/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/flood-4.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: গাই জীয়া ঢলৰ বিধ্বংসী বানে ইতিমধ্যে তাণ্ডৱ সৃষ্টি কৰিছে ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰত। ৰাজহ চক্ৰটোৰ অন্তৰ্গত বৰদৈ পঞ্চায়ত আৰু বিলমুখ পঞ্চায়তৰ নপাম, চকলাগুৰি , মহবল, ত্ৰিশূল , দক্ষিণ ঘিলামৰা,কেছেৰুগুৰি , বাংকেলেং আদি আৰু ধেমাজি জিলাৰ লটাক পঞ্চায়তৰ
চুতীয়াকাৰী, ৰতুৱা, বেতনীহোলা গাঁৱত শুকুৰবাৰৰ পুৱাৰে পৰা বানৰ তাণ্ডৱে জল প্ৰলয়ৰ সূত্ৰপাত ঘটাইছে।
ক্ৰমবৰ্দ্ধিত বানৰ ঢলে চক্ৰটোৰ গোর্খালি চাপৰিৰ পৰা ঘিলামৰা-গোগামুখ ৰাজ্যিক ঘাই পথৰ চামপৰা দলংৰ সমীপলৈ কুমতিয়া নদীৰ বাওঁ ফালে নিৰ্মাণ কৰা মথাউৰীলৈ সৃষ্টি কৰিছে ভয়ংকৰ ভাবুকি । নৱ নিৰ্মিত অৱস্থাত থকা মথাউৰীটোৰ বহু অংশ বাঢ়নী পানীয়ে খহাই নিশ্চিহ্ন কৰাৰ উপক্ৰম ঘটিছে।ফলত মথাউৰীটোৰ প্ৰতি চৰম সংকট নামি আহিছে ।
পৰিণতিত ৯ কোটি ৪৭ লাখ টকা ব্যয়ৰে নিৰ্মিত এই গুৰুত্বপূৰ্ণ মথাউৰীটো যিকোনো সময়ত ভাঙি নিয়াৰ আশংকাই দেখা দিছে । শিহৰণকাৰী বানৰ হেঁচা আৰু প্ৰবল বৰষুণৰ ফলত সমগ্ৰ মথাউৰীটোত সৃষ্টি হোৱা ভাবুকিৰ পৰিপ্ৰেক্ষিতত সামান্য কেইটামান বস্তা দি নিৰ্মীয়মান বান্ধটো সুৰক্ষাত নামি পৰিছে ঠিকাদাৰ গোষ্ঠী। ইপিনে নিশা পৰ্যন্ত বৃদ্ধি পাই থকা বানৰ প্ৰকোপ যদি অনাগত সময়ত অপৰিৱৰ্তিত হৈ থাকে তেন্তে নিৰ্মীয়মান বালিৰ মথাউৰীটোলৈ যে ভয়াৱহ বিপদ নামি আহিব সেয়া নিশ্চিত ।
আৰু পঢ়ক: গাৰ নোম শিঁয়ৰি উঠা দৃশ্য, কেমেৰাৰ সন্মুখতে খহি পৰিল এটা গৃহ…