নৰহত্যাকাৰী গেৰজাইক পৰিকল্পিত ভাবে হত্যাৰ অভিযোগ তুলি পত্নীৰ এজাহাৰ…

নৰহত্যাকাৰী গেৰজাইক পৰিকল্পিত ভাবে হত্যাৰ অভিযোগ তুলি পত্নীৰ এজাহাৰ…

author-image
asomiyapratidin
New Update
নৰহত্যাকাৰী গেৰজাইক পৰিকল্পিত ভাবে হত্যাৰ অভিযোগ তুলি পত্নীৰ এজাহাৰ…

ডিজিটেল সংবাদ, ঢকুৱাখনা : নৰহত্যা, চুৰি, ডকাইতি, ভয় ভাবুকি আদিৰ অভিযোগত অভিযুক্ত পলাতক অপৰাধী ঢকুৱাখনা ভাটি জালভাৰী গাঁৱৰ গেৰজাই বৰুৱা (ৰাজু)ক পৰিকল্পিত ভাবে হত্যা কৰা হ'ল ।  ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বাটচৰামুখ গাঁৱৰ  পুতুল ভূঞাৰ ঘৰত এই পৰিকল্পনা কাৰ্যকৰী কৰি যোৱা ১৮ আগষ্টত গাঁওখনৰ একাংশ ৰাইজে নিৰ্মম আৰু নিৰ্দয় ভাবে প্ৰহাৰ কৰি, হানি খুচি সন্ত্রাস সৃষ্টিকাৰী গেৰজাইক মাৰিলে ।

এই অভিযোগ গণ প্ৰহাৰত মৰ্মান্তিক মৃত্যুক সাৱটি লোৱা পলাতক অপৰাধী গেৰজাই বৰুৱাৰ পত্নী ললিতা বৰুৱাৰ।  ঘিলামৰা থানাত দাখিল কৰা এক এজাহাৰত মৃতকৰ পত্নী ললিতা বৰুৱাই উল্লেখ কৰা মতে ঘিলামৰা থানাৰ অন্তৰ্গত বাসুদেৱ বাটচৰা মুখ গাঁৱৰ পুতুল ভূঞাৰ ঘৰত উক্ত দিনা ভাত খোৱাইছিল গেৰজাই বৰুৱাক । ভাত খাবলৈ দি ঘৰৰ সকলো দুৱাৰ খিৰিকী বন্ধ কৰি  ভূঞাৰ ককায়েক ভায়েক সমন্বিতে গাঁওখনৰ একাংশ ৰাইজ একত্ৰিত হৈ গেৰজাইক ধৰি বান্ধি নিৰ্মম প্ৰহাৰ কৰে ।

এই গাঁওখনৰ প্ৰদীপ পাঠক, অজিত পাঠক আৰু অনুজ বৰা জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰি মৃতকৰ পত্নী ললিতা বৰুৱাই পৰৱৰ্তী সময়ত এচাম উন্মত্ত ব্যক্তিয়ে দা, লাঠি, পচা, গছৰ ডালেৰে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ বাবেই গেৰজাই বৰুৱাৰ অপমৃত্যু ঘটা বুলি অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে।

ঘিলামৰা থানাত এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত এক গোচৰ পঞ্জীয়ন হৈছে ।  ইতিমধ্যে ঢকুৱাখনা মহকুমা ন্যায়িক আদালতলৈ প্ৰেৰণ কৰা এই গোচৰৰ কি  ফল ওলাই তালৈ গোচৰিয়া ললিতা বৰুৱাই অপেক্ষা কৰিছে ।

assam himanta biswa sarma Assam police