৪ দিন ধৰি সন্ধান নাই কঢ়াৰ বুকুত সন্ধানহীন হোৱা  মিলন কুৰ্মীৰ …

৪ দিন ধৰি সন্ধান নাই কঢ়াৰ বুকুত সন্ধানহীন হোৱা  মিলন কুৰ্মীৰ …

author-image
asomiyapratidin
New Update
৪ দিন ধৰি সন্ধান নাই কঢ়াৰ বুকুত সন্ধানহীন হোৱা  মিলন কুৰ্মীৰ …

ডিজিটেল সংবাদ : ঢকুৱাখনা :  ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মধুপুৰ চাহ বাগিচাৰ ৩২৬ নং গ্ৰাণ্টৰ  নিখুঁজ যুৱক মিলন কুৰ্মীৰ সন্ধান ওলোৱা নাই ৪ দিনে  । ৩২৬ গ্ৰাণ্টৰ বাসিন্দা প্ৰয়াত চাওঁনা কুৰ্মীৰ ২৬ বছৰীয়া পুত্ৰ মিলন যোৱা দেওবাৰে ১২ জুনৰ দুপৰীয়া  সমীপৰ কঢ়া নদী পাৰ হৈ আজুহা হৈ  ঐতিহাসিক হাবুং মন্দিৰত পূজা দিবলৈ গৈ  উভটি নাহিল ।

মন্দিৰৰ পৰা বিয়লি   উভতি অহাৰ সময়ত এখন নাও বিচাৰি নাপাই সাঁতুৰী ভৰুণ কঢ়া নদী পাৰ হবলৈ নদীৰ বুকুত নামি পৰাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে যুৱকজন। স্থানীয় ৰাইজে ঘিলামৰা আৰক্ষীক এই সন্দৰ্ভত খবৰ দিযাৰ পাছত  এছ ডি আৰ এফ বিভাগে নিৰন্তৰ সন্ধান অভিযান অব্যাহত ৰাখিছে যদিও প্ৰবল সোঁত বিশিষ্ট নদীখনৰ বুকুৰ পৰা যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

  ৪ টা দিন ধৰি যুৱকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নোহোৱা  এছ ডি আৰ এফ বিভাগে বানত উফন্দি উঠা নদীখনৰ কোৱাল সোঁতে উটুৱাই নিয়াৰ আশংকা কৰা হৈছে । পাৰ্শ্বৱৰ্তী অঞ্চলত আৰক্ষী বিভাগে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি ঘিলামৰা আৰক্ষীয়ে জানিবলৈ দিছে। 

ইপিনে যোৱা ৪ টা দিনে কেউ কিছু নোহোৱা যুৱকজনৰ সন্ধান নোলোৱাত  দুৰ্ভগীয়া যুৱকজনে আশ্ৰয় লোৱা মোমায়েকৰ ঘৰত শোকৰ বন্যা  বৈছে । মধুপুৰ বাগানৰ শ্ৰমিক সমাজৰ মাজতো শোকৰ ছাঁ পৰা এই মৰ্মান্তিক ঘটনাৰ পাছৰে পৰা স্থানীয় ৰাইজেও ব্যাপক সন্ধান চলাই আছে বুলি জানিব পৰা গৈছে ।

আৰু পঢ়ক:

assam dhakuakhana