কৃত্ৰিম বানত ডুবিছে ঢকুৱাখনাবাসী

কৃত্ৰিম বানত ডুবিছে ঢকুৱাখনাবাসী

author-image
asomiyapratidin
New Update
কৃত্ৰিম বানত ডুবিছে ঢকুৱাখনাবাসী

ডিজিটেল সংবাদ , ঢকুৱাখনা : ১০টা ৱাৰ্ড বিশিষ্ট ঢকুৱাখনা পৌৰ সভাৰ বিগত সময় চোৱাৰ পৌৰ সমিতি সমূহৰ  কাণ্ডজ্ঞানহীনতা , অবিবেচকী ভূমিকা আৰু নৱ গঠিত পৌৰ সভাখনৰ  অকমন্যতাই ঢোকে ঢোকে পানী খুৱাইছে ঢকুৱাখনা নগৰ বাসীক। সুপৰিকল্পিত আৰু বিজ্ঞানসন্মত  চিন্তা চৰ্চা আৰু কাৰ্যপ্ৰণালীৰ অভাৱৰ বাবে পৌৰ সভা এলেকাত বিগত কেইবা বছৰ ধৰি সৃষ্ট কৃত্ৰিম বানৰ কবলত পৰি হাবু ডুবু খাই আহিছে নাগৰিকে। 

Advertisment

প্ৰধানতঃ নগৰৰ বিভিন্ন ৱাৰ্ডক সাঙুৰি বিজ্ঞানসন্মত ভাবে নলা নৰ্দমা নিৰ্মাণত পৌৰ সভা সমূহে যথোচিত গুৰুত্ব প্ৰদান নকৰাত কৃত্ৰিম বানৰ সমস্যাই দিনক দিনে ভয়াবহ ৰূপ লৈ আহিছে ।  অতি সম্প্ৰতি নগৰ খনৰ ৬,৭,৮আৰু ৯ নম্বৰ  ৱাৰ্ড সমূহত এই কৃত্ৰিম বানৰ সমস্যাই অধিক জটিল ৰূপ ধাৰণ কৰিছে ।  এজাক সাধাৰণ বৰষুণ দিলেই  বিভিন্ন স্থানৰ পৰা গৈ আবদ্ধ হোৱা পানীৰে ৱাৰ্ডবাসীৰ পথৰ ওপৰত , বাস গৃহ চৌহদ জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈ আহিছে ।

বিশেষ ভাবে নগৰ খনৰ মূল চাৰি আলিৰ বালি গাঁও হৰিমন্দিৰৰ সমীপৰ ৰাজ্যিক ঘাই পথৰ উপৰিও বালি গাঁও , বেংগলী পট্টি , মানিকপুৰ , আলোক নগৰ , কমাৰ গাওঁকে ধৰি বিভিন্ন অঞ্চলত কৃত্ৰিম বানে নাগৰিকক দুৰ্ভোগ ভোগাই আহিছে দীৰ্ঘদিন ধৰি। ৰাজ্যিক ঘাই পথৰ দাঁতিত লোকনিৰ্মান বিভাগে  অপৰিকল্পিত আৰু অদূৰদৰ্শীতাৰে নলা নিৰ্মাণ কৰাৰ পৰিণতিত এতিয়া এই নলা নৰ্দমাৰে বৰ্জিত পানী নিষ্কাশন হোৱাটো সম্ভৱ হোৱা নাই ।

তেনেদৰে নগৰৰ মাজেৰে যোৱা নলা নৰ্দমাবোৰ কস্মিন কালেও নিকাকৰণ কৰাত পৌৰ সভাই গুৰুত্ব নিদিয়াৰ বাবে উচিষ্ট সামগ্ৰী পৰি নলা নৰ্দমা বোৰৰ পৃষ্ঠভাগ ওপৰলৈ উঠি অহাত এই নলাৰেও পানী নিষ্কাশন নহয় । ফলত নলা নৰ্দমাৰ আবদ্ধ , প্ৰদূষিত দুৰ্গন্ধযুক্ত পানী বাহিৰলৈ ওলাই আৱাসীক এলেকাত প্ৰৱেশ কৰি এক অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি কৰি আহিছে । জনজীৱন বিপদাপন্ন কৰি আহিছে নাগৰিকৰ  । তদ্রুপ ভাবে নগৰৰ মাজমজিয়াত অৱস্থিত নলা নৰ্দমা সমূহৰ উপৰভাগ অৰ্থলোভী ঠিকাদাৰৰ নিম্ন মানৰ কামৰ বাবে ভাগি ছিগি উন্মুক্ত হৈ পৰাৰ বাবে নগৰৰ বিভিন্ন পদ পথ মৰণফাণ্ডলৈ পতিত হৈছে ।

একাংশ ব্যৱসায়ীয়ে অকমন্য পৌৰ সভাৰ  অন্ধমুনি সদৃশ পৌৰপতি ,  পৌৰ আয়ুক্ত সকললৈ বাট নাচায় নিজৰ অৰ্থ ব্যয় কৰি উন্মুক্ত নৰ্দমাৰ ঢাকোন  নিজে বনাই লৈছে যদিও মৰটোপনি ভগা নাই অকমন্য পৌৰ সভা আৰু মহকুমা প্ৰশাসনৰ। কেৱল ক্ষমতাৰ খক পূৰাবলৈ চৰকাৰী পুঁজিৰ শ্ৰাদ্ধ পতা বিগত সময়ৰ নগৰ সমিতিখনৰ নিৰ্লজ ব্যৰ্থতাৰ পৰৱৰ্তী সময়ত নৱ নিৰ্বাচিত পৌৰপতি ৰাজীৱ দাসে এই জটিল সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে কি  তাৎক্ষণিক ফলপ্ৰসূ কাৰ্য্য প্ৰণালী গ্ৰহণ কৰে সেয়া নাগৰিকৰ বাবে লক্ষণীয় হ'ব ।

পিছে কৃত্ৰিম বান কবলিত বিভিন্ন ৱাৰ্ডৰ বাস স্থান ,শিক্ষানুষ্ঠান আদি জলমগ্ন হৈ থকাৰ পাছতো এইগৰাকী নৱ নিৰ্বাচিত পৌৰপতি আৰু পৌৰ আয়ুক্ত সকলৰ গা লৰা ভুক্তভোগী নাগৰিকে দেখা নাই । সমান্তৰাল ভাৱে এই স্পৰ্শকাতৰ বিষয়ত  ধৃতৰাষ্ট্রৰ ভূমিকা পালি আহিছে মহকুমাধিপতি অৰিন্দম বৰুৱায়ো । ইপিনে পৌৰ সভাৰ নিৰ্বাচনৰ পূৰ্বে নাগৰিকক প্ৰলোভিত আৰু আশ্বস্ত কৰিবলৈ পৌৰ সভাৰ পুঁজিৰে নগৰৰ মাজমজিয়াত এটা নলা নিৰ্মান আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল বিধায়ক নৱ দলেয়ে ।

কিন্তু আধাৰশিলা স্থাপনৰ কেইবা মাহ অতিক্ৰম কৰাৰ পাছতো নলা নিৰ্মাণৰ নামত পৌৰ সভাৰ এচপৰা  ইটা, এমুঠি শিল বালিও নপৰিল  ।  ধোঁৱা চাঙত উঠিল এই নলা নিৰ্মাণৰ অভিলাসী আঁচনি ।  নিৰ্বাচিত জন প্ৰতিনিধিৰ এনে ভেল্কীবাজি সদৃশ কাম কাজৰ নিৰ্মম হাৰাশাস্তিৰ সন্মুখীন হব লগীয়া হৈছে ঢকুৱাখনাৰ নাগৰিক ।

আৰু পঢ়ক: চ্যুকাফা চকিয়াল যুৱ সমাজৰ উদ্যোগত ৰঙালী বিহু…

assam flood dhakuakhana