পবিত্ৰ মহাষ্টমীত ঢকুৱাখনাৰ গোসাঁনী থানত ম'হ-ছাগলীৰ বলিৰে দেৱী বন্দনা...

ঢকুৱাখনা মহকুমাৰ শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত কেইবা শতিকাজোৰা বলি বিধানৰ পৰম্পৰা অব্যাহত আছে

author-image
Asomiya Pratidin
New Update
পবিত্ৰ মহাষ্টমীত ঢকুৱাখনাৰ গোসাঁনী থানত ম'হ-ছাগলীৰ বলিৰে দেৱী বন্দনা...

dhakuakhana durga puja

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ শাক্তধৰ্মী ভকত প্ৰাণৰ অন্যতম প্ৰধান উপাস্য থলী ঢকুৱাখনা মহকুমাৰ শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত কেইবা শতিকা জোৰা বলি বিধানৰ পৰম্পৰা অব্যাহত আছে। এই পৰম্পৰা অব্যাহত ৰাখি চলিত বৰ্ষৰ মহিষমৰ্দিনী শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ পূজাত বলি প্ৰথা অনুষ্ঠিত কৰা হয়।

Advertisment

১৭২২ খ্ৰীষ্টাব্দৰ পৰাই  জীৱ প্ৰসাদৰ বলি বিধানেৰে দেৱী দুৰ্গা তথা গোসাঁনীৰ পূজন অৰ্চন কৰি অহা এই ঐতিহাসিক থানখনলৈ সোমবাৰে পবিত্ৰ মহাষ্টমীৰ দিনা পুৱাৰ পৰা নিশা পৰ্যন্ত অগণন ভক্তৰ আগমন ঘটে । ভাগে ভাগে শৰাই, দান-দক্ষিণা, হাঁহ-ছাগলী, কোমোৰা আদি লৈ পূজাৰীৰ মন্ত্ৰ পাঠৰ মাজত নৈবেদ্য আগবঢ়ায় ।

সোমবাৰৰ মহাষ্টমীৰ দিনা দিনৰ ভাগত থানখনলৈ আগমন ঘটা অজস্ৰ সেৱকীয়ে আগবঢ়োৱা জীৱ প্ৰসাদ  হাঁহ, ছাগলীৰ লগতে নিশালৈ ঐতিহাসিক গোসাঁনী থানত তিনিটা গুনা ম'হ বলি দিয়া হয় । ঢোল, তাল, ডবা বৰ কাঁহ, খোল আয়তীৰ উৰুলীৰ মূৰ্ছনাত বিধৌত হোৱা থানৰ বলিশালত প্ৰায় ৯ গৰাকী "আই" আৰু বলি কটিয়া মহেন্দ্ৰ চুতীয়াৰ লোমহৰ্ষক নৃত্যৰ মাজতে তিনিওটা ম'হ বলি দি বৰবলিৰ ৰক্তেৰে আই গোসাঁনীৰ ৰক্ত তৃষা পূৰণ কৰি চৰণ ৰঞ্জিত কৰে ।

আহাতে সোনালী জয়ন্তী বৰ্ষ গৰকা ঢকুৱাখনা মিলন মন্দিৰৰ শ্ৰী শ্ৰী দুৰ্গা পূজাতো অগণন ভক্ত, দর্শনাৰ্থীৰ সমাগম ঘটা পৰিলক্ষিত হয় । তদ্রুপভাৱে নগৰৰ ঠাকুৰবাৰী পূজা মণ্ডপত দৰ্শকৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হয় ।

ঘিলামৰা সদৰৰ দুখন পূজা মণ্ডপৰ লগতে শ্ৰী শ্ৰী মণিপুৰী থান পূজা বেদীতো অভূতপূৰ্ব দৰ্শকৰ সমাগম হোৱা দেখা গ'ল।  ক'ভিড পৰিস্থিতিৰ পাছত উদযাপিত এই শাৰদীয় দুৰ্গা পূজাৰ বেদীলৈ অজস্ৰ দর্শনাৰ্থীৰ সমাগম ঘটে।

assam dhakuakhana durga puja