অগপলৈ মাত্ৰ এটা ৱাৰ্ড এৰি ঢকুৱাখনাত বিজেপিৰ ৯জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ…

অগপলৈ মাত্ৰ এটা ৱাৰ্ড এৰি ঢকুৱাখনাত বিজেপিৰ ৯জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ…

author-image
asomiyapratidin
New Update
অগপলৈ মাত্ৰ এটা ৱাৰ্ড এৰি ঢকুৱাখনাত বিজেপিৰ ৯জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ…

ডিজিটেল সংবাদ,ঢকুৱাখনা: বহু প্ৰতীক্ষাৰ অন্তত মঙলবাৰে ঢকুৱাখনা পৌৰ সভাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে বিজেপি দলে । ঢকুৱাখনাত মিত্ৰ দল অসম গণ পৰিষদলৈ মাত্ৰ ১টা ৱাৰ্ড এৰি দি ১০টা ৱাৰ্ডৰ ৯টাতেই প্ৰাৰ্থীত্ব প্ৰদান কৰে বিজেপিয়ে । 

Advertisment

বিজেপি ঢকুৱাখনা জিলা সমিতি ,মণ্ডল সমিতি , স্থানীয় বিধায়ক নৱ দলেৰ নিৰন্তৰ পৰ্যালোচনাৰ অন্তত পৌৰ সভাৰ এক নং ৱাৰ্ডটো মিত্ৰ দল অগপলৈ এৰি দি বাকী ৯ টা ৱাৰ্ডত গেৰুৱা দলে নিজৰ প্ৰাৰ্থীত্ব ঘোষণা কৰিছে।

সেই অনুসৰি গেৰুৱা দলটোৱে  ২নং ৱাৰ্ডত গুনলতা কুটুম , ৩নং ৱাৰ্ডত সংগীতা বৰুৱা, ৪নং ৱাৰ্ডত মাণিক বৰুৱা , ৫ নং ৱাৰ্ডত তিলেন দাস ,৬ ৱাৰ্ডত স্বৰূপ কোঁৱৰ , ৭ নং ৱাৰ্ডত চন্দ্ৰমা গগৈ , ৮ নং ৱাৰ্ডত দিপালি দাস  আৰু ৯নং ৱাৰ্ডত অপৰূপা দিহিঙীয়া দত্ত আৰু ৰাজীৱ দাসক ১০ নম্বৰ ৱাৰ্ডৰ পৰা প্ৰাৰ্থীত্ব প্ৰদানৰ কথা ঘোষণা  কৰিছে।

ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰফুল্ল দত্তই এই চূড়ান্ত প্ৰাৰ্থী তালিকাত স্বাক্ষৰ কৰিছে। 

ইপিনে ১০ টা ৱাৰ্ড যুক্ত ঢকুৱাখনা পৌৰ সভাত মিত্ৰ শক্তি অগপ দলৰ ঢকুৱাখনা বিধান পৰিষদৰ তৰফৰ পৰা ৬০-৪০ নীতিৰ আধাৰত  মুঠ ৪ খন আসন বিচাৰি কেন্দ্ৰীয় সমিতি ,ঢকুৱাখনা জিলা বিজেপি আৰু বিধায়কলৈ পত্ৰ প্ৰেৰণ কৰিছিল। 

মিত্ৰ গোষ্ঠীৰ এই প্ৰাৰ্থীত্ব দাবীৰ সন্দৰ্ভত যোৱা ২টা দিন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ পাছত  সন্তোষজনক বাৰ্তা লাভ নকৰিলে অগপই। 

এক সূত্ৰই জনোৱা মতে গেৰুৱা দলৰ দলীয় অন্তঃকলহ স্তিমিত কৰা আৰু দলৰ মাজত এলাগী হোৱা এগৰাকী  প্ৰচণ্ড দাবীদাৰ প্ৰাৰ্থীৰ উত্থান মষিমূৰ কৰিবলৈ অগপ দলক এই ৱাৰ্ডটো এৰি দি নিষ্কণ্টক হোৱাৰ কৌশলী স্থিতি গ্ৰহণ কৰিলে গেৰুৱা দলটোৱে ।

উত্থাপিত অভিযোগ মতে এই ১নং ৱাৰ্ডৰ পৰা গেৰুৱা দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ  মন মেলিছিল ঢকুৱাখনা নগৰ সমিতি (বৰ্তমানৰ পৌৰসভা) ৰ সদ্য প্ৰাক্তন  সভানেত্রী মীনা হাজৰিকাই। পূৰ্বে অগপ দলৰ পৰা নগৰ সমিতিলৈ জয়ী হৈ  নৱ দলেৰ লগতে আঞ্চলিকতাবাদৰ পোছাক সলায় গেৰুৱা বসন পিন্ধিছিল এইগৰাকী মীনা হাজৰিকাই।

পৰৱৰ্তী সময়ত বিধায়ক নৱ দলেৰ অতি ঘনিষ্ঠ হৈ নগৰ সমিতিখনৰ মুৰব্বীৰ গাদী দখল কৰা মীনা হাজৰিকাই  সীমাহীন দুৰ্নীতি , লুণ্ঠন,ভ্ৰূষ্টাচাৰৰ বেহা মেলিছিল । বিধায়ক গৰাকীৰ আশীৰ্বাদপুষ্ট হৈ সূত্ৰপাত ঘটাইছিল  চৰকাৰী পুঁজিৰ নিৰ্বিচাৰ লুটপাতৰ। পৰিণতিত দলৰে ৱাৰ্ড কমিছনাৰৰ অনাস্থাৰ সন্মুখীন হৈছিল এইগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশি।

  এনে এগৰাকী দুৰ্নীতিৰ নায়িকাক পুনৰ দ্বিতীয় কাৰ্যকালৰ বাবে  জয়ী হোৱাৰ সুযোগ দিয়াৰ আগ্ৰহী নাছিল দলীয় নেতৃবৰ্গৰ লগতে  হাজৰিকাৰ একাংশ সমৰ্থক। এনে সন্ধিক্ষণত 'চল চাই কঠিয়া পৰাত সিদ্ধহস্ত' গেৰুৱা দলটোৱে  নিজৰ  জটিল সমস্যা এটা কলিতে নিৰ্মূল কৰাৰ বাবে এই ৱাৰ্ডটো অগপ দললৈ এৰি দিয়াৰ  সময়োপযোগী সিদ্ধান্ত গ্ৰহণ কৰে।

সেই অচিলাৰে অগপ দলে  একমাত্ৰ ৱাৰ্ডটো লাভ কৰি  নিজৰ নাক বচাবলৈ সক্ষম হয়।  অগপ দলে এই ৱাৰ্ডটোৰ বাবে মনোজ গগৈক প্ৰক্ষেপ কৰি প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । মিত্ৰ শক্তিৰ ৬০-৪০ নীতি উফৰাই গেৰুৱা দলে গ্ৰহণ কৰা এনে চাতুকাৰী নীতিত ভিতৰি ক্ষুব্ধ আঞ্চলিক দল অগপৰ একাংশ নেতা কৰ্মী ।  এনে বিতুষ্টতাই  অনাগত সময়ত কি ৰূপ লব সেয়াহে লক্ষণীয় হ'ব ।

assam dhakuakhana