/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/d2020be7-bb57-4edf-be84-a6cdb07a00c1/mahakuma.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ভাৰতীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ (অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত) খচৰা ভোটাৰ তালিকা বুধবাৰে প্ৰকাশ কৰা হয় । ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিৰ সভা কক্ষত এই সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এক সভাত আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা হয় এই তালিকা।
ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা জিলা নিৰ্বাচনী বিষয়া অৰিন্দম বৰুৱা, মহকুমা নিৰ্বাচনী বিষয়া কুল ভূষণ পেগুৱে উপস্থিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু চৰকাৰী বিষয়া সকলৰ উপস্থিতিত ২০২৩ বর্ষৰ খচৰা ভোটাৰ তালিকাখন প্ৰকাশ কৰে। প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি বিধানসভা সমষ্টিটোৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা ২ লাখ ১৫ হাজাৰ ৯৯৫ গৰাকী । ইয়াৰে ১ লাখ ৮ হাজাৰ ৩৮৩ গৰাকী পুৰুষ ভোটাৰ আৰু ১ লাখ ৭হাজাৰ ৬১২ গৰাকী মহিলা ভোটাৰ উপলব্ধ। সমষ্টিটোত ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা হ'ল ৩ হাজাৰ ২৫৬ গৰাকী । সমান্তৰাল ভাৱে "চাৰ্ভিছ ভোটাৰ"ৰ সংখ্যা হ'ল ৪৫৭ গৰাকী। সমষ্টিটোৰ বিশেষ ভাবে সক্ষম ভোটাৰৰ সংখ্যা হ'ল ৩৩৭ গৰাকী ।
পূৰ্বৰ ভোটাৰ তালিকাৰ তুলনাত মুঠ ২হাজাৰ ৮৫০ গৰাকী ভোটাৰৰ বৃদ্ধি হোৱা চলিত বৰ্ষৰ খচৰা ভোটাৰ তালিকাখন পৰিশুদ্ধ আৰু স্বচ্ছ ভোটাৰ তালিকা হিচাবে প্ৰস্তুত কৰাত সমষ্টিটোৰ সকলো ৰাজনৈতিক দল, অৰাজনৈতিক সংগঠন, সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে জিলা নিৰ্বাচনী বিভাগে। ঢকুৱাখনা জাতীয় কংগ্ৰেছ দলৰ বিষয় ববিয়া অনুপ বৰুৱা, অৰবিন্দ সূত, ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা, অগপৰ জিলা নেতা ৰাজেন্দ্ৰ প্ৰসাদ গগৈ, চি পি আই দলৰ নেতা সৰ্বজিত প্ৰসাদৰ লগতে বহু কেইগৰাকী চৰকাৰী ব্যক্তি উপস্থিত থকা সভাত সম্প্ৰতি প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাক পূৰ্ণ সংশোধিত আৰু বিশুদ্ধ ৰূপত অহা ২০২৩ বর্ষৰ ৫ জানুৱাৰীত প্ৰকাশ কৰিবলৈ নিৰ্বাচনী বিভাগে গ্ৰহণ কৰা এলানি কৰ্মসূচী সন্দৰ্ভতো অৱগত কৰে নিৰ্বাচনী বিষয়াদ্বয়ে ।
অহা ৯ নৱেম্বৰৰ পৰা ৮ ডিচেম্বৰৰ ভিতৰত সমষ্টিটোৰ ভোটাৰ সকলে নিজস্ব ওজৰ আপত্তি উত্থাপন কৰিব পাৰিব নিৰ্বাচনী বিভাগৰ বিষয়া কৰ্মচাৰী সকলক। অহা ২৬ ডিচেম্বৰৰ ভিতৰত এনে ওজৰ আপত্তি নিষ্পত্তি কৰি বিভাগে ২০২৩ চনৰ ৫ জানুৱাৰীত সমষ্টিটোৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিব বুলি অৱগত কৰে। ইতিমধ্যে বিধানসভা সমষ্টিটোৰ সকলো খণ্ড উন্নয়ন বিষয়া ,ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ উপৰিও সকলো ভোট কেন্দ্ৰত এই খচৰা তালিকা ৰাজহুৱাকৈ প্রদর্শন কৰাৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দি সংশ্লিষ্ট নিৰ্বাচনী কৰ্মী, বি এল অ সকলৰ ওচৰতো এই তালিকা উপলব্ধ হব বুলি জনাই।
আগত পঞ্চায়ত নিৰ্বাচনৰ বাবে আধাৰ ভোটাৰ তালিকা হিচাবে বিবেচিত হবলগীয়া এই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা আৰু বাতিল কৰা বিধিগত প্ৰক্ৰিয়া বুধবাৰৰ পৰাই আৰম্ভ হব বুলি সভাত অৱগত কৰি আগ্ৰহী নৱ প্ৰজন্মৰ ভোটাৰ সকলে "ৰাষ্ট্ৰীয় ভোটাৰৰ চাৰ্ভিছ পৰ্টেল"ৰ মাধ্যমেৰেও নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি জানিবলৈ দিয়ে বিষয়াদ্বয়ে ।
সমষ্টিটোৰ এখন নিকা ভোটাৰ তালিকা প্ৰকাশ কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ পৰা ভোট কেন্দ্ৰ ভিত্তিক বি এল এ সকলক নিয়োগ কৰি সকলো প্ৰাপ্ত বয়স্ক ব্যক্তিক নিশ্চিতভাৱে অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনোৱাৰ লগতে এখন পৰিশুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰাৰ স্বাৰ্থত মৃত আৰু সমষ্টিৰ বাহিৰলৈ স্থায়ী ভাবে আঁতৰি যোৱা নাগৰিকৰ নাম কৰ্তন কৰাৰ বাবে বিভাগক তথ্য যোগান ধৰি সহযোগিতা আগবঢ়াবলৈ আহ্বান বিষয়াদ্বয়ে জনায়।