বিধ্বস্ত ঢকুৱাখনা-ঘূণাসুঁতি গড়কাপ্তানী পথ…

বিধ্বস্ত ঢকুৱাখনা-ঘূণাসুঁতি গড়কাপ্তানী পথ…

author-image
asomiyapratidin
New Update
বিধ্বস্ত ঢকুৱাখনা-ঘূণাসুঁতি গড়কাপ্তানী পথ…

ডিজিটেল সংবাদ, ঢকুৱাখনা :  জীয়াঢলৰ বাঢ়নী পানীয়ে প্ৰচণ্ড ভাবুকি মাতিছে ঢকুৱাখানাবাসীলৈ। ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা-ঘূণাসুঁতি  গড়কাপ্তানী পথৰ বিধ্বস্ত ৰূপে বিপদত পেলাইছে ৰাইজক। লোকনিৰ্মান বিভাগৰ অমনোযোগিতা আৰু দায়িত্বহীন স্থিতিৰ বাবে মৰণফাণ্ড সদৃশ অৱস্থালৈ পৰিণত হৈছে পথটো।

ঢকুৱাখনাৰ মৰনৈ, বেবেজিয়া পৰ্যন্ত  সদাব্যস্ত পথটোৰ  ভীমপৰা অংশত অৱস্থিত পকী দলংলৈ খহনীয়াই  মাতিছে বিপদ। এই পকী দলংখনৰ এটা বিস্তৃত অংশ ইতিপূৰ্বে উটুৱাই নিছে বাঢ়নি পানীয়ে। আনহাতে যিকোনো সময়তে  যাতায়ত ব্যাহত হোৱাৰ আশংকা কৰা হৈছে।

এই ক্ষেত্ৰত লোকনিৰ্মান বিভাগৰ দৃষ্টি নপৰাত উক্ত মৰণফাণ্ডত ৰাইজে মাটি বস্তা জাপি দি পথচাৰীক নিশ্চিত বিপদৰ পৰা সুৰক্ষিত কৰি আহিছে। লোকনিৰ্মান বিভাগে এই খহনীয়াৰ স্থায়ী-অস্থায়ী  প্ৰতিৰোধৰ কাৰ্য ব্যৱস্থা শীঘ্ৰে গ্ৰহণ নকৰিলে  যিকোনো সময়তে এক অনিশ্চিত বিপদ যে সংঘটিত হোৱাৰ লগতে সুচল যাতায়ত অব্যাহত ৰখাত যে প্ৰতিবন্ধকতা আহিব সেয়া ধুৰূপ।

আৰু পঢ়ক :

dhakuakhana assam flood himanta biswa sarma