/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5b6e7970-2b64-4ade-b1b5-c07adf5873b0/dhakuakhana.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : অৱশেষত ন্যায় প্ৰাপ্তিৰ দিশে গতি কৰিছে ঢকুৱাখনা কো-অপাৰেটিভ মাৰ্কেটিং এণ্ড প্ৰচেচিভ চছাইটিৰ বজাৰ গৃহৰ কোঠা আৱন্টন প্ৰাপ্ত নিবনুৱা ব্যৱসায়ী সকল।
ৰাজ্য চৰকাৰৰ পঞ্জীয়নভুক্ত এইখন মাৰ্কেটিং চছাইটিক নিজস্ব আৰু পিতৃক সম্পত্তি হিচাবে গণ্য কৰি সভাপতি ৰাতুল গগৈয়ে সীমাহীন অনিয়ম দুৰ্নীতি অব্যাহত ৰাখি স্বেচ্ছাচাৰী ৰাজত্ব চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ।
চছাইটিৰ বজাৰ গৃহৰ কোঠা আবন্টনৰ বেলিকা বৃহৎ পৰিমাণৰ অগ্ৰীম ধন সংগ্ৰহৰ নিৰ্লজ বেহা মেলি একনায়কত্ব ৰাজ চলোৱা সভাপতি গগৈৰ এনে জনবিৰোধী আচৰণ, পদক্ষেপ আৰু চছাইটিৰ অভ্যন্তৰত সূত্ৰপাত ঘটোৱা বিশাল বিত্তীয় কেলেংকাৰী সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল" ত ধাৰাবাহিক বাতৰি প্ৰকাশ কৰা হৈছিল ।
মাৰ্কেটিং চছাইটিখনৰ সভাপতি হৈ সৰ্বেসর্বা ভূমিকা গ্ৰহণ কৰি অহা ৰাতুল গগৈয়ে বজাৰ গৃহৰ কোঠা আবন্টনৰ ক্ষেত্ৰত স্বজন তোষণ নীতি গ্ৰহণ কৰি, লাখ লাখ অৰ্থ সংগ্ৰহৰ নিৰ্লজ বেহা মেলি নিবনুৱা সকলৰ প্ৰাপ্য ধন সংগ্ৰহ ৰচিদ, কোঠাৰ চুক্তি পত্ৰ আদি বিগত ৩ বছৰ ধৰি আদায় দিয়া নাছিল ।
এই সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ তৰফৰ পৰা চলোৱা তদন্ত কালত উন্মোচিত তথ্যৰ ভিত্তিত বাতৰি প্ৰকাশৰ পাছতে থৰকাচুটি হেৰাই সভাপতিৰ । বিগত ২০১৯ বর্ষৰ পৰা অংশীদাৰীত্ব গ্ৰহণেৰে ঢকুৱাখনা কো-অপাৰেটিভ মাৰ্কেটিং চছাইটি বজাৰ গৃহৰ কোঠাত বিধিগতভাৱে কৰ কাটল দি ব্যৱসায় চলাই অহা নিবনুৱা সকলৰ প্ৰাপ্য নথিপত্ৰ নিদিয়া সভাপতি গগৈৰ দৰ্প চূৰ্ণ হ'ল ।
প্ৰকাশিত ধাৰাবাহিক বাতৰিৰ পাছতে বৃহস্পতি বাৰে ঢকুৱাখনা ধৰমশালা ভৱনত আহ্বান কৰা হয় এখন বাৰ্ষিক সাধাৰণ সভা । সভাত বিভিন্ন বিষয়ৰ লগতে এই স্পৰ্শকাতৰ বিষয়টো সুদীর্ঘ সময় ধৰি আলোচিত হয়।
সভাত সভাপতি গগৈৰ এনে দুৰ্নীতি গ্ৰস্থ আৰু বেপৰোৱা মানসিকতা সন্দৰ্ভত ভুক্তভোগী নিবনুৱা সকলে একত্ৰিত হৈ মুকলিকৈ বক্তব্য ৰাখি বছৰ বছৰ ধৰি প্ৰাপ্য নথিপত্ৰ প্ৰদান নকৰা স্বেচ্ছাচাৰী ভূমিকাৰ সৰৱ সমালোচনা কৰে । এখন গণতান্ত্ৰিক চছাইটিৰ সভাপতিগৰাকীৰ এনে অগণতান্ত্ৰিক ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সাধাৰণ সভাৰ হস্তক্ষেপ কামনা কৰে ভুক্তভোগী নিবনুৱা সকলে ।
ৰাজহুৱাকৈ নিজৰ কৃতকৰ্মৰ বাবে ধিকৃত হৈ সভাপতি গৰাকী নিচ্ছুপ হৈ ৰোৱাৰ পৰৱৰ্তী সময়ত সভাই এই অতি স্পৰ্শকাতৰ বিষয়টো সভাৰ কাৰ্যবিবৰণীত অন্তৰ্ভুক্ত কৰি অতি শীঘ্ৰে, আগন্তুক এসপ্তাহৰ ভিতৰত এই সকল নিবনুৱা ব্যৱসায়ীক প্ৰাপ্য ৰচিদ, আইনী চুক্তিপত্ৰ আৰু ব্যৱসায় চলোৱাৰ সুচল আন্তঃ গাঁথনি উপলব্ধ কৰাৰ নিশ্চয়তা প্ৰদান কৰে আৰু সভাত সিদ্ধান্ত গ্ৰহণ কৰে ।
বিগত প্ৰায় তিনিটা বছৰে প্ৰাপ্য নথিপত্ৰৰ পৰা বঞ্চিত হৈ অনিশ্চিত ভৱিষ্যতক লৈ শংকিত ব্যৱসায়ী সকলে "অসমীয়া প্ৰতিদিন"ৰ এই একক জনদায়বদ্ধ আৰু সমাজ হিতৈষী বাতৰিৰ একেমুখে শলাগ লয়।
উল্লেখ্য যে চছাইটিৰ বজাৰ গৃহৰ আৱন্তন আৰু নিৰ্মাণৰ নামত সভাপতি গৰাকীয়ে সংঘটিত কৰা বিত্তীয় কেলেংকাৰী সন্দৰ্ভত প্ৰকাশিত বাতৰিৰ পাছত বিভাগীয় তদন্ত ঘোষণা কৰিছে কো-অপাৰেটিভ চছাইটিৰ তেজপুৰস্থিত মাণ্ডলিক যুটীয়া পঞ্জীয়ক এম এইছ চৌধুৰীয়ে।
বিভাগীয় তদন্তৰ প্ৰতিবেদন কি হয় সেয়া লক্ষণীয় হ'ব যদিও চছাইটিৰ বাৰ্ষিক সাধাৰণ সভাত এগৰাকী সভাপতিৰ ভ্ৰূষ্টাচাৰী স্বৰূপ উন্মোচিত হোৱাটোৱেই প্ৰমাণিত কৰিলে কিদৰে, কেনেকৈ, কিমান নিকা আৰু স্বচ্ছতাৰে পৰিচালিত হৈ আহিছে এইখন চছাইটি।
এই ক্ষেত্ৰত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ ৰহস্যজনক গুৰুত্বহীনতাৰ বিষয়টোৱেও ঢকুৱাখনাৰ হাতে-বাটে ব্যাপক চৰ্চা চলিছে। এটা চৰকাৰী পঞ্জীকৃত সংস্থাৰ অভ্যন্তৰত অব্যাহত থকা ব্যাপক বিত্তীয় অনিয়ম সন্দৰ্ভত মহকুমা প্ৰশাসনৰ ভিজা মেকুৰীৰ ভূমিকায়ো স্তম্ভিত কৰিছে সাধাৰণ নাগৰিক আৰু অংশীদাৰ সকলক।