৫ মাহত উটি গ’ল ১৭ লাখ টকীয়া বাঁহৰ দলং …

৫ মাহত উটি গ’ল ১৭ লাখ টকীয়া বাঁহৰ দলং …

author-image
asomiyapratidin
New Update
৫ মাহত উটি গ’ল ১৭ লাখ টকীয়া বাঁহৰ দলং …

ডিজিটেল সংবাদ, ঢকুৱাখনা : যি সময়ত ৰাজ্য চৰকাৰে এবছৰীয়া বৰ্ষপূৰ্তিৰে সফলতাৰ জয় গান গাইছে তেনে সময়তে ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢকুৱাখনা ৰাজহ চক্ৰৰ প্ৰায় ৭ খন গাঁওৰ গঞাই ভোগ কৰি অহা দুখ দুৰ্দশাই গেৰুৱা চৰকাৰৰ তথাকথিত সফলতাৰ নগ্ন স্বৰূপ জনদৃষ্টিত উন্মোচিত কৰিছে । গ্ৰামাঞ্চলিয় ৰাইজক সুদীর্ঘ কাল ধৰি  জীয়া যন্ত্ৰণা ভোগাই অহা নদীখন হৈছে  চাৰিকঢ়িয়া । বাৰিষাৰ বিশাল জলধাৰাৰে সগৰ্ভা হৈ পৰা এই নদীৰ সুঁতিৰে এতিয়া  মৰনত শৰণ দি টুলুঙা নাৱেৰে যাতায়ত কৰিব লাগে গঞাই। কাৰণ ৰজাঘৰৰ প্ৰবঞ্চনা প্ৰতাৰণা ।

Advertisment

ঢকুৱাখনা নগৰৰ  কাঠৰবাৰী  গাঁও টেটেলী তলৰ পৰা জুয়েপুৰা গাঁও সংযোগী পথৰ চাৰিকঢ়িয়া নদীৰ সুঁতিৰ ওপৰত প্ৰায় ১৭ লাখ টকা ব্যয়ৰে নিৰ্মান কৰা হৈছিল এখন বাঁহৰ দলং । ভুক্তভোগী নাগৰিকৰ স্বাৰ্থত নহয় ,অৰ্থলোভী জন প্ৰতিনিধি আৰু ঠিকাদাৰৰ  স্বাৰ্থৰ নিৰ্মিত এই ১৭ লাখ টকীয়া বাঁহৰ দলংখন নিৰ্মাণৰ ৫ মাহ নৌ হওঁতেই কিছুদিন পূৰ্বে বানৰ ধলে উটুৱাই নিলে ।

ইয়াৰ পাছৰে পৰাই যাতায়তৰ ক্ষেত্ৰত চৰম দুখ দুৰ্গতিৰ সন্মুখীন হৈ আহিছে পথচাৰী গঞা। সৰু টুলুঙা নাৱৰে ৰাইজ নদীখনৰ প্ৰবল সোঁতৰ মাজেৰে বিপদ জনক ভাবে পাৰাপাৰ হ'ব লাগে। কণ কণ শিক্ষাৰ্থী ,বয়স্ক ৰাইজ ,ৰোগাক্ৰান্ত ৰাইজ মৰণত শৰণ দি ভৰুণ নদীয়েদি বিপদসংকুল যাত্ৰা কৰিব লাগে । ঢকুৱাখনা সদৰৰ সতে অতি ভিতৰুৱা কৃষ্ণপুৰ ,ডাংধৰা, নাৰায়নপুৰ  আদি গাঁওৰ ৰাইজৰ লগতে মাজুলী জিলা সংযোগী এই পথেৰে কৃষক, চাকৰিজীৱী ,শিক্ষাৰ্থীকে ধৰি দৈনিক শ শ পথিকে যাতায়ত কৰি অহা  এই দলংখন উটি যোৱাৰ পাছত হাহাকাৰ পৰিস্থিতিত উদ্ভৱ হৈছে ৰাইজৰ মাজত।

 এনে এটা অতি ব্যস্ত পথৰ  চাৰিকঢ়িয়া নদীৰ সুঁতিৰ ওপৰত  এখন পকী দলং নিৰ্মাণৰ বাবে অঞ্চলবাসী ভুক্তভোগী ৰাইজে বহুবাৰ বিধায়ক নৱ দলেক আবেদন জনালে । গাওঁলৈ মাতি আনি গামোচা পিন্ধালে । ৰাইজৰ উষ্ণ আদৰণি পাই বিধায়ক নৱ দলেয়ে পকী দলং নিৰ্মাণৰ আশ্বাসো দিলে ৰাজহুৱাকৈ।  কিন্তু পৰৱৰ্তী সময়ত তালৈ পিঠি দিলে এইজন বেপৰোৱা জন প্ৰতিনিধিয়ে । প্ৰভূত  প্ৰয়োজনীয়তা থকা স্বত্তেও  বিধায়কজনে এখন পকী দলং নিৰ্মাণৰ প্ৰতি গুৰুত্ব নিদি আনকি এবাৰো ৰাজনৈতিক শক্তি প্ৰয়োগ নকৰিলে ।

বিপৰীতে এজন বিশেষ ঠিকাদাৰক লাভান্বিত কৰাৰ স্বাৰ্থত  এখন ১৭ লাখ টকীয়া বাঁহৰ দলং সাজি এনেবোৰ দায়িত্বশীল পক্ষই গা এৰিলে ।  ভুক্তভোগী ৰাইজে জনোৱা মতে কামৰ আৱন্তন পোৱা ঠিকাদাৰে সঠিক ভাবে নিৰ্মান নকৰাৰ বাবে সামান্য পানীৰ ধলতে দলংখন  কিছুদিন পূৰ্বে  উটি গল। ।মাত্ৰ ৫ মাহতে ১৭ লাখ টকা চাৰিকঢ়িয়াৰ বুকুত অপচয় হোৱাৰ পৰৱৰ্তী সময়ত ৰাইজৰ এই দুৰ্দশা ।

এখন পকী দলংৰ অভাৱত সুদীৰ্ঘকাল জীয়া যন্ত্ৰণা ভুগি অহা চহা ৰাইজৰ ৰাজ্য চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দাবী আমাক এখন পকী দলং লাগে । ৰাইজৰ জীৱন সম্পত্তিৰ স্থায়ী  নিৰাপত্তা লাগে । ভুক্তভোগী ৰাইজৰ এই আহ্বানে ৰজাঘৰীয়াৰ  দৃষ্টি কিমান আকৰ্ষণ কৰিব পাৰে সেয়াহে  লক্ষণীয় হ'ব ।

আৰু পঢ়ক: পুতি থোৱা অৱস্থাত নৱজাতকৰ মৃতদেহ উদ্ধাৰ, তীব্ৰ চাঞ্চল্য ডিমৌত

assam dhakuakhana