নৈৰাজ্যতাৰ কৰাল গ্ৰাসত ঢকুৱাখনা চৰকাৰী চিকিৎসালয়

নৈৰাজ্যতাৰ কৰাল গ্ৰাসত ঢকুৱাখনা চৰকাৰী চিকিৎসালয়

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ , ঢকুৱাখনা : এখন চৰকাৰী চিকিৎসালয় । কোনোধৰণৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ মুখ নেদেখা  মহকুমাবাসী ৰোগাক্ৰান্তৰ  বাবে  এইখন চৰকাৰী চিকিৎসালয়ে জীৱন দায়িনী প্ৰতিষ্ঠান হিচাপে যুগ যুগান্তৰ ধৰি বিবেচিত হৈ আহিছে ।

Advertisment

কিন্তু চৰকাৰী সেৱা যোগানৰ বেলিকা এইখন একমাত্ৰ মহকুমা অসামৰিক চিকিৎসালয়ত প্রকৃততে কি চলিছে দেখিলে শুনিলে সকলো স্তম্ভিত হ'ব।  লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমা সদৰত প্ৰতিষ্ঠা হোৱা এইখন চৰকাৰী চিকিৎসালয় হৈছে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় ।

 ঢকুৱাখনা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ,ঢকুৱাখনা সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু ঢকুৱাখনা এফ আৰ ইউ সংলগ্ন হৈ থকা এইখন চৰকাৰী চিকিৎসালয়ত সাধাৰণ ৰোগীৰ পৰা জটিল ৰোগী পৰ্যন্ত  দিবা নৈশ অগণন ৰোগীৰ আগমন ঘটে । কিন্তু চিকিৎসালয়খনৰ উপ অধীক্ষক ডাঃ প্ৰবীণ মিলিৰ অদক্ষ পৰিচালনা আৰু গুৰুত্বহীনতাৰ বাবে এক প্ৰকাৰৰ নৈৰাজ্যৰ গ্ৰাসত নিমৰ্জিত হৈছে চিকিৎসালয়খন ।

ৰোগীৰ প্ৰতি উপলব্ধ হ'বলগীয়া বিভিন্ন সেৱা ,সা সুবিধাৰ বাবে হাঁহাকাৰ কৰিব লগীয়া হোৱাতো এইখন মহকুমা অসামৰিক  চিকিৎসালয় চিৰ পৰিচিত ঘটনা। চিকিৎসালয়খনৰ এক্সৰে মেচিন কক্ষ, ৰোগীৰ ড্ৰেছিং ৰুমত বৰষুণৰ পানীৰ ঢল বোৱা , নিৰ্ধাৰিত সময়ত একাংশ কৰ্তব্যৰত চিকিৎসকক লগ নোপোৱা আদি সীমাহীন অভিযোগৰ পাছত এতিয়া অন্য এক কাণ্ডজ্ঞানহীন কাৰ্যই পুনৰ চৰ্চালৈ আনিছে চিকিৎসালয়খনক ।

"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ  তদন্ত কালত উন্মোচিত হৈছে এই নিৰ্লজ কাণ্ড।  এইখন চৰকাৰী চিকিৎসালয়ক ৰাইজৰ প্ৰতি উসৰ্গা কৰিবলৈ একাংশ বিষয়া চিকিৎসকে নিৰন্তৰ চেষ্টা কৰি থকাৰ সময়তে অন্য এচাম দায়িত্বশীল পক্ষৰ দায়িত্বহীনতা পোহৰলৈ আহিছে ।  সোমবাৰে নিশা চিকিৎসালয়খন পৰিদর্শন কালত দেখা গ'ল সাধাৰণ কক্ষত আশ্ৰিত জটিল ৰোগৰ ৰোগীক  প্ৰসাৱ কৰাবলৈ কোনো স্বাস্থ্য সন্মত "বেড পেন"ৰ ব্যৱস্থা নাই ।

গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীয়ে প্ৰসাৱ পাইখানা লাগিলে  মৰণত শৰণ দি হ'লেও চুচৰি বাগৰি যাব লাগিব সাধাৰণ শৌচাগাৰলৈ ।  সুদীর্ঘ দিন ধৰি ভূক্তভোগীয়ে উত্থাপন কৰি অহা এই জৰুৰী সমস্যা সন্দৰ্ভত সোমবাৰে নিশা ইয়াৰ প্ৰামানিক তথ্য উন্মোচিত হ'ল। এগৰাকী উচ্চ ৰক্তচাপত ভুগি প্ৰায় পক্ষাঘাট ৰোগত আক্ৰান্ত হোৱা ৰোগীক এই "বে'ড পেন"ৰ প্ৰয়োজন হোৱাত কৰ্তৃপক্ষই এনে ব্যৱস্থা আমাৰ ইয়াত নাই বুলি সদম্ভে জানিবলৈ দি  বিকল্প হিচাপে এটা প্লাষ্টিকৰ টেমা কাটি তাৰে দ্বাৰাই এই কাম চলাব লাগিব বুলি জনায়। 

বাৰম্বাৰ এই পদ্ধতিৰ প্ৰতিবাদ কৰাৰ পাছতো পৰৱৰ্তী সময়ত এনে কৃত্ৰিম ,দৃষ্টি কটু ব্যৱস্থাকে মুমূৰ্ষু ৰোগীজনে  ব্যৱহাৰ কৰিব লগা হয় । এই  চূড়ান্ত অব্যৱস্থা সন্দৰ্ভত চিকিৎসালয়ৰ নিয়োজিত কৰ্মচাৰীয়ে জানিবলৈ দিয়া মতে জটিল ৰোগীৰ ক্ষেত্ৰত এই সেৱা স'ততে প্ৰয়োজন হয় যদিও বেপৰোৱা  কৰ্তৃপক্ষই তাৰ প্ৰতি গুৰুত্ব আৰোপ নকৰে। ফলত অৱস্থা বৰ্ণনাতীত ।  

চিকিৎসালয় সূত্ৰে জনা মতে "সহকাৰী মেট্ৰন" মিনু ৰয় আৰু  ব্লক ফাৰ্মাচিষ্ট আফৰাজুল ৰহমানৰ অদূৰদৰ্শী মনোভাব আৰু "নাৰ্ছিং  কেয়াৰ" সন্দৰ্ভত বেপৰোৱা, উদাসীন দৃষ্টিভংগীৰ বাবে ৰোগীৰ ওপৰত এনে অস্বাস্থ্যসন্মত ব্যৱস্থা  প্ৰয়োগ কৰি অহা হৈছে সুদীর্ঘ দিন ধৰি । এখন চৰকাৰী অসামৰিক চিকিৎসালয়ত জটিল ৰোগীক প্লাষ্টিকৰ টেমা কাটি শৌচ প্ৰেচাব কৰোৱা এনে অমানৱীয় কাণ্ডই বাস্তৱিকতে এচাম স্বাস্থ্য বিষয়া , কৰ্মচাৰীয়ে যে মাহিলি বেতনৰ বাবেহে দায়িত্বত আছে জন সেৱাৰ বাবে নাই তাক প্ৰমাণিত কৰিছে । 

চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে ব্লক ফাৰ্মাচিষ্ট গৰাকীৰ  হাতত এনে "বে'ড পেন" মজুত আছে যদিও ৰোগীৰ ব্যৱহাৰৰ বাবে ওলাই নাহে । কোন স্বাস্থ্য বিষয়া কৰ্মচাৰীয়ে জনস্বাস্থ্য,ৰোগাক্ৰান্তলৈ পিঠি দি  পৈত্রিক সম্পত্তি ৰূপে গণ্য কৰি এনে অধঃপতিত অৱস্থালৈ নিক্ষেপ  কৰিছে চিকিৎসালয়খনক সেয়া তদন্ত হোৱাটো বিচাৰে ভূক্তভোগী আৰু ৰাইজে ।

এই অমানৱীয় কাণ্ডৰ ক্ষেত্ৰত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক , ঢকুৱাখনা মহকুমাধিপতিয়ে তাৎক্ষণিক পদক্ষেপ লোৱাটো ৰোগাক্ৰান্তৰ  বাবে অতি জৰুৰী।  অন্যথাই অকমন্য বেতনভোগীৰ এনে কাণ্ডজ্ঞানহীনতাই গণক্ষোভৰ বৰ্হি প্ৰকাশ ঘটোৱাৰো সম্ভাৱনা অধিক। উল্লেখ্য যে চিকিৎসালয়খনৰ এনেবোৰ দিশ চকু দিবলৈ এখন পৰিচালনা সমিতি আছে যদিও সমিতিখনৰ অকমন্যতা আৰু  অন্ধমুনিৰ ভূমিকাই নিজকে অন্য এক জটিল সমস্যা হিচাপে প্ৰতিষ্ঠা কৰিছে  লোকদৃষ্টিত।

আৰু পঢ়ক: মূল্যবৃদ্ধি! সংসদত কেঁচা বেঙেনা খালে সাংসদ এগৰাকীয়ে…

assam dhakuakhana