বিজেপিৰ দখলত ঢকুৱাখানা পৌৰসভা, কোন ক’ত জিকিল ? সম্পূৰ্ণ ফলাফল…

বিজেপিৰ দখলত ঢকুৱাখানা পৌৰসভা, কোন ক’ত জিকিল ? সম্পূৰ্ণ ফলাফল…

author-image
asomiyapratidin
New Update
মাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি

প্ৰতীকি ফটো

ডিজিটেল সংবাদ,ঢকুৱাখনা:  এক প্ৰকাৰৰ বিৰোধী ৰাজনৈতিক শক্তিৰ চৰম বিপৰ্যয় ঘটিল ঢকুৱাখনা পৌৰ যুঁজত।  শাসক দল বিজেপিয়ে ঢকুৱাখনা পৌৰ সভাৰ মুঠ ১০ টা ৱাৰ্ডৰ ভিতৰত ৯ টা ৱাৰ্ড  কুক্ষীগত কৰি একক সংখ্যা গৰিষ্ঠতাৰে পৌৰ সভা গঠনৰ মহাশক্তি অর্জন কৰিলে। 

Advertisment

বুধবাৰে অনুষ্ঠিত হোৱা  পৌৰ যুঁজৰ ভোট গণনা কালত ১নং ৱাৰ্ডৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী বগেন কোঁৱৰ  , গেৰুৱা দলটোৰ  ২ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী গুনলতা কুটুম , ৩নং ৱাৰ্ডৰ প্ৰাৰ্থী সংগীতা বৰুৱা, ৪নং ৱাৰ্ডৰ প্ৰাৰ্থী মাণিক বৰুৱা , ৫ নং ৱাৰ্ডৰ প্ৰাৰ্থী  তিলেন দাস ,৬ ৱাৰ্ডৰ প্ৰাৰ্থী স্বৰূপ কোঁৱৰ , ৭ নং ৱাৰ্ডৰ প্ৰাৰ্থী চন্দ্ৰমা গগৈ , ৮ নং ৱাৰ্ডৰ প্ৰাৰ্থী দিপালি দাস , ৯নং ৱাৰ্ডৰ প্ৰাৰ্থী অপৰূপা দিহিঙীয়া দত্ত আৰু ১০ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী ৰাজীৱ দাসে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ।  বিৰোধী ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুঠ ১০ গৰাকী  আৰু  ৰাইজৰ দলৰ এগৰাকী প্ৰাৰ্থীয়ে এই পৌৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিলে ।

তাৎপৰ্য পূৰ্ণ ভাবে ১ নং ৱাৰ্ডটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ দলৰ মনোজ গগৈ পৰাজিত হোৱাৰ বিপৰীতে  নিৰ্দলীয় প্ৰাৰ্থী বগেন কোঁৱৰে  শেষ হাঁহি মাৰিবলৈ সক্ষম হয় । ঢকুৱাখনা পৌৰ যুঁজত বিৰোধী শূণ্য হোৱাৰ উল্লাসত আৰু গেৰুৱা দলৰ একক সংখ্যা গৰিষ্ঠতা অৰ্জনৰ গৌৰৱত ঢকুৱাখনা বিজেপিত আনন্দৰ বন্যা বৈছে ।  শাসক দলটোৰ এনে একক বিজয়ত দলীয় নেতৃবৰ্গৰ লগতে সমৰ্থক সকলে ভোট গণনা কেন্দ্ৰৰ বাহিৰত আৰু দলীয় কাৰ্য্যালয়ত  ফটকা আটছবাজী ফুটাই আবতৰিয়া দেৱালীৰ সৃষ্টি কৰে।

assam municipal election bjp