/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/dhakua.jpg)
ডিজিটেল সংবাদ , ঢকুৱাখনা : গাই , জীয়াঢল আৰু কুমতিয়া নদীৰ বানৰ সমান্তৰাল ভাৱে ঘিলামৰাত অবৈধ চুলাই মদৰো ধল আহিছে। ঘিলামৰাৰ সামাজিক সুস্থ পৰিবেশত প্ৰচণ্ড কুঠাৰাঘাট কৰি অহা কাঠ ফুলাৰ দৰে গঢ়ি উঠা এনেবোৰ অবৈধ চুলাই মদৰ ভাতী সমূহে বান বিভীষিকাকো চেৰ পেলাই আহিছে ।
ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গ্ৰামাঞ্চলত চোৰাং ভাবে গঢ়ি উঠা চুলাই ভাতী সমূহৰ পৰা উদ্ভৱ হোৱা চুলাই মদৰ বান প্ৰতিৰোধ কৰা আৰু এনে বোৰ ভাতী উচ্ছেদ কৰাৰ ধাৰাবাহিক অভিযান অব্যাহত ৰাখি আছে ঢকুৱাখনা আবকাৰী বিভাগে । তাৰেই অংশ হিচাপে ঢকুৱাখনা আবকাৰী চক্ৰৰ চক্ৰ পৰিদর্শক ভূপেন শইকীয়াৰ নেতৃত্বত আৰু ঘিলামৰা আৰক্ষীৰ সহযোগত বৃহস্পতিবাৰেও ঘিলামৰাৰ বিভিন্ন অঞ্চলত চুলাই ভাতী উচ্ছেদ অভিযান চলে।
আবকাৰী বিষয়া গৰাকীৰ নেতৃত্বত যোৱা দলটোৱে বৰ্ষামুখ ,গৰখীয়াচুক ,ঘিলামৰা ,ৰাইডঙ্গীয়া , সৰিয়হ তলী আদি বিভিন্ন অঞ্চলত অভিযান চলাই প্ৰায় ৫০ লিটাৰ চুলাই , ৫৫০ লিটাৰ চুলাই বনাবলৈ মজুত ৰখা "পাজ" উদ্ধাৰ কৰি থলীতে বিনষ্ট কৰে আৰু বহুকেইটা চুলাই ভাতী উচ্ছেদ কৰি চুলাই প্ৰস্তুত কৰা সঁজুলি বাচন বৰ্তন ধ্বংস কৰে। আবকাৰী বিভাগৰ দলটোৱে ভৱিষ্যতে এনে সমাজ বিৰোধী আৰু সামাজিক অপৰাধ সদৃশ কাৰ্যত লিপ্ত নহবলৈ অন্তিম সকীয়নি দিয়ে চুলাই বেপাৰী সকলৰ আত্মীয় সকলক । অন্যথাই কঠোৰ আইনসংগত কাৰ্য ব্যবস্থ্য গ্ৰহণ কৰাৰ হব বুলি অবৈধ চুলাই প্ৰস্তুতকৰ্তা সকলক সকীয়াই দিয়ে ।
আৰু পঢ়ক: মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত ব্যক্তিগত শিক্ষানুষ্ঠানকলৈ ব্যস্ত চৰকাৰী শিক্ষক