ঢকুৱাখনাৰ কৃতিমান শিক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা…

ঢকুৱাখনাৰ কৃতিমান শিক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা…

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  হাইস্কুলীয়া শিক্ষাৰ্থী জীৱনৰ প্ৰথম গুৰুত্বপূৰ্ণ দেওনা সুখ্যাতিৰে অতিক্ৰমী সাম্প্ৰতিক সময়ত নিজকে উৎকৃষ্ট মানৱ সম্পদ হিচাবে আত্মপ্ৰতিষ্ঠা কৰা গৰিষ্ঠ সংখ্যক মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীক মঙলবাৰে  সম্বৰ্ধনা জনোৱা হয় ।

ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত হাৰ্হি জিলা পৰিষদ সদস্য টিটো মণি গোঁহাই চেতিয়া আৰু অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সমুজ্জ্বল চেতিয়াৰ বিশেষ তৎপৰতাত আৰু সাপতিয়া আঞ্চলিক উন্নয়ন সমিতিৰ সহযোগিতাত হাৰ্হি জিলা পৰিষদৰ অন্তৰ্গত ৮গৰাকী দিষ্টিংছন নম্বৰ সহ সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা কৃতিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

বৃহত্তৰ অঞ্চলটোৰ  অসীম কুমাৰ বৰগোঁহাই ( ৭৯%) ৰামানুজ্জ্বল গগৈ ( ৭৬%) , সঞ্জীৱ বৰা (  ৮৬%) , তন্ময় বুঢ়াগোহাঁই ( ৭৭%) , বিকাশ ফুকন ( ৮৫%) ,মিজা গগৈ ( ৭৯%) , পুলকেশ হিলৈদাৰী ( ৮৪% ) ৰ ঘৰত উপস্থিত হৈ টিটু মণি গোঁহাই চেতিয়া , সমুজ্জ্বল চেতিয়া  আৰু অন্যান্য নেতৃবৰ্গই গামোচা পিন্ধাই  ঢকুৱাখনাৰ সু সন্তান , প্ৰথিতযখা সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঞি বিৰচিত গ্ৰন্থ সম্ভাৰেৰে অভিনন্দন জনাই সমুজ্জ্বল ভৱিষ্যত কামনা কৰি আশীৰ্বাদ দিয়ে । এগৰাকী মূল্যবোধ সম্পন্ন, সুনাগৰিক হিচাপে নিজক গঢ় দিযাৰ বিদ্যায়তনিক যুঁজত অগ্ৰণী যোদ্ধা হিচাপে সফলতাৰে আগুৱাই যাবলৈ পৰামৰ্শ প্ৰদান কৰে জনপ্ৰতিনিধি আৰু বিষয়-ববীয়া সকলে ।

ইপিনে অগপ নেতা সমুজ্জ্বল চেতিয়াই  জানিবলৈ দিয়া মতে অহা ২০ জুনত হাৰ্হি জিলা পৰিষদ এলেকাত অনুষ্ঠিতব্য ৰাভা দিৱসত সমগ্ৰ জিলা পৰিষদ সমষ্টিটোৰ পৰা প্ৰথম বিভাগত সুখ্যাতিৰে  উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাই সম্বৰ্ধনা জনোৱা হ'ব । মঙলবাৰৰ এই সম্বৰ্ধনা কাৰ্যসূচীত উন্নয়ন সমিতিৰ বিষয় ববীয়া ক্ৰমে সুমিত্ৰ শইকীয়া ,নৃপেন চমুৱা ,মনোজ চাংমাই , হেলেন চমুৱা  আদি উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in