দৰিদ্ৰ কৃষকক ঋণ প্ৰদানৰ নামত এলাহাবাদ বেংকৰ লুণ্ঠন …

দৰিদ্ৰ কৃষকক ঋণ প্ৰদানৰ নামত এলাহাবাদ বেংকৰ লুণ্ঠন …

author-image
asomiyapratidin
New Update
দৰিদ্ৰ কৃষকক ঋণ প্ৰদানৰ নামত এলাহাবাদ বেংকৰ লুণ্ঠন …

ডিজিটেল সংবাদ, ঢকুৱাখনা : যি সময়ত চহা শ্ৰমজীৱী ৰাইজৰ হিতাৰ্থে ৰাজ্য চৰকাৰে বিভিন্ন  জনহিতৈষী আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে  ঢকুৱাখনা মহকুমাৰ গঞা  দৰিদ্ৰ কৃষকক চৰকাৰী আঁচনি প্ৰদানৰ নামত ভয়ংকৰ লুণ্ঠনৰাজ চলাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।

Advertisment

মহকুমাটোৰ  দৰিদ্ৰ  কৃষকৰ মূৰত মাধমাৰ সোধাই চলোৱা এনে মুকলি লুটপাতৰ বেহাখন সংঘটিত হৈছে মহকুমাটোৰ মৰনৈ বেবেজিয়া  অঞ্চলত অৱস্থিত ইণ্ডিয়ান বেংকত । ভুক্তভোগী কৃষক বিশ্ব কুমাৰ পেগু , লীলা কান্ত দলে ,  বিজুৱণ্ট  পেগু , দীনেশ পেগু , ৰেভেন দলে আদিৰ লগতে ৬০ গৰাকী হিতাধিকাৰীয়ে  উত্থাপন কৰা অভিযোগ অনুসৰি মহকুমাটোৰ  বৰবাৰী অঞ্চলৰ দৰিদ্ৰ  কৃষিজীৱী ৰাইজক  ৰাজ্য চৰকাৰৰ "কৃষাণ ক্ৰেডিট কাৰ্ড"( কে চি চি) ঋণৰ অৰ্থ সাহায্য প্ৰদানৰ আশ্বাসেৰে  বৰবাৰী গাঁওৰ  ৰবীন দলে নামৰ এজন ব্যক্তিয়ে  প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰিছিল ২০১৮ বৰ্ষৰ অক্টোবৰ মাহত। 

মহকুমাটোৰ বেবেজিয়া অঞ্চলত স্থাপিত তেতিয়াৰ এলাহাবাদ বেংক আৰু বৰ্তমানৰ ইণ্ডিয়ান বেংকৰ শাখাটোৰ জৰিয়তে শাখা প্ৰবন্ধক থমাছ মিলিৰ  নিৰ্দেশ মতে  কে চি চি ঋণ প্ৰদান কৰাৰ প্ৰলোভন আৰু আশ্বাসেৰে বৰবাৰী গাঁওখনৰ অৰ্ধশতাধিক দৰিদ্ৰ কৃষকৰ পৰা প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰিছিল। কৃষক ৰাইজৰ কৃষি কৰ্মত সহায়ক হোৱাৰ স্বাৰ্থত দৰিদ্ৰ হিতাধিকাৰী সকলে  ৰবীন দলেৰ হাতত সকলো নথিপত্ৰ দাখিল কৰাৰ কিছুদিন পাছত  ৰবীন দলেয়ে কৃষক সকলক ঘৰত আহি  আৰু ,হাটে বাটে লগ ধৰি  ৯ হাজাৰ ৫০০ টকাৰ পৰা ৮ হাজাৰ ,৭ হাজাৰ আদি বিভিন্ন পৰিমাণৰ টকা হিতাধিকাৰী সকলক  আদায় দিয়ে।

হিতাধিকাৰী সকলক এয়া কে চি চি ঋণৰ আবন্টিত পুঁজিৰ কেৱল ৰাজসাহায্যৰ অংশহে বুলি নিশ্চয়তা প্ৰদান কৰি ৰবীন দলেয়ে  এই পুঁজি কোনোকাৰণত চৰকাৰক উভতাই দিব নালাগে বুলি জানিবলৈ দিয়ে । তাৰোপৰি  বেংক ঋণৰ মূল পুঁজি গ্ৰাহকৰ একাউণ্টত মজুত থকা বুলিও জানিবলৈ দিয়ে গ্ৰাহক সকলক।  দলেয়ে নিজকে বেংকটোৰ এজেন্ট হিচাপে চিনাকি দি এই কাৰ্যত বেবেজিয়াৰ মাজ পাতৃচুক অঞ্চলৰ চন্দ্ৰ দলে  আৰু প্ৰবন্ধক মিলি প্ৰত্যক্ষ ভাবে জড়িত বুলি জানিবলৈ দিয়ে। 

প্ৰবঞ্চিত ৰাইজে  এই দুজন দালাল ৰূপী ব্যক্তিৰ পৃষ্ঠপোষকতাত আৰু প্ৰবন্ধক মিলিৰ সহযোগিতাত এই বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তোলে।  বুধবাৰে  ভুক্তভোগী ৰাইজে জনোৱা মতে  এই দুজন দালালে কৃষক হিতাধিকাৰী সকলৰ তিপ চহী লৈ প্ৰপত্ৰ পূৰণ কৰি লগতে উকা কাগজ আৰু ধন উঠোৱা প্ৰ-পত্ৰত আগতীয়াকৈ স্বাক্ষৰ কৰি লয়।

পৰৱৰ্তী সময়ত বেংকৰ শাখাটোৰ হিতাধিকাৰী সকলৰ নামত একাউণ্ট  খোলা হয় যদিও বিগত ৪ টা বছৰে  এজনো হিতাধিকাৰী গ্ৰাহকক নিজা নিজা পাছবুক চমজাই নিদিলে  অথবা  জমাকৃত ধনৰ পৰিমাণ  সন্দৰ্ভত তথ্য জানিবলৈ নিদিলে।  এই সন্দৰ্ভত বঞ্চিত গ্ৰাহক সকলে  বেংকটোৰ শাখা প্ৰবন্ধকক প্ৰশ্ন উত্থাপন কৰাৰ পাছতো কোনো সুদুত্তৰ  লাভ নকৰিলে ৪ বছৰে।

তাৰোপৰি দালাল  ৰবীন পেগু আৰু চন্দ্ৰ দলেৰ  কাষ চাপিও  ব্যৰ্থ হোৱা দৰিদ্ৰ ৰাইজে শেহতীয়া ভাবে বেংক কৰ্তৃপক্ষৰ পৰা লাভ কৰিছে বিশেষ জাননী । যাৰ বাবে এতিয়া দৰিদ্ৰ কৃষক পৰিয়াল সমূহৰ মাজত সূত্ৰপাত ঘটিছে ব্যাপক অসন্তুষ্টিৰ ।  ঋণৰ সমূদায় পুঁজি গ্ৰাহক সকলৰ  বেংক একাউণ্টত জমা আছে আৰু কেৱল ৰাজ সাহায্যৰ অংশহে নগদ লাভ লাভ কৰা বুলি প্ৰত্যয়েৰে গ্ৰাহক সকলক জানিবলৈ দিয়াৰ পাছত কিয়  ৭০ – ৮০ হাজাৰ টকা ঋণ পৰিশোধ কৰাৰ জাননী আহিছে তাক লৈ চিন্তিত গঞা ৰাইজ।

এই ক্ষেত্ৰত  দৰিদ্ৰ গঞা কৃষক সকলে  বেংকত গৈ খবৰ কৰি পতিয়ন যায় যে সমূদায় পুঁজি একাউন্টৰ পৰা হৰলুকী হৈছে । গ্ৰাহক হিতাধিকাৰী সকলে কোনো পুঁজি উঠোৱা  বেংক প্ৰপত্ৰত স্বাক্ষৰ নকৰা স্বত্তেও  কি দৰে এই পুঁজি  একাউন্টৰ পৰা ওলাই গল তাক লৈ বেংক কৰ্তৃপক্ষৰ ওপৰতো সন্দেহৰ তৰ্জনী উঠিছে। 

ক্ষুব্ধ ৰাইজে জনোৱা মতে কৃষি ঋণৰ ধন প্ৰদানৰ  প্ৰলোভনেৰে   বৰবাৰী গাঁওৰ ৰবীন পেগু , মাজ পাতৃ চুক গাঁওৰ  চন্দ্ৰ দলেয়ে প্ৰতিগৰাকী গ্ৰাহক হিতাধিকাৰীৰ পৰা নগদ ৫০০  থকাকৈ "বিশেষ চচাইটি"ৰ নামত সংগ্ৰহ কৰা বুলি কৈ চৰকাৰী আঁচনি প্ৰদানৰ নামত এনে  দৰে সংঘটিত কৰা ভয়ংকৰ বিত্তীয় লুটপাতৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতি কামনা কৰিছে ।  খাটি খোৱা শ্ৰমজীৱী ৰাইজক কেঁকুৰা চেপা দিয়া,প্ৰতাৰক প্ৰবঞ্চক সকলৰ  বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ  প্ৰস্তুতি চলাইছে ।

assam dhakuakhana