চৰকাৰী ভূমি দখলৰ চক্ৰান্তৰ বিৰুদ্ধে "পানৈ জঙ্কী ক্ষেত্ৰ"ত কংগ্ৰেছ দলৰ ৰাজহুৱা সভা...

ভীমপৰা "পানৈ জঙ্কী ক্ষেত্ৰ"ত শুকুৰবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
চৰকাৰী ভূমি দখলৰ চক্ৰান্তৰ বিৰুদ্ধে "পানৈ জঙ্কী ক্ষেত্ৰ"ত কংগ্ৰেছ দলৰ ৰাজহুৱা সভা...

dhakuakhana congress meeting

ডিজিটেল সংবাদ, ঢকুৱাখনা :  বগীনদী ব্লক কংগ্ৰেছৰ অন্তৰ্গত ভীমপৰা মণ্ডল কংগ্ৰেছ সমিতি, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ সমিতি আৰু গৰৈমাৰী গাঁওবাসী ৰাইজৰ সহযোগত ভীমপৰা "পানৈ জঙ্কী ক্ষেত্ৰ"ত শুকুৰবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। 

Advertisment

ভীমপৰা মণ্ডল কংগ্ৰেছৰ সভাপতি বিষ্ণুৰাম কমানৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত ভীমপৰা অঞ্চলৰ যিকোনো পতিত ৰাজহুৱা মাটি বিনা কাৰণত যিকোনো পক্ষক ভোগ দখল কৰিবলৈ এৰি নিদিয়াৰ সৰ্বসন্মত হুংকাৰ প্ৰদান কৰা হয়।

ৰাজহুৱা সভাই ঢকুৱাখনা বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক নৱ কুমাৰ দলেয়ে জনহিতৈষী কাম কাজৰ দোহাই দি চৰকাৰী মাটি দখল কৰিবলৈ চলোৱা নিকৃষ্ট প্ৰচেষ্টাক কটু সমালোচনা কৰি এনে হঠকাৰী পদক্ষেপৰ বিৰুদ্ধে  সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ক্ষুব্ধ ৰাইজে ভীমপৰা অঞ্চলৰ কৰঙনিত ৩৭০ বিঘা, পামেগাৱত ৩৫০ বিঘা মাটি, বৈকুণ্ঠপুৰত ৩০০ বিঘা মাটিত বিভিন্ন উদ্যোগ আদি স্থাপনৰ অজুহাত দেখুৱাই দখল কৰাৰ এক পৰিকল্পিত অভিসন্ধিৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ এনে দখলদাৰীৰ বিৰুদ্ধে গণ সংগ্ৰামত নমাৰো সকীয়নি প্ৰদান কৰে।

সভাত বিধায়ক গৰাকীয়ে ব্যক্তিগতভাৱেও পৰিত্যক্ত আৱাদি মাটি সুপৰিকল্পিতভাৱে দখল কৰিবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা অব্যাহত ৰখা বুলি ৰাজহুৱা অভিযোগ উত্থাপন কৰি নৱ দলেক এনে জনবিৰোধী কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে।

সভাত ভীমপৰা অঞ্চলৰ প্ৰায় ১৪০০ বিঘা মাটি বিভিন্ন প্ৰকল্প নিৰ্মানৰ অচিলাৰে দখল কৰিবলৈ এটা চক্ৰ উঠি পৰি লাগি আছে বুলি জানিবলৈ দি টেঙাঘাত, হেঁচামৰা, ঘুলীচুক, মেৰগাঁও, জ:নো: ,বহুতিয়া, কছাৰী গাঁওৰ ভূমি দখলৰ বাবে অব্যাহত চক্ৰান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ সভাত উপস্থিত স্থানীয় ব্যক্তি বিস্তুৰাম কমান, সুৰেশ নাকতে, ৰাজীৱ কমান, ছিদেস্বৰ কমান, নিৰঞ্জন কমান, ভাস্কৰ চুংক্ৰাং আদি বহুজনে বক্তব্য ৰাখে।

জনাকীৰ্ণ সভাত বগীনদী ব্লক কংগ্ৰেছৰ সভাপতি ফণীধৰ গগৈ, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে, লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচুম লাহন, লখিমপুৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজীৱ কমান, ঢকুৱাখনা সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি দীপাংকৰ দাস আদি উপস্থিত থাকি দলীয় বক্তব্য  ৰাজহুৱা সভাত  ব্যক্ত কৰে। 

সভাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ  ভীমপৰা মণ্ডলৰ অন্তৰ্গত প্ৰায় ১৫ গৰাকী যুৱক-যুৱতীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

assam congress dhakuakhana meeting