/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/jaill.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : "মই গেৰজাই। মই মাৰ্ডাৰ কৰা মানুহ । মোক চবেই চিনি পাই । কালৈকো ভয় নকৰোঁ মই । মই আৰু সোনটি ঢকুৱাখনা কৰ্টৰ পৰা পলাই যাম । তয়ো যাব লাগিব ।"…..এটা চুৰি গোচৰৰ সতীৰ্থ হাজোতীৰ প্ৰতি এই দাম্ভিক হুংকাৰ অসম আৰক্ষীৰ "মস্ত ৱাণ্টেদ" অপৰাধী, নৰ হত্যাকাৰী গেৰজাই ওৰফে ৰাজু বৰুৱাৰ। ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত পঞ্জীভূত গোচৰৰ দাগী অপৰাধী এইটো গেৰজাইয়ে খুৰীয়েকৰ সোণৰ চেইন চুৰি গোচৰৰ হাজোতী, ঘিলামৰা বৰদৈ অঞ্চলৰ চকলা গুৰি গাঁওৰ যতীন তামুলীক লখিমপুৰ জিলা কাৰাগাৰৰ কোঠৰীত এই হুংকাৰ দিছিল আৰু সমগ্ৰ পৰিকল্পনা সন্দৰ্ভত অৱগত কৰিছিল।
"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ আগত ধৃত পলাতক হাজোতী যতীনে দিয়া স্বীকাৰোক্তি মতে জিলা কাৰাগাৰতে মঙলবাৰে আদালতৰ শৌচাগাৰৰ পৰা পলায়ন কৰাৰ পৰিকল্পনা কৰা বুলি জানিবলৈ দি কয় মঙলবাৰে ঢকুৱাখনা আদালতলৈ অনাৰ সম্ভেদ পূৰ্বে লাভ কৰিছিল গেৰজাইয়ে। সেয়ে লগত থকা হাজোতী যতীনক কৈছিল "ঢকুৱাখনা আদালতৰ পৰা মই আৰু সোনটি দাস পলাম । তয়ো আমাৰ লগত যাবি নে ? আমাৰ লগত গ'লে ধেই টকা পাবি । এই কথা তই কাকো নকবি । ক'লে চোকা এডাল লোহাৰ টুকুৰা যতীনৰ পেটত লগাই কৈছিল পেটত ভৰাই দিম ।"
ঢকুৱাখনা আৰক্ষীৰ নিৰন্তৰ অভিযানৰ পাছত ২নং বানতৌ গাঁওৰ দ' পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি অনা ধৃত যতীনে কয় "মুঠ ৪ টা কয়দী ঢকুৱাখনা আদালতৰ লকআপত সুমুৱাই দিয়াৰ পাছতে তিনিওটা কয়দী শৌচাগাৰৰ ভিতৰলৈ গৈ ভিতৰৰ পৰা দুৱাৰ লক কৰি খিৰিকীৰ লো'ৰ গ্ৰীল দাঙি উঠাই প্ৰথমে গেৰজাই, দ্বিতীয়তে সোনটি আৰু পাছত যতীন পলাই দৌৰে । পলোৱাৰ সময়তো আৰু পাছতো একেলগে থকা সময়ত গেৰজাইয়ে কাকো এই সন্দৰ্ভত নক'বলৈ সকীয়নি দি যতীনক প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি জনালে ধৃত পলাতক কয়দীটোৱে ।
পাছত আত্মগোপন কৰি থকা এলেকাত আৰক্ষীক দেখি সকলোকে ভাগ ভাগ হ'বলৈ নিৰ্দেশ দি গেৰজাই কিছুদূৰ আঁতৰি যোৱাৰ পাছত যতীনক দেখি ঢকুৱাখনা থানাৰ নগৰ হাবিলদাৰ তিলক শইকীয়াই খেদি গৈ ধৰি আনে। ইপিনে পূৰ্বে ঢকুৱাখনা আদালতলৈ অনাৰ সময়ত দুৰ্বলভাবে নিৰ্মাণ কৰা খিৰিকীৰ গ্ৰীল উঠাই পলায়ন কৰাৰ নীৰৱ কছৰৎ কৰি আহিছিল গেৰজাইয়ে। মঙলবাৰে তাৰেই কাৰ্যত ৰূপ দিবলৈ এডাল চোকা লোহাৰ যোগাৰ কৰিও আনিছিল এইটো অপৰাধী গেৰজাইয়ে ।
স্মৰ্তব্য যে পূৰ্বেও এবাৰ ন্যায়িক জিম্মাৰ পৰা পলায়ন কৰা নৰহত্যাকাৰীটোক কিয় সাধাৰণ কয়দীৰ দৰে গণ্য কৰিছিল আৰক্ষী বিভাগে সেয়াও বহুমূলীয়া প্ৰশ্ন হিচাপে ধৰা দিছে। উল্লেখ্য যে নিশা অভিযানকাৰী আৰক্ষীয়ে গেৰজাইয়ে ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা এযোৰ চেন্ডেল উদ্ধাৰ কৰিছে দ' পানী পথাৰৰ মাজৰ পৰা। দুটাকৈ নৰ হত্যাকাৰী অপৰাধী পলাই যোৱাৰ পৰৱৰ্তী সময়ত তীব্ৰ উত্তেজনা আৰু ভীতি গ্ৰস্ততাই বিৰাজ কৰিছে ঢকুৱাখনা মহকুমাত ।
আৰু পঢ়ক : দিল্লীত কভিডত আক্ৰান্ত হৈ প্ৰতিদিনে মৃত্যু হৈছে ৮-১০জন লোকৰ, সঘনাই বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা…