/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dhakuakhana-new.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত ঢকুৱাখনা আৰক্ষীয়ে নাগৰিক সমাজৰ মাজত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে আহ্বান জনায়। দেওবাৰে ঢকুৱাখনা আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। বাহিনীৰ সম্পাদক গুণ দাসৰ আহ্বান ক্ৰমে নৰ্মাল স্কুল প্ৰাংগণত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে গাঁওৰক্ষী বাহিনীৰ সভাপতি কৃষ্ণ কমল বৰাই ।
থানাৰ অন্তৰ্গত গৰিষ্ঠ সংখ্যক গাঁও ৰক্ষী বাহিনীৰ বিষয়ববীয়া উপস্থিত থকা সভাত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰায়ে বক্তব্য ৰাখি সমাগত স্বাধীনতা দিৱসৰ আগে পাছে যাতে কোনোধৰণৰ অশান্তিকৰ আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি আৰক্ষীৰ সতে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়।
ৰায়ে তিনিদিনিয়াকৈ অনুষ্ঠিত হ'ব লগা এই দিৱসটো শান্তি পূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনী সমূহ অধিক তৎপৰ আৰু সতৰ্ক হোৱাৰ আহ্বান জনায় । সভাত উপস্থিত ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাই বক্তব্য ৰাখি অনাগত সময়ছোৱাত কোনো অজ্ঞাত কূটাঘাতকাৰীয়ে কূটাঘাত মূলক কাৰ্য যাতে সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি সচেতন হোৱাৰ আহ্বান জনাই বাহিনীক ।
বিষয়া গৰাকীয়ে সততে পূৰ্বে নভবা আৰু আশংকা নকৰা স্থানত সহজতে কূটাঘাত মূলক কাৰ্য সংঘটিত কৰাৰ আশংকা ব্যক্ত কৰি এনে কূটাঘাত মূলক দুষ্কাৰ্য বন্ধ কৰাৰ বাবে এতিয়াৰ পৰাই অধিক সক্ৰিয় হোৱাৰ আহ্বান জনায়। গাঁওৰক্ষী বাহিনীক নিশাৰ পৰা পুৱতি নিশা ৫.২০ বজালৈ নিষ্ঠা আৰু দায়বদ্ধতাৰ কৰ্তব্য সমাপন কৰিবলৈ আহ্বান জনায় । প্ৰধানতঃ নিজ নিজ এলেকাৰ অন্তৰ্গত ৰাজহুৱা স্থান, তিনিআলি, চাৰি আলি, সকলো চৰকাৰী অনুষ্ঠান, শিক্ষানুষ্ঠান , পঞ্চায়ত কাৰ্য্যালয় আদিত অধিক সতৰ্কমূলক দৃষ্টি ৰখা, সন্দেহজনক ভাবে নিশা ঘূৰি ফুৰা ব্যক্তিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা, সন্দেহ গভীৰ হ'লে ফটো তুলি আৰক্ষী থানাত অৱগত কৰা, দীৰ্ঘ সময় ধৰি সন্দেহযুক্ত সময় আৰু স্থানত সন্দেহজনক গাড়ী বাইক ৰখাই থোৱা দেখিলে আৰক্ষীক অৱগত কৰা , সন্দেহজনক ভাবে বেগ ,মোনা লৈ ঘূৰি ফুৰা ব্যক্তি সন্দৰ্ভত সতৰ্ক হোৱাৰ আহ্বান জনায়।
১৩ ,১৪ আৰু ১৫ আগষ্টত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী সফলতাৰে
জাতীয় পতাকাৰ সন্মান অক্ষুন্ন ৰাখি অনুষ্ঠিত কৰাৰ আহ্বান জনায়। গুৰুত্বপূৰ্ণ সভাত গাঁও ৰক্ষী বাহিনীৰ বিষয়ববীয়া আদিত্য কোঁৱৰ , লম্বিত দাস , ইনামণি বৰুৱা ,সুৰেন পেগুয়েও বক্তব্য ৰাখে । সভাত কাৰ্যবাহী সভাপতি ভূপেন হাজৰিকাও উপস্থিত থাকে ।
আৰু পঢ়ক :