/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/1052e729-c0f5-4f09-94b9-ccd0575da7aa/yt.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা: শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মহিষ মৰ্দিনী শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ পূজন অৰ্চনৰ ব্যাপক প্ৰস্তুতি চলিছে ঢকুৱাখনা মহকুমাত । মহকুমাটোৰ ঐতিহ্য মণ্ডিত শক্তি পীঠ শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয় (গোসাঁনী থান) বিগত শতিকা জোৰা নিৰবিচ্ছিন্ন পৰম্পৰা অব্যাহত ৰাখি এই বছৰো অহা ১৪ আহিন(১অক্টোবৰ)ৰ পৰা দেৱীৰ অৰ্চনা বন্দনাৰ ব্যাপক প্ৰস্তুতি চলিছে ।
১৭২২ খ্ৰীষ্টাব্দৰ পৰা শাক্ত পন্থাৰে, বলি বিধানেৰে অব্যাহত থকা দেৱী পূজনৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি চলিত বৰ্ষটো হাঁহ ,ছাগলী , মহ আদিৰ বলিৰে শক্তিৰ অধিষ্ঠিত অধিষ্ঠাত্ৰী দেৱীৰ বন্দনা কৰা হব বুলি অভ্যৰ্থনা সমিতিয়ে জনাইছে ।
তেনেদৰে ঢকুৱাখনা নগৰৰ অন্যতম পুৰণি আধ্যাত্মিক অনুষ্ঠান সাৰ্বজনীন মিলন মন্দিৰৰ সৌজন্যত বেংগলী সাংস্কৃতিক সংঘৰ উদ্যোগত এইবাৰো পৰম্পৰাগত ভাবে শ্ৰী শ্ৰী দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি তুংগত উঠিছে। সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া মিলন মন্দিৰৰ এই বাৰৰ পূজা ভাগি মন্দিৰ প্ৰাংগণত অহা ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ অনুষ্ঠিত হব বুলি জানিবলৈ দিছে। গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ উপলক্ষত প্ৰায় ৮ লাখ টকা বাজেট গ্ৰহণ কৰি উদযাপন সমিতিয়ে আৰতি ,উৰুলী ,
শংখ বাদন আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰিব জানিবলৈ দি পূজাৰ সকলো দিনৰ কাৰ্যসূচীত ভক্ত প্ৰাণ দৰ্শক ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে । তেনেদৰে নগৰৰ অন্যতম ঐতিহাসিক মন্দিৰ শ্ৰী শ্ৰী ঠাকুৰ বাৰী মন্দিৰতো দুৰ্গা পূজাৰ আয়োজন চলিছে । ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ঘিলামৰা সদৰত ঘিলামৰা টাউন যুৱ সংঘৰ উদ্যোগত , ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণত ঘিলামৰা শাৰদীয় সংঘৰ উদ্যোগত , শ্ৰী শ্ৰী মা মণিপুৰী থান , বেবেজিয়া চাৰি আলি, দেউলিয়া পঞ্চায়তৰ ৰূপহী আৰু বলাহী অঞ্চলত সাৰ্বজনীন দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে ।
আগন্তুক দুৰ্গা পূজা ভাগি যাতে পৰিবেশ অনুকূলে অনুষ্ঠিত কৰা হয় তাৰ বাবে প্ৰতিখন পূজা পৰিচালনা সমিতিৰ সৈতে ঢকুৱাখনাৰ প্ৰকৃতি সংগঠন মেগামিক্স প্ৰকৃতি সংঘ আৰু অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ কৰ্মকৰ্তা সকলে আলোচনাত মিলিত হয় । বিশিষ্ট প্ৰকৃতি কৰ্মী দেৱজিত ফুকন,ডঃ অমল চন্দ্ৰ দত্ত ,দ্বিগেন হাজৰিকা আদি পূজা মণ্ডপ সমূহত উপস্থিত হৈ পাৰিপাৰ্শ্বিক পৰিবেশ প্ৰদূষিত কৰা যিকোনো সামগ্ৰী পূজা মণ্ডপৰ বাহিৰে ভিতৰে ব্যৱহাৰ নকৰিবলৈ উদযাপন সমিতি সমূহক সজাগতা মূলক পৰামৰ্শ আগবঢ়াই মূৰ্তি বিসৰ্জনৰ সময়ত লব লগীয়া সাৱধানতা সন্দৰ্ভতো অৱগত কৰে ।