।
ঘিলামৰা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাত পঞ্জীভূত গোচৰ (নং ৫৫/২০২২) ৰ তদন্তকাৰী জ্যেষ্ঠ উপ পৰিদর্শক হেমন্ত কোঁৱৰে ক্ষীপ্ৰ গতিত আগবঢ়াই নিছে প্ৰকৃত কাৰণ উদ্ধাৰত । তদন্তকাৰী আৰক্ষী বিষয়া কোঁৱৰে উক্ত অভিশপ্ত নিশা আয়োজিত "খানা" ত উপস্থিত থকা মুঠ ৫ গৰাকী যুৱকক থানালৈ আনি জেৰা অব্যাহত ৰাখিছে। লগতে স্থানীয় দুগৰাকী যুৱককো আটক কৰি চলাই আছে জেৰা । এখন ৱাইন বাৰৰ চি চি টি ভিৰ ফুটেজ পৰীক্ষণ কৰিছে তদন্তকাৰী আৰক্ষীয়ে ।
আৰক্ষীৰ তদন্ত আৰু জেৰাই সঠিক দিশত আগবাঢ়িছে বুলি জনা গ'ল। গাঁওখনৰ ৰাস মহোৎসৱত নিয়মীয়া ভাবেই "বকাসুৰ" ভাও লৈ দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হোৱা এই সৰলমনা যুৱকজনৰ এনে অস্বাভাৱিক মৃত্যু নিশ্চিতভাৱে হত্যাকাণ্ড বুলি পতিয়ন গৈ শুকুৰবাৰে দুপৰীয়া গাঁওখনৰ অৰ্ধশতাধিক মহিলা , যুৱ সমাজ থানালৈ আহি হত্যাকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনায় আৰক্ষী বিষয়াক।
পৰিকল্পিত ভাৱে হত্যা কৰি পথ দুৰ্ঘটনাৰ কৃত্ৰিম ৰূপ দিবলৈ চেষ্টা কৰা হত্যাকাৰী চক্ৰটোৰ এনে বৰ্বৰ কাণ্ড সন্দৰ্ভত উক্ত অভিশপ্ত নিশা উপস্থিত সংগী সকলক নিছিদ্ৰ জেৰা কৰিলেই হত্যাকাৰীৰ পৰিচয় ওলাই পৰিব বুলি একাংশ ৰাইজে জানিবলৈ দিছে । ৰাইজৰ দাবী প্ৰতিপত্তিশীল ধনাঢ্য পৰিয়ালৰ ধনৰ জোৰত যাতে নিৰীহ পিংকুৰ নৰহত্যাকাৰীয়ে মুকলি আকাশৰ তলত সদম্ভে থাকিব নোৱাৰে তাৰ সঠিক বিচাৰ আৰক্ষীয়ে কৰক ।
উল্লেখ্য যে ক্ষুধা পূৰণৰ তাগিদাত নহয় বিশ্বাসী সমনীয়াৰ স'তে এসাঁজ ভাত খাবলৈ শিৱসাগৰ জিলাৰ পৰা দৌৰি আহি অতি ভদ্ৰ আৰু নম্ৰ স্বভাৱৰ পিংকুৱে চিৰকালৰ বাবে নীৰৱে নিঃসহায় অৱস্থাৰে পৰলোকলৈ গতি কৰা মৰ্মান্তিক দুঃসংবাদৰ শোকৰ বন্যাই আজিও আচ্ছন্ন কৰি ৰাখিছে ধেনুখণা হিলৈদাৰী গাঁওৰ পিংকুৰ জন্মস্থান ঘৰখনৰ লগতে কৰ্মথলী শিৱসাগৰ সদৰত। ইতিমধ্যে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত শেষকৃত্য সম্পন্ন কৰা হৈছে শোকাকূল পৰিৱেশত ।
আৰু পঢ়ক: পৰীক্ষাৰ বহি পুনৰীক্ষণ, হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ দৰঙৰ অবিনাশ চহৰীয়াৰ