বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ঢকুৱাখনা কংগ্ৰেছৰ প্ৰতিবাদী সমদল...

গৰিষ্ঠ সংখ্যক নেতাৰ নেতৃত্বত ব্লক কংগ্রেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা বাহিৰ হয় এক বিশাল প্ৰতিবাদী সমদল

author-image
Asomiya Pratidin
New Update
বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ঢকুৱাখনা কংগ্ৰেছৰ প্ৰতিবাদী সমদল...

dhakuakhana congress protest

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ হঠকাৰী পৰিচালনা আৰু গ্ৰাহক সকলৰ ওপৰত চলোৱা মাধমাৰৰ প্ৰতিবাদত বুধবাৰে ঢকুৱাখনাত সাব্যস্ত কৰা হয় সবল প্ৰতিবাদ ।

Advertisment

ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত বুধবাৰে দুপৰীয়া এক বিশাল প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰে সাব্যস্ত কৰা হয় এই গণতান্ত্ৰিক প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সদস্য মুকুল গগৈ, লখিমপুৰ জিলা কংগ্ৰেছৰ সদস্য কেশেন চেতিয়া, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া, সম্পাদক ৰাকেশ পেগু , শৰৎ পাতিৰ,  মহিলা কংগ্ৰেছৰ সভানেত্ৰী কুসুম বৰুৱা , ইনামণি বৰুৱা, ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱা , ইউথ বিগ্ৰেডৰ সভাপতি ৰমেন দাস , লালিত্য দাস আদি গৰিষ্ঠ সংখ্যক নেতাৰ নেতৃত্বত ব্লক কংগ্রেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱনৰ পৰা বাহিৰ হয় এক বিশাল প্ৰতিবাদী সমদল।

শক্তিমন্ত্ৰী হায় হায়, বিজেপি হায় হায় ,হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ ,এ পি ডি চি এল হায় হায় , বিদ্যুতৰ মাচুল বৃদ্ধি বাতিল কৰক, স্মাৰ্ট মিটাৰ সংযোগ বাতিল কৰক ,বিদ্যুৎ যোগান নিয়মীয়া কৰক আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি প্ৰতিবাদকাৰী সকল সমদল কৰি অগ্ৰসৰ হয় ঢকুৱাখনা ব্লক চাৰি আলিত অৱস্থিত এ পি ডি চি এলৰ সংমণ্ডল কাৰ্যালয়লৈ।

প্ৰতিবাদকাৰী সকলে বিভাগীয় কাৰ্যালয় প্ৰাঙ্গনত উপস্থিত হৈ বিভিন্ন শ্লোগান দি কাৰ্যালয় চৌহদত উত্তাল পৰিৱেশৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ গ্ৰাহক বিৰোধী নীতি, অত্যাধিক বিদ্যুৎ মাচুলেৰে গ্ৰাহক সমাজৰ ওপৰত চলোৱা মাধমাৰ প্ৰত্যাহাৰৰ দাবী জনাই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী  আৰু প্ৰতিবাদী সভা অনুষ্ঠিত  কৰি তৎকালে বৰ্ধিত বিদ্যুৎ মাচুল বাতিল কৰাৰ দাবী জনায়।

assam dhakuakhana