এইবাৰ ঢকুৱাখনাত চলিল প্ৰশাসনৰ বুলডজাৰ

এইবাৰ ঢকুৱাখনাত চলিল প্ৰশাসনৰ বুলডজাৰ

author-image
asomiyapratidin
New Update
এইবাৰ ঢকুৱাখনাত চলিল প্ৰশাসনৰ বুলডজাৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: অবৈধ দখলদাৰীৰ বিৰুদ্ধে এইবাৰ ঢকুৱাখনা নগৰত চলিল ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উচ্ছেদ অভিযান। ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত ঢকুৱাখনা নগৰাঞ্চলৰ পদ পথ আৰু চৰকাৰী ভূমিত বেদখল কৰি  ব্যৱসায় বাণিজ্য চলাই থকা ক্ষুদ্ৰ ক্ষুদ্ৰ অস্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ  বুধবাৰে উঠাই দিয়া হয় আৰু পৰৱৰ্তী সময়ত এনে আইন বিৰুদ্ধ কাম নকৰিবলৈ সকীয়াই দিয়া হয় ।

Advertisment

ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলে , ঢকুৱাখনা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া তথা সহকাৰী আয়ুক্ত অভিজাত বৰাৰ নেতৃত্বত ৰাজহ চক্ৰৰ কাননগুহ জিতেন গগৈ আৰু সকলো  লাট মণ্ডলৰ সহযোগিতাত প্ৰশাসনে টাউন তিনি আলিৰ পৰা নগৰৰ মূল কেন্দ্ৰত এই অভিযান চলায়।

টাউন তিনি আলিৰ পৰা আৰম্ভ কৰি নগৰাঞ্চলৰ পদ পথৰ দাঁতিত আৰু  চৰকাৰী ভূমিত অবৈধ দখল কৰি ৰখা বহু কেইটা ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰশাসনে বুলডজাৰ লগাই ভাঙি উচ্ছেদ কৰে। প্ৰশাসনে জনোৱা মতে উচ্ছেদিত পঞ্জীয়নকৃত ব্যৱসায়ী সকলক ব্যৱসায় অনুপাতে সুনিৰ্দিষ্ট স্থানত সংস্থাপিত কৰা হ'ব আৰু নগৰখনৰ  ব্যক্তিগত আৰু বাণিজ্যিক বিভিন্ন যান বাহনৰ পাৰ্কিংৰ  সুব্যৱস্থা কৰা হ'ব ।

নগৰখন শৃংখলিত আৰু পৰিকল্পিত  কৰাৰ লগতে সাধাৰণ নাগৰিকৰ জীৱন সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰি তুলিবলৈ প্ৰশাসনীয় ভাবে গ্ৰহণ কৰা এই পদক্ষেপত নাগৰিক আৰু ব্যৱসায়ী সকলৰ সহযোগিতা পৌৰ সভাই কামনা কৰিছে । ইপিনে সুদীর্ঘ দিন ধৰি ব্যৱসায় চলাই অহা  উচ্ছেদিত থলুৱা নিবনুৱা যুৱক সকলে পুনৰসংস্থাপনৰ দাবী জনাই বুধবাৰে ঢকুৱাখনাৰ মহকুমাধিপতিক সাক্ষাৎ কৰি দাবী পত্ৰ প্ৰদান কৰিছে ।

আৰু পঢ়ক: বন্ধুৱে মাতিছিল ফোন কৰি, পাছত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ…

assam dhakuakhana