স্বৰূপ কোঁৱৰলৈ নৱগঠিত ঢকুৱাখনা পৌৰসভাৰ চেয়াৰমেন পদ!

স্বৰূপ কোঁৱৰলৈ নৱগঠিত ঢকুৱাখনা পৌৰসভাৰ চেয়াৰমেন পদ!

author-image
asomiyapratidin
New Update
স্বৰূপ কোঁৱৰলৈ নৱগঠিত ঢকুৱাখনা পৌৰসভাৰ চেয়াৰমেন পদ!

ডিজিটেল সংবাদ, ঢকুৱাখনা : পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা ঢকুৱাখনা পৌৰসভাৰ নিৰ্বাচনত শাসক দল বিজেপিয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰি  ৰাজনৈতিক প্ৰভুত্ব প্ৰতিষ্ঠা কৰিলে।  ১০ টা ৱাৰ্ডৰ ৯ খন আসনতে  একক বিজয় সাব্যস্ত কৰি  গেৰুৱা  দলটোৱে  এখন বিৰোধী বিহীন শক্তিশালী পৌৰ সভা গঠনৰ পথ প্ৰশস্ত কৰিলে । 

Advertisment

পৌৰ সভাৰ ১নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী বগেন কোঁৱৰে  জয়ী হোৱাৰ পাছ মুহূৰ্ততে গেৰুৱা দলটোত আনুষ্ঠানিক ভাৱে যোগদান কৰাত শাসক দলৰ নিৰ্বাচিত প্ৰাৰ্থীৰ সংখ্যা ১০ লৈ বৃদ্ধি হ'ল । এখন  স্বয়ং সম্পূৰ্ণ আৰু বিৰোধী শূণ্য পৌৰ সভাৰ নিৰ্বাচিত পাৰিষদ লাভ কৰি শাসক দলটো উল্লাসিত হৈছে যদিও এক অঘোষিত সমস্যাত পৰিছে শাসক দলৰ লগতে বিধায়ক নৱ দলে  ।

প্ৰধানতঃ পৌৰ সভাৰ মূল চালিকা শক্তি স্বৰূপ "চেয়াৰমেন" আৰু "ভাইছ চেয়াৰমেন"পদৰ  প্ৰাৰ্থী বাচনিক লৈ একপ্ৰকাৰৰ  দোমোজাত  পৰিছে শাসক দল আৰু বিধায়ক । প্ৰধানকৈ  এই সন্মানীয় "চেয়াৰমেন" পদৰ বাবে  বিধায়ক দলেৰ গৃহ ৱাৰ্ড ৬ নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী  স্বৰূপ কোঁৱৰৰ নাম সঘনে আৰু সৰ্বসন্মত ভাবে উত্থাপিত হৈছে যদিও  দলৰ এটা শক্তিশালী  শিবিৰে নিৰ্বাচিত যুৱনেতা  তিলেন দাসৰ নাম প্ৰক্ষেপ কৰাৰ গুণা গঁথা কৰিছে । কিন্তু  বিধায়ক দলেৰ লগতে দলীয় নেতৃবৰ্গৰ কৃপাধন্য স্বৰূপ কোঁৱৰৰ পথেই বাতৰি লেখা পৰ্যন্ত  নিষ্কণ্টক  আৰু মসৃণ হৈ আছে উক্ত পদৰ বাবে ।

সংৰক্ষণ মুক্ত এই "চেয়াৰমেন" পদত এইবাৰ মহিলা  নিৰ্বাচিত প্ৰাৰ্থীক অধিষ্ঠিত নকৰাৰ সিদ্ধান্ত দলে গ্ৰহণ কৰা বুলি শীর্ষ সূত্ৰই জানিবলৈ দি প্ৰয়োজন সাপেক্ষে পৌৰ সভাৰ "ভাইছ চেয়াৰমেন" পদত এগৰাকী যোগ্য , অৰ্হতা বিশিষ্ট মহিলাক অধিষ্ঠিত কৰাৰো সম্ভাৱনীয়তা প্ৰকাশ কৰিছে গেৰুৱা দলৰ সূত্ৰটোৱে। এই ক্ষেত্ৰত ২ নং ৱাৰ্ডৰ নিৰ্বাচিত প্ৰাৰ্থী গুনলতা কুটুম  আৰু ৭ নং ৱাৰ্ডৰ প্ৰাৰ্থী চন্দ্ৰমা গগৈৰ নাম চৰ্চালৈ আহিছে দলীয় মজিয়াত ।  বুধবাৰে নৱ নিৰ্বাচিত সকলো প্ৰাৰ্থীক লৈ গেৰুৱা দলটোৰ জিলা কাৰ্য্যালয় প্ৰাংগণত এখন সম্বৰ্ধনা সভা  অনুষ্ঠিত কৰি নবাগত পাৰিষদ সকলক গামোচাৰে উষ্ণ সম্বৰ্ধনা জনাই দলীয় নেতৃবৰ্গই  ।

দলৰ ৰাজ্যিক সদস্য বসন্ত শইকীয়া,  ঢকুৱাখনা জিলা সভাপতি প্ৰদীপ চমুৱা ,সম্পাদক মহন  দলে ,কোষাধ্যক্ষ সঞ্জীৱ গগৈ ,মণ্ডল সভাপতি সুনীল দলে, যুৱ মৰ্চাৰ সভাপতি বৃকোদৰ দাস, এছ টি মৰ্চাৰ সভাপতি বীৰেন দলেৰ লগতে অন্যান্য পদবী ধাৰী আৰু সমূহ কাৰ্যকৰ্তা উপস্থিত থকা সভাত শীর্ষ সূত্ৰটোৱে "অসমীয়া প্ৰতিদিন"ক বিধায়ক নৱ দলে ঢকুৱাখনালৈ অহাৰ পৰৱৰ্তী সময়ত অনুষ্ঠিতব্য দলীয় আলোচনাৰ পাছতহে নৱ গঠিত পৌৰ সভাৰ পদবী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি জানিবলৈ দিলে ।

assam dhakuakhana