/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/dhalo.jpg)
ডিজিটেল সংবাদ , ঢকুৱাখনা : ৰাজ্য চৰকাৰৰ বিয়াগোম ৰেচম বিভাগৰ ৰেচন খাবলৈকে থকা চৰকাৰী বিষয়া কৰ্মচাৰীৰ অদূৰদৰ্শিতা আৰু বেপৰোৱা ভূমিকাৰ বাবে কি দৰে বিশ্বৰ দৰবাৰত ঢকুৱাখনাৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱা মুগা শিল্পটোৰ শ্মশান যাত্ৰা ঘটিছে তাৰ তথ্য সমৃদ্ধ অনুসন্ধান মূলক কেইবাটাও বাতৰি ইতিমধ্যে প্ৰকাশ হৈছে ।
ৰেচম বিভাগৰ উদাসীন নীতিৰ বাবেই মৃত্যুমুখী অৱস্থালৈ গতি কৰা ঢকুৱাখনা নগৰৰ মুগা সঁচ উন্নয়ন প্ৰকল্পৰ চৌহদ এতিয়া ৰেচম পালক আৰু ৰেচম শিল্পৰ বাবে অনুকূল হৈ থকা নাই । সাধাৰণ দৃষ্টিত ৰেচম পালনৰ বাবে প্ৰয়োজনীয় অনুকূল পৰিবেশ , স্বাস্থ্যকৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ বিপৰীতে সীমাহীন অস্বাস্থ্যকৰ আৰু প্ৰতিকুল পৰিবেশৰ বাবে ৰেচম পালক সকল আশানুৰূপ ৰেচম উৎপাদনৰ পৰা দুৰ্ভাগ্যজনক ভাবে বঞ্চিত হৈ আহিছে ।
উত্তৰ অসমৰ অন্যতম সম্ভাৱনা পূৰ্ণ মুগা সঁচ উন্নয়ন প্ৰকল্পটোক উজ্জীৱিত কৰাত ৰাজ্যৰ ৰেচম দপ্তৰে যথোচিত মনোনিবেশ নকৰাৰ বাবেই এমুঠিমান কৰ্মচাৰীৰে কেৱল নামতহে সফলতাৰ জয় গান গাই আহিছে প্ৰকল্পটোৱে , কামত বৃহৎ এটা শূণ্য । শেহতীয়া ভাবে এইখন মুগা সঁচ উন্নয়ন প্ৰকল্পৰ চৌহদত ৰেচম পালনত ব্ৰতী ৰেচম পালক সকলৰ জীৱনলৈ নামি আহিছে ভয়াবহ দুৰ্যোগ ।
প্ৰকল্পটোৰ চৌহদত ৰেচম পালন কৰা মুগা পালক সকলৰ হাজাৰ বিজাৰ পৈণত মুগা ৰহস্য জনক কাৰণত অকাল মৃত্যু ঘটি আহিছে ধাৰাবাহিক ভাবে । দুৰ্ভগীয়া ৰেচম পালক একাংশই অসমীয়া "প্ৰতিদিন ডিজিটেল"ক জনোৱা মতে কোনো ধৰণৰ লক্ষণে দেখা নিদিয়াকৈ আচম্বিতে চুম গছৰ ওপৰৰ পৰা অথবা তলৰ গাড়ী বান্ধৰ ওচৰৰ পৰা অচিন ৰোগত আক্ৰান্ত হৈ অপমৃত্যুক সাৱটি লৈ তললৈ সৰি পৰে সুঠাম মুগা বোৰ ।
এনেদৰে ফাৰ্ম খনৰ গৰিষ্ঠ সংখ্যক ৰেচম পালকৰ মুগা এনে অজান ৰোগৰ বলি হৈ সৰ্বশ্ৰান্ত হোৱা বুলি জানিব পৰা গল । তাৰোপৰি এগৰাকী মহিলা ৰেচম পালকে জনোৱা মতে সুগঢ়ি সুঠাম মুগা বোৰ স্বাভাৱিক ভাবেই পাত খাই ,চলা ফিৰা কৰি থাকে যদিও পকা চোৱাৰ সময়ত এইবোৰ মুগাৰ অৱস্থিতি নোহোৱা হৈ পৰে । জেঠুৱা মুগাৰ খৰিকা ৭০০ লগায়ো মহিলা ৰেচম পালক গৰাকীয়ে আজি পৰ্যন্ত ২ হাজাৰ মুগা ও লাভ কৰিবলৈ সক্ষম নোহোৱা বুলি দুখেৰে জনালে । ইয়াৰ অন্তৰালত ৰেচম ফাৰ্মখনৰ চৌপাশ প্ৰদূষিত আৰু অস্বাস্থ্যকৰ বুলি মন্তব্য কৰে ।
তাৰোপৰি নিৰন্তৰ বৰষুণৰ বাবেও পানী খাই মুগা বোৰৰ এনে দুৰ্গতি হোৱাৰো আশংকা ব্যক্ত কৰে ৰেচম পালক একাংশই । এয়া শ্ৰমজীৱী মুগা পালক সকলৰ ধাৰণাহে যদিও প্ৰকল্পটোৰ মূল উৎপাদনত প্ৰচণ্ড আঘাট সানিব খোজা এই চৌহদত অৱস্থিত মুগা ফাৰ্মৰ ৰেচম পালকৰ অস্বাভাৱিক কাৰণত ব্যাপক হাৰত মুগাৰ মৃত্যু আৰু পকা নহা জটিল সমস্যাৰ সমাধান সূত্ৰ উলিওৱাৰ ক্ষেত্ৰত নিৰ্বাক জিলা ৰেচম বিভাগ ।
প্ৰাথমিক ভাবে মুগাৰ সঁচলৈ দোষ ঠেলি দায়িত্ব সামৰিব বিচৰা ৰেচম বিভাগৰ বেতনভোগী একাংশৰ এনে অপৰিপক্ক চিন্তা আৰু মনোবৃত্তিৰ বাবেই ব্যৰ্থতা আৰু বিফলতাৰ দৌৰত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰি আহিছে উত্তৰ অসমৰ প্ৰধান ৰেচম উন্নয়ন প্ৰকল্পটোৱে । "আহু খেতি আহুকাল মুগা খেতি কপাল ভাল" এই আপ্ত বাক্য শাৰী সৰোগত কৰি এতিয়া ৰেচম পালক সকলে কপালকে ধিয়াই দিন অতিবাহিত কৰিছে।
আৰু পঢ়ক: এইবাৰ ঢকুৱাখনাত চলিল প্ৰশাসনৰ বুলডজাৰ