/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2a338922-061f-4bdc-98d1-8792263e1f9b/dhakuakhana.jpg)
dhakuakhana civil hospital
ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰোগীৰ চিকিৎসা প্ৰদানৰ বেলিকা চৰকাৰী চিকিৎসালয়ত চিকিৎসক, স্বাস্থ্য কৰ্মীৰ দ্বাৰা যথোচিত গুৰুত্ব প্ৰদান নকৰা আৰু চিকিৎসকৰ গাফিলতি, ভুল চিকিৎসাৰ বাবে ৰোগীৰ জীৱনলৈ সংকট নামি অহাৰ এক গুৰুতৰ অভিযোগে তোলপাৰ লগাইছে ঢকুৱাখনা।
ঘটনাৰ স্থান ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়। বুধবাৰে পুৱা ৫ বজাত এই চিকিৎসালয়ত প্ৰস্ৰাৱৰ সমস্যাত ভোগী খেৰকটা অঞ্চলৰ ৰিণা চুংক্ৰাং নামৰ এগৰাকী যুৱতী ভৰ্তি হৈছিল চিকিৎসালয়ত। চিকিৎসালয়ত উক্ত সময়ত কৰ্মৰত চিকিৎসক ডাঃ বিপুল দাসে প্ৰাথমিক চিকিৎসা আগবঢ়োৱাৰ পাছত কৰ্তব্যৰত নাৰ্ছ পল্লৱী শইকীয়া, জোনমনি গগৈয়ে ৰোগী গৰাকীৰ প্ৰচণ্ড পেটৰ বিষৰ বাবে অস্ত্ৰোপচাৰ কক্ষলৈ নি পৰীক্ষা কৰি চিকিৎসক দাসক ৰোগী গৰাকী অন্তসত্বা বুলি জানিবলৈ দি পৰ্য্যাপ্ত সুবিধা নথকাৰ বাবে উন্নত চিকিৎসাৰ বাবে ৰেফাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।
সেই পৰামৰ্শৰ ভিত্তিত চিকিৎসক দাসে ৰোগীৰ 'ৰেফাৰ' পত্ৰত ৰোগী ৬ মাহৰ অন্তসত্ত্বা বুলি সন্দেহপূৰ্ণ মন্তব্য লিপিবদ্ধ কৰি অভিভাৱকক প্ৰদান কৰে। স্তম্ভিত অভিভাৱকে পৰৱৰ্তী সময়ত ঘৰলৈ ৰোগীক নি স্থানীয়ভাবে চিকিৎসা কৰি ৰোগৰ সাময়িক উপশম ঘটায়। বৃহস্পতিবাৰে পুনৰ ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাই স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত প্ৰস্ৰাৱ নলীত টিউমাৰ থকা ধৰা পৰে ।
চিকিৎসালয় সূত্ৰই জনোৱা মতে কৰ্তব্যৰত অভিজ্ঞ নাৰ্চে এই 'টিউমাৰ'কে বুধবাৰে পুৱা পৰীক্ষা কালত অপৈনত সন্তানৰ মূৰ বুলি পতিয়ন গৈ এনে অদ্ভুত আৰু কাণ্ডজ্ঞানহীন মন্তব্য দি চিকিৎসকৰ জৰিয়তে ৰোগীক 'ৰেফাৰ' কৰি দিছিল। ৰোগীক ভূল চিকিৎসাৰ পৰামৰ্শ দিয়া বিষয়টো বৃহস্পতিবাৰে দুপৰীয়া পোহৰলৈ অহাত সোচ্চাৰ হৈ উঠে অভিভাৱক ৰাইজ আৰু মিচিং জাতিয় সংগঠন সমূহ।
এগৰাকী দায়িত্বশীল চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ এনে অমানৱীয় কাৰ্যত ক্ষুব্ধ সংগঠনে মহকুমা চিকিৎসা বিষয়া ডাঃ প্ৰদীপ মিলি, ডাঃ বিপুল দাসৰ সতে আলোচনাত মিলিত হয়।
জাতিয় সংগঠনৰ কেন্দ্ৰীয় নেতা ইন্দ্ৰ কুমাৰ চুংক্ৰাং, খনিন্দ্ৰ মেদক, নাথু ৰাম পেগু, জিলা নেতৃবৰ্গ বৃগেন দলে, দ্বীপেন দলে আদিৰ উপস্থিতিত হোৱা আলোচনা কালত এখন দাবী পত্ৰ প্ৰদান কৰি এনে ৰোগীক অভব্য আচৰণ, দুৰ্ব্যবহাৰ কৰা চতুৰ্থ শ্ৰেণী কৰ্মচাৰী ঘন কান্ত শইকীয়া, স্বয়ম্ভূ চিকিৎসক ৰূপী নাৰ্ছ পল্লৱী শইকীয়া , জোনমনি গগৈ আৰু কৰ্তব্যৰত চিকিৎসক ডাঃ দাসক তিনি দিনৰ ভিতৰত বিভাগীয় তদন্ত কৰি নিলম্বন কৰাৰ দাবী জনায়।
তাৰোপৰি ঢকুৱাখনা সদৰ থানাতো এই সন্দৰ্ভত এক গোচৰ দাখিল কৰা বুলি জনালে জাতিয় সংগঠনৰ নেতৃত্বই। সম্প্ৰতি আক্ৰান্ত যুৱতী গৰাকী স্ব-গৃহত আছে আৰু উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত ডিব্ৰুগড়লৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে পৰিয়ালবৰ্গই ।