/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/dd12e98e-98d2-42cf-9d90-0105906441af/mass.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্য চৰকাৰৰ অসম মীন উন্নয়ন নিগম লিমিটেডৰ অধীনস্থ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বলাহী চামপৰা মীন মহলত দীৰ্ঘ দিন ধৰি চৰকাৰী ৰাজহ ফাঁকিৰে মৎস্য চিকাৰ কৰি আহিছে এক অশুভ চক্ৰই।
ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দেৱলীয়া পঞ্চায়তত অৱস্থিত চৰকাৰী মীন মহলৰ বিপৰীতে নিগমে নিবিদা আহ্বান কৰাৰ পৰৱৰ্তী সময়ত কোনো নিবিদাকাৰীকে বন্দোবস্তি প্ৰদান নকৰাৰ স্বত্বেও এগৰাকী নিবিদাকাৰীয়ে চোৰাংভাবে অবাধ হাৰত মৎস্য চিকাৰ কৰি চৰকাৰী মীন সম্পদৰ বিপৰীতে ৰমৰমীয়া বেহা মেলি লাভান্বিত হৈ অহাৰ অভিযোগ উঠিছে ।
কোনো ধৰণৰ মীন বিভাগৰ বন্দোবস্তি চুক্তি আৰু নিৰ্দেশ নোহোৱা স্বত্তেও অহৰ্নিশে ব্যাপক হাৰত মূল্যবান মাছ ধৰি উচ্চ দৰত বিক্ৰী কৰি অবৈধ মুনাফা অর্জন কৰি অহা ব্যক্তিজন হ'ল অনিল দাস ।
উত্থাপিত অভিযোগ অনুসৰি এইগৰাকী স্বয়ম্ভূ মহলদাৰে একাংশ প্ৰশিক্ষিত মৎস্যজীৱি ব্যক্তিৰ জৰিয়তে মুকলিকৈ বৰালি, চিতল, খৰীয়া, আঁৰি, কুহি আদি বিভিন্ন প্ৰজাতিৰ মাছ ধৰি এক অবৈধ বেহা চলাই আহিছে ।
মীন মহলখনৰ পৰা ক্ৰয় কৰা মাছ ব্যৱসায়ী সকলক মহলৰ মাছ বিক্ৰীৰ কোনোধৰণৰ ৰচিদ অথবা চালান নিদি অব্যাহত ৰখা এনে চৌর্য বৃত্তিৰ বাবে চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ লাভৰ পৰা বঞ্চিত হোৱাই নহয় পৰৱৰ্তী সময়ত বন্দোবস্তি লাভ কৰিবলগা মীন মহলখনৰ নিবিদাকাৰী ব্যাপক লোকচানৰ সন্মুখীন হোৱাটো নিশ্চিত ।
চৰকাৰী মীন ৰাজহ সংগ্ৰহৰ অন্যতম প্ৰধান আৰু লাভজনক উৎস স্বৰূপ এই মীন মহলখনৰ বিভাগীয় বন্দোবস্তি প্ৰদানৰ যাৱতীয় বিধি ব্যৱস্থা অব্যাহত ৰখাৰ সময়তে এইজন স্বয়ম্ভূ মহলদাৰে চলাই যোৱা এনে মৎস্য সম্পদৰ চোৰাং বেহা সন্দৰ্ভত লখিমপুৰ জিলা উপায়ুক্তক সোমবাৰে লিখিত অভিযোগ দাখিল কৰে যুৱৰাজ দাস নামৰ এজন নিবিদাকাৰীয়ে।
উপায়ুক্তই এই অভিযোগৰ সন্দৰ্ভত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিক যাৱতীয় জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া বুলি জনা গৈছে । উল্লেখ্য যে মীন উন্নয়ন নিগমে এই বলাহী চামপৰা মীন মহলখনৰ বিপৰীতে যোৱা ৮ জুলাইত বিভাগে নিবিদা আহ্বান কৰিছিল। সেই অনুসৰি মুঠ ১৬ গৰাকী নিবিদাকাৰীয়ে নিবিদা দাখিল কৰিছিল । ইয়াৰ ভিতৰত উত্তৰ লখিমপুৰৰ সনাতন গাঁওৰ অনিল দাস নামৰ এগৰাকী নিবিদাকাৰীয়ে মহলৰ আৱন্তন লাভ কৰিছিল ।
বিভাগীয় বিধি অনুসৰি দাসক মীন মহলখন ৭ বছৰৰ বাবে ২ কোটি ২৬ লাখ ২৫ হাজাৰ ৪১৪ টকা ৰাজহ ধার্য কৰি আৱন্তন দিয়াৰ প্ৰস্তাৱ দিয়ে । সেই অনুসৰি অনিল দাসক বেংক গেৰাণ্টিসহ বাৰ্ষিক ৰাজহ কিস্তিৰ ধনৰ সৰ্বমুঠ প্ৰায় ৩৯ লাখ টকা জমা দি চুক্তিবদ্ধ হ'বলৈ নিৰ্দেশ জাৰি কৰিছিল ।
কিন্তু নিৰ্ধাৰিত সময়ত দাসে উক্ত পৰিমাণৰ ধন ৰাশি জমা দিয়াত ব্যৰ্থ হোৱাৰ পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ জৰিয়তে এসপ্তাৰ অতিৰিক্ত সময় লৈছিল । সেই অতিৰিক্ত নিৰ্ধাৰিত সময়ৰ মঙলবাৰে অন্তিম সময়সীমা । মঙলবাৰ পৰ্যন্ত মীন মহলখনৰ মৎস্য চিকাৰৰ বাবে কোনো পক্ষকে অনুমতি প্ৰদান নকৰা স্বত্তেও ব্যাপক হাৰত চলাই থকা এনে অবৈধ কাৰ্যৰ বিৰুদ্ধে ৰহস্যজনক ভাবে নীৰৱ মীন বিভাগ ।
মীন বিভাগৰ এনে অন্ধ মুনিৰ ভূমিকাত অতিষ্ঠ নিবিদাকাৰী যুৱৰাজ দাসে সোমবাৰে জিলাধিপতিক দিয়া অভিযোগৰ পৰিপ্ৰেক্ষিততো মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন তৎপৰ হৈ উঠা পৰিলক্ষিত হোৱা নাই ।
পৰিণতিত ব্যাপক ৰাজহ লোকচানৰ দিশে গতি কৰিছে মীন মহলখনে। আগত সময়ত চৰকাৰী ৰাজহ ফাঁকিৰে অবৈধ মৎস্য বেপাৰৰ বিষয়টোকলৈ দায়িত্বশীল পক্ষই কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।