/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/kjjkjkd.jpg)
ডিজিটেল সংবাদ , ঢকুৱাখনা : ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰখনৰ যুগান্তকাৰী বিৱৰ্তন অনাৰ প্ৰয়াসেৰে প্ৰৱৰ্তন হ'বলগীয়া নতুন শিক্ষা নীতি ২০২০ ৰ সঠিক আৰু ফলপ্ৰসূ ৰূপায়নত উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ অসমে পূৰ্ণ সহযোগিতা আৰু সমৰ্থন আগবঢ়াব।
কিন্তু এই শিক্ষা নীতি প্ৰৱৰ্তনৰ পূৰ্বে ৰাজ্যখনৰ শিক্ষানুষ্ঠান সমূহত উপলব্ধ বিভিন্ন অভাৱ সমস্যা দূৰীকৰণ শিক্ষা বিভাগৰ প্ৰথম আৰু প্ৰাৰম্ভিক কৰ্তব্য হব লাগিব। প্ৰধানকৈ শিক্ষানুষ্ঠান সমূহত স্থায়ী বিদ্যালয় প্ৰধান নিযুক্তি দিয়া , শিক্ষানুষ্ঠান সমূহত সুদীর্ঘ দিন ধৰি খালী হৈ থকা শিক্ষক , উচ্চ আৰু নিম্ন বৰ্গৰ সহায়ক , চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ পূৰণ কৰা , শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁঠনি সবল কৰা , বিদ্যালয়লৈ চৰকাৰী ভাবে বিভিন্ন শিতানত আগবঢ়োৱা আৰ্থিক অনুদানৰ পৰিমাণ বৃদ্ধি কৰা আদি বিষয় সমূহত ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগে অগ্ৰাধিকাৰ ভিত্তিত গুৰুত্ব প্ৰদান কৰাটো অতীৱ প্ৰয়োজনীয় ।
উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ অসমৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভাই বুধবাৰে নতুন শিক্ষা নীতি সন্দৰ্ভত মননশীল আলোচনা কৰি এই মত পোষণ কৰে। গুৱাহাটীৰ কামাখ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে অনুষ্ঠিত অধ্যক্ষ মঞ্চৰ কাৰ্যনিৰ্বাহক সভাৰ সভাপতিত্ব কৰে মঞ্চৰ সভাপতি কল্পনা গগৈয়ে । মঞ্চৰ গৰিষ্ঠ সংখ্যক কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থকা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মঞ্চৰ সাধাৰণ সম্পাদক আবুল হাছান আল আমানে । ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰখনলৈ অনাগত সময়ত আহিব পৰা বিভিন্ন প্ৰতিবন্ধক আৰু প্ৰত্যাহ্বান নেওচি সফল শৈক্ষিক অগ্ৰগতি অৰ্জনৰ উপায় আৰু কৌশল উদ্ভাৱন সন্দৰ্ভত অধ্যক্ষ মঞ্চৰ সভাত বিশ্লেষণাত্মক আলোচনা কৰা হয় ।
সভাত উপস্থিত গৰিষ্ঠ সংখ্যক অধ্যক্ষই নতুন শিক্ষা নীতি ২০২০ ৰ জৰিয়তে আহিবলগীয়া বিদ্যায়তনিক উত্তৰণ সন্দৰ্ভত বক্তব্য ৰাখি মঞ্চই এই শিক্ষা নীতিৰ সুৰূপায়নত অকুণ্ঠ সহযোগিতা আগবঢ়াব বুলি মত ব্যক্ত কৰে । মঞ্চৰ সাধাৰণ সম্পাদক গৰাকীয়ে জনোৱা মতে ৰাজ্যখনৰ শিক্ষক শিক্ষাৰ্থী সকলৰ শৈক্ষিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যেৰে অচিৰেই ৰাজ্যিক আৰু জিলা পৰ্যায়ত এলানি শৈক্ষিক কৰ্মশালা অনুষ্ঠিত কৰিবলৈকো সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
সভাত অসম ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সাধাৰণ সম্পাদক খগেন চন্দ্ৰ পেগুক মঞ্চৰ তৰফৰ পৰা আন্তৰিক সম্বৰ্ধনা জনোৱা হয়। মঞ্চৰ সম্বৰ্ধনা গ্ৰহণ কৰি পেগুৱে অধিবিদ্যা পৰিষদ আৰু অধ্যক্ষ মঞ্চৰ সন্মিলিত আৰু সংঘবদ্ধ শক্তিৰে ৰাজ্যখনৰ মাধ্যমিক শিক্ষাৰ গুণগত উন্নয়নৰ হকে কাম কৰি যোৱাৰ পোষকতা কৰে ।
দিনজোৰাকৈ অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত অধ্যক্ষ সকল দীৰ্ঘ দিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন অভাৱ সমস্যাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগক অৱগত কৰি আলোচনাৰ মাধ্যমেৰে স্থায়ী সমাধান কৰাৰ সহমত পোষণ কৰে। লগতে অহা ১৪ অক্টোবৰৰ দিনটো মঞ্চই চতুৰ্থ প্ৰতিষ্ঠা দিৱস হিচাবে নগাঁও জিলা মঞ্চৰ অতিথ্যত অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
আৰু পঢ়ক: "আৰ এছ এছ কাৰ্যালয়ৰ সন্মুখত নাছিল ৰাষ্ট্ৰীয় পতাকা" মুখ্যমন্ত্ৰীক উভতি ধৰিলে বিৰোধীয়ে…