ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাত ব্যৱসায়ীৰ পৰা ধন দাবী দুৰ্বৃত্তৰ। নিজকে আলফা(স্বা)ৰ সদস্য বুলি পৰিচয় দি ব্যৱসায়ীক ভয় ভাবুকি প্ৰদান কৰি আহিছে কোনো অজ্ঞাতলোকে। শেহতীয়াকৈ সংগঠনৰ কামত প্ৰয়োজন হোৱাৰ নামত ধন বিচাৰি ঢকুৱাখনা মহকুমা সদৰৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীলৈ বুধবাৰে ফোন কৰি এই দাবী কৰিছে সংগঠনটোৱে।
সংগঠনটোৰ এজন স্বয়ম্ভূ শীৰ্ষ সৈনিকৰ অনা অসমীয়া ব্যৱসায়ী গৰাকীৰ মোবাইললৈ দুপৰীয়া এক বিশেষ নম্বৰৰ পৰা প্ৰথমটো ফোন " আমাৰ এগৰাকী ২৫ বছৰীয়া সৈনিক গুলিবিদ্ধ হৈছে। তেওঁৰ জৰুৰী চিকিৎসা অব্যাহত আছে । ঢকুৱাখনাতে চিকিৎসাধীন সৈনিক গৰাকীৰ প্ৰয়োজনীয় চিকিৎসা ব্যয়ৰ বাবে আপুনি সহায় কৰিব লাগে। তাৎক্ষণিক ভাৱে আপুনি ১৫ হাজাৰ টকা আমাক দিয়ক'' ।
বুধবাৰে দুপৰীয়া অহা প্ৰথমটো ফোন কলৰ প্ৰত্যুত্তৰ হিচাবে ব্যৱসায়ী গৰাকীয়ে হাতত ধন নথকা আৰু এই সহায় আগবঢ়াব নোৱাৰা সন্দৰ্ভত স্পষ্টকৈ অৱগত কৰি দিয়ে । ইয়াৰ পাছতো দিনটোৰ অগণন বাৰ ফোন কৰি ব্যৱসায়ী গৰাকীক দাবীকৃত ধন আদায় দিয়াৰ দাবী জনায় ।
পৰিশেষত স্বয়ম্ভূ আলফাৰ সৈনিকজনে হাতত যদি ধন নাই সন্ধিয়াৰ ভিতৰত উক্ত দাবীকৃত ধন জনৈক ৰমেশ দে নামৰ এক অজ্ঞাত ব্যক্তিৰ নম্বৰলৈ গুগল পে যোগে ১০ হাজাৰ টকাকে তাৎক্ষণিক ভাৱে আদায় দিয়াৰ দাবী কৰি অন্যথাই চৰম পন্থা গ্ৰহণৰ ভাবুকিও দিয়ে। প্ৰয়োজন হ'লে ৩০-৪০জনীয়া সশস্ত্ৰ দলটোৱে ব্যৱসায়ী গৰাকীৰ ঘৰলৈ বুধবাৰে নিশা ১২- ১ বজাত গৈ আহাৰ গ্ৰহণ কৰি, থাকি ধন লৈ অহাৰো ভাবুকি দিয়ে ।
ব্যৱসায়ী গৰাকীলৈ বাৰে বাৰে ফোন কৰি অতিষ্ঠ কৰি অহা এই দুষ্কাৰ্যৰ সন্দৰ্ভত সন্ধিয়া ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া শোধন্য শুক্লবৈদ্য আৰু সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈৰ অৱগত হোৱাত এই স্পৰ্শকাতৰ বিষয়কলৈ সতৰ্ক হয় আৰক্ষী। নৈশ তহলৰ লগতে তালাচী ব্যৱস্থা সষ্টম কৰি আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে বিষয়টোৰ ওপৰত । তাৎপৰ্যপূৰ্ণ ভাবে বুধবাৰৰ নিশাৰ পৰা কোনো সন্দেহজনক ব্যক্তিৰ আগমন অথবা ফোনকলৰ পুনৰাবৃত্তি হোৱা নাই অদ্যপি ।
সন্দেহ কৰা হৈছে কোনো পথভ্রষ্ট যুৱকে সহজলভ্য ধনৰ লোভ আৰু মোহত পৰি এই নীতিবৰ্হিভূত দুষ্কাৰ্যত লিপ্ত হৈছে । তৎস্বত্তেও আৰক্ষীযে বিষয়টো গুৰুত্ব সহকাৰে লৈ তৎপৰতা অব্যাহত ৰাখিছে আৰু অচিৰেই অপৰাধী জালত পৰাৰ আশা কৰা হৈছে । উল্লেখ্য যে নগৰৰ অন্য এগৰাকী ব্যৱসায়ীকো এনে প্ৰক্ৰিয়াৰে ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হ'ব লগীয়া হৈছিল কেইজনমান অৰ্থলোভী পথভ্রষ্ট যুৱক ।