ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত আৰম্ভ গোসাঁনী পূজা

শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত আৰম্ভ গোসাঁনী পূজা

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত আৰম্ভ গোসাঁনী পূজা

ডিজিটেল সংবাদ, ঢকুৱাখনা :  শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মহিষ মৰ্দনকাৰী শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ  পূজন অৰ্চনৰ পৰম্পৰা শনিবাৰৰ পুৱাৰ পৰাই আৰম্ভ হয়। ঢকুৱাখনা মহকুমাৰ দেৱলীয়া গাঁওস্থিত শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত । ১৭২২ খ্ৰীষ্টাব্দত ৰুদ্ৰ সিংহই প্ৰাণ প্ৰতিষ্ঠা কৰা  উত্তৰ অসমৰ অন্যতম প্ৰধান শক্তি পীঠ হিচাপে পৰিচিত এই গোসাঁনী থান প্ৰাংগণ পুৱাৰ পৰাই  ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ  দর্শনাৰ্থী আৰু সেৱকীৰ সমাগমত প্ৰাণ পাই উঠিছে ।

Advertisment

১৭২২ খ্ৰীষ্টাব্দৰ পৰাই বলি বিধানৰ জৰিয়তে দেৱী পূজাৰ ধাৰাবাহিকতা অব্যাহত থকা এইখন  কালজয়ী শক্তি পীঠলৈ ৰাজ্যখনৰ শত সহস্ৰ ভক্ত প্ৰাণ ৰাইজে হাতে হাতে হাঁহ, ছাগলী ,কোমোৰা আদি লৈ  আই গোসাঁনীৰ নামত উৎসৰ্গা কৰি ধূপ বন্তি জ্বলাই মনোকামনা সিদ্ধিৰ প্ৰাৰ্থনা  জনাবলৈ আগমন ঘটিছে ৰাইজৰ  ।

বৰ্ষীয়ান পুৰোহিত ললিত বৰঠাকুৰ, বিধি পাঠেক চন্দন বৰঠাকুৰৰ পৰিচালনাত শনিবাৰৰ ষষ্ঠীৰ পুৱাৰ পৰা  দৈনিক পূজা আৰম্ভ হৈছে । শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয় পৰিচালনা সমিতিৰ কাৰ্যবাহী সভাপতি মুনিন বৰঠাকুৰ, সম্পাদক ৰাজীৱ শইকীয়াই জানিবলৈ দিয়া মতে শনিবাৰে  সন্ধিয়া  ৬ বজাৰ পৰা ষষ্ঠী পূজা আৰম্ভ হ'ব ।

এই ষষ্ঠী পূজাৰ দিনা সেৱকী ভক্তই ইস্পিত ফল লাভৰ হেতু  দেৱীলৈ উৎসৰ্গা কৰা  হাঁহ ,কোমোৰা ,কুঁহিয়াৰ ,ছাগলী ,বিৰিয়া জৰা আদি বলি দিয়া পৰম্পৰা আৰম্ভ হ'ব । এই বুৰঞ্জী প্ৰসিদ্ধ গোসাঁনী থানত  ষষ্ঠীৰ পৰা দশমী পৰ্যন্ত সেৱকীৰ সকলো জীৱ প্ৰসাদ বলিৰে  আই গোসাঁনীৰ পূজন কৰা হ'ব বুলি পৰিচালনা সমিতিৰ কাৰ্যবাহী সভাপতি মুনিন বৰঠাকুৰে জানিবলৈ দিয়ে।

অহা মহাঅষ্টমীৰ দিনা  তিনিটা গোনা ম'হ বলিৰে কৌটি কলীয়া বলি বিধানেৰে আই গোসাঁনীক পূজা অৰ্চনা কৰা  হ'ব বুলি ব্যক্ত কৰে । শিৱসাগৰ জিলাৰ এগৰাকী ভক্ত ,চিচি কলঘৰৰ এগৰাকী সেৱকী আৰু পৰিচালনা সমিতিয়ে  ৰাইজৰ হৈ  দেৱীলৈ উৎসৰ্গা কৰা মুঠ তিনিটা ম'হ  প্ৰায় দুটা দশক ধৰি ঐতিহাসিক থানখনত বলি কটিয়া হিচাপে  সেৱা আগবঢ়ায়।

উল্লেখ্য যে  শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়লৈ আগমন ঘটা  দূৰণিবতীয়া দর্শনাৰ্থীৰ বাবে থকা খোৱাৰ সু ব্যবস্থা  কৰাৰ লগতে  বিশুদ্ধ খোৱা পানী যোগান ,স্বাস্থ্য সেৱা  প্ৰদানৰ  ব্যৱস্থা উপলব্ধ কৰিছে পৰিচালনা সমিতিয়ে।

assam durga puja