/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dhakuakhana-4.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমা ন্যায়িক আদালতৰ শৌচাগাৰৰ লোহাৰৰ গ্ৰীলৰ খিৰিকী খুলি মঙলবাৰে পলায়ন কৰা তিনিটা দুধর্ষ অপৰাধীৰ এটা অপৰাধীক ঢকুৱাখনা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। প্ৰায় তিনিঘণ্টা জোৰা নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত ঘিলামৰা থানাৰ অন্তৰ্গত বৰদৈ চকলাগুৰি গাঁওৰ যতীন তামুলী নামৰ আচামীটোক আৰক্ষীৰ দলে ৩.১৫ বজাত ১নং বানতৌ গাঁও জলমগ্ন পথাৰত আত্মগোপন কৰি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ধৃত পলাতক হাজোতীটো ঘিলামৰা থানাত পঞ্জীভূত এটা গোচৰৰ অভিযুক্ত। ইপিনে অন্য দুই পলাতক দাগী অপৰাধী, নৰহত্যাকাৰী, ডকাইত ৰূপী গেৰজাই বৰুৱা (ৰাজু ) আৰু সোনটি দাসৰ সন্ধানৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা, সদৰ থানাৰ অ'চি নৱজ্যোতি ৰয়, উপ পৰিদর্শক দীনেশ মেধি আৰু সিদ্ধাৰ্থ নাথৰ নেতৃত্বত চলোৱা অভিযানৰ আংশিক সফলতাই মহকুমাবাসীক আশ্বস্ত কৰিছে যদিও পাষণ্ড চৰিত্ৰৰ, নৰ হত্যাৰ অভিযোগত অভিযুক্ত দুই পলাতক গেৰজাই আৰু সোনটিক আটক কৰাৰ বাবে সৰ্ব শক্তি প্ৰয়োগ কৰাৰ আহ্বান জনাইছে শান্তিকামী ৰাইজে।
উল্লেখ্য যে সাধাৰণ পঞ্জীয়ন নং – ৭৫/২০২১ , ১০৬/২০২১ ,২৬৩/২০২১ গোচৰৰ হাজোতী গেৰজাই বৰুৱা ,
১০৬/২০২১ গোচৰৰ হাজুতী সোনটি দাস আৰু পি আৰ চি ১৯৪/২০২২ গোচৰৰ হাজোতী যতীন তামুলীক মঙলবাৰে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীক্ষৰ আদালতলৈ আনিছিল ।
নৰহত্যা, ডকাইতি, চুৰিকে ধৰি বিভিন্ন গুৰুতৰ গোচৰৰ দুধর্ষ অপৰাধী গেৰজাই আৰু সোনটি দাসক কিয় ইমান বেপৰোৱা ভাবে অনা হৈছিল আৰু আৰক্ষীৰ নিদ্ৰা হৰণ কৰা এই দুটা অপৰাধীক ঢকুৱাখনাত ৰখাৰ পূৰ্বে কিয় সদৰ আৰক্ষী থানাত অৱগত কৰা হোৱা নাছিল আৰু পৰ্যাপ্ত সশস্ত্ৰ জোৱান মোটায়েন কৰাৰ ব্যৱস্থাত কিয় উপেক্ষা কৰা হৈছিল এই বিষয় বোৰে ব্যাপক চৰ্চা লাভ কৰিছে সৰ্বত্ৰে । তাৰোপৰি আদালতত হাজোতী ৰখাৰ পাছত নিৰাপত্তাৰ দিশটো পি আই কৰ্ট কৰ্তৃপক্ষই যথোচিত গুৰুত্ব প্ৰদান নকৰা বিষয়টো চৰ্চালৈ আহিছে।
আৰু পঢ়ক : ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নগাঁৱৰ চিলঙনীত ক্ৰীড়া সমাৰোহ