/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/saaa.jpg)
ডিজিটেল সংবাদ , ঢকুৱাখনা : স্বাধীকাৰ প্ৰাপ্তিৰ এখন সংগ্ৰামৰ পূৰ্ণ প্ৰস্তুতি চলিছে ঢকুৱাখনাত । কোনো সশস্ত্ৰ সংগ্ৰাম কিম্বা ৰাজনৈতিক সংগ্ৰামৰ কুচ কাৱাজ নহয় । বিগত ৫৭ বছৰীয়া অপ্ৰাপ্তি আৰু ৰাজনৈতিক অধিকাৰ খৰ্বকৰণৰ বিৰুদ্ধে ঢকুৱাখনাত এই সংগ্ৰামৰ চলিছে ব্যাপক প্ৰস্তুতি ।
১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিটো অনুসূচীত জনজাতিৰ বাবে যোৱা ৫৭ বছৰ ধৰি সংৰক্ষন কৰি ৰখা প্ৰক্ৰিয়াৰ বিৰুদ্ধে সমষ্টিবাসী ৰাইজ একত্ৰিত হৈ পাতনি মেলিছে এই সংগ্ৰামৰ । ১৯৬৫ চনৰ ১৫ এপ্ৰিলত ভাৰতীয় নিৰ্বাচনী আয়োগৰ অধিসূচনা নং এছ অ ১২১৯ মৰ্মে ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিটো অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণ কৰি ৰখা হৈছে অদ্যপি ।
ফলত বিগত আধা শতিকাৰো অধিক কাল বিধানসভা সমষ্টিটোৰ অজনজাতিয় নাগৰিক সকল জন প্ৰতিনিধিত্বৰ গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে । এই ক্ৰুটিপূৰ্ণ আৰু অগণতান্ত্ৰিক সংৰক্ষণ প্ৰক্ৰিয়াৰ বাবে সমষ্টিটোৰ ৫৫ '১৫ শতাংশ অজনজাতীয় নাগৰিকৰ ৰাজনৈতিক অধিকাৰ খৰ্ব হোৱাৰ দাবী উত্থাপন কৰি আৰম্ভ হৈছে এই নাৰ্য প্ৰাপ্য অধিকাৰ বিচৰা সংগ্ৰামৰ ।
১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ আৰক্ষণ মুক্ত দাবী সমিতিৰ উদ্যোগত, বগীনদী , ঘিলামৰা আৰু ঢকুৱাখনা সজাগতা সমিতিৰ সহযোগত দেওবাৰে ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে এই ৰাজহুৱা সভা । প্ৰাপ্য ৰাজনৈতিক অধিকাৰ বিচৰা ৰাজহুৱা সভাখনৰ সভাপতিত্ব কৰে দাবী সমিতিৰ কাৰ্যকৰী সভাপতি পদ্মেশ্বৰ কোঁচে ।
বিধানসভা সমষ্টিটোৰ বহু সংখ্যক স্বাধীকাৰ বঞ্চিত নাগৰিকে অংশগ্ৰহণ কৰা সভাত গোবিন বৰুৱা , আইন উপদেষ্টা বুলুমনি দত্ত, অধিবক্তা বগেন্দ্ৰ কুমাৰ বুঢ়াগোহাঁই, দেউকণ গগৈ ,কুল প্ৰসাদ গগৈ ,বিনোদ গগৈ ,উত্তম বৰুৱা, ভদ্ৰ গগৈ , ভৱিষ্য দিহিঙীয়া , মঞ্জু গগৈ দীপক দত্ত আদিয়ে বক্তব্য ৰাখি নাৰ্য প্ৰাপ্য ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত এক পৰিকল্পিত আৰু সুসংঘবদ্ধ গণ সংগ্ৰামৰ পাতনি মেলাৰ
সহমত ব্যক্ত কৰি এই স্বাধীকাৰ প্ৰাপ্তিৰ সংগ্ৰামখন তীব্রতৰ কৰি তোলাৰ অভিমত ব্যক্ত কৰে ।
সভাত ব্যাপক জন জাগৰণৰ আৰু গণতান্ত্ৰিক সংগ্ৰাম অবিহনে প্ৰাপ্য আদায় সম্ভৱ নহয় বুলি বক্তা সকলে উল্লেখ কৰি কৌটি কলীয়া আৰক্ষণ পদ্ধতি উৎখাট কৰিবলৈ অজনজাতীয় ৰাইজৰ গণ অভ্যুত্থানৰ প্ৰাসংগিকতা দোহাৰি এই ক্ষেত্ৰত প্ৰণালীবদ্ধ ৰণ কৌশল প্ৰস্তুত কৰাৰ বাবে দাবী সমিতিক আহ্বান জনায় । বিগত ৫৬ বছৰীয়া বঞ্চনাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ ওলাই আহিবলৈ আহ্বান জনাই সভাই শীঘ্ৰে গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰাৰ লগতে প্ৰচাৰ শাখা সমিতি গঠন , পুঁজি সংগ্ৰহ আদি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
আৰু পঢ়ক: বটদ্ৰৱাৰ ঘটনাৰ লগত জেহাদী জড়িত থকাৰ সন্দেহ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ…