/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/WhatsApp-Image-2022-03-09-at-11.02.52-AM.jpeg)
ডিজিটেল সংবাদ: ঢকুৱাখনা: ১০ টা ৱাৰ্ড বিশিষ্ট ঢকুৱাখনা পৌৰ সভাখন বিৰোধী শূণ্য কৰি একক সংখ্যা গৰিষ্ঠতা অর্জন কৰিবলৈ শাসক দল বিজেপিৰ বাবে এখন মাত্ৰ আসনৰ অভাৱ আছিল। অৰ্থাৎ মুঠ ১০ টা ৱাৰ্ড যুক্ত পৌৰ সভাখনৰ ৯ টা ৱাৰ্ডত শাসক দলটোৰ ৯ গৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে ১নং ৱাৰ্ডত বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনোজ গগৈ পৰাজিত হোৱাৰ বিপৰীতে জয়ী হৈছিল নিৰ্দলীয় প্ৰাৰ্থী বগেন কোঁৱৰ ।
সম্পূৰ্ন পৌৰ সভাখন দখল কৰিবলৈ এখন আসনৰ মাত্ৰ অভাৱ হোৱা শাসক দলটোৰ এই অভাৱ নিমিষতে পূৰ্ণ কৰিলে ৱাৰ্ডটোৰ বিজয়ী নিৰ্দলীয় প্ৰাৰ্থী বগেন কোঁৱৰে। বুধবাৰে ভোটগণনাৰ পৰৱৰ্তী সময়ত বিজয়ী ঘোষিত হোৱাৰ পূৰ্বেই তিলমানো সময় অপচয় নকৰি চিধাই গেৰুৱা শিবিৰত আশ্ৰয় ললে নিৰ্দলীয় প্ৰাৰ্থী কোঁৱৰে। ডিঙিত গেৰুৱা দলৰ বসন পৰিধান কৰি গেৰুৱা বিজয়ী প্ৰাৰ্থী, দলীয় নেতৃবৰ্গ আৰু কাৰ্যকৰ্তা সকলৰ আবেষ্টনীত সোমাই নিজকে শাসক দলটোৰ লগত বিলীন কৰি দিয়ে কোঁৱৰে ।
নিৰ্দলীয়ৰ পৰা নিমিষতে গেৰুৱা শিবিৰলৈ ঢাপলি মেলা কোঁৱৰক লৈ দলীয় কৰ্মকর্তা সকলে ভোট গণনা কেন্দ্ৰৰ বাহিৰত পদুম ফুল জিন্দাবাদ , বগেন কোঁৱৰ জিন্দাবাদ , বিজেপি জয় জয় শ্লোগান দি গেৰুৱা দলৰ প্ৰতীক সম্বলিত বস্ত্ৰ পিন্ধাই আৰু গেৰুৱা দলৰ অন্য বিজয়ী প্ৰাৰ্থী সকলৰ মাজলৈ গৈ নিজকে বিজেপি দলৰ বিজয়ী প্ৰাৰ্থী হিচাবে সংবাদ মাধ্যমৰ আগত আত্মপ্ৰকাশ কৰে ।
নিমিষতে পৰিচয় সলনি কৰি শাসক দললৈ ঢাপলি মেলা এইগৰাকী নৱ নিৰ্বাচিত প্ৰাৰ্থী কোঁৱৰৰ এনে গেৰুৱা গমন পূৰ্ব পৰিকল্পিত আৰু আকাংক্ষিত আছিল বুলি ৱাৰ্ডবাসীৰ মাজত ব্যাপক চৰ্চ্চা চলিছে । মিত্ৰজোঁটৰ অংশীদাৰী দল অগপৰ শীর্ষ সূত্ৰই জনোৱা মতে মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী অগপ দলৰ মনোজ গগৈৰ পৰিবৰ্তে বিজেপি দলৰ একাংশ ৰাজ্যিক ,জিলা আৰু মণ্ডল পৰ্য্যায়ৰ নেতা কৰ্মীয়ে এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থী কোঁৱৰৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল ।
বিধায়ক নৱ দলেৰ সমৰ্থিত প্ৰাৰ্থী বগেন কোঁৱৰ বুলি মুকলি ভাবে প্ৰচাৰ চলাই নিৰ্দলীয় ভাবে জয়ী কৰাই পাছত গেৰুৱা দলটোত যোগদান কৰাই লব বুলিও ভোটাৰক আশ্বাস দি এচাম শীর্ষ গেৰুৱা নেতা কৰ্মীয়ে চলোৱা বঙহ বিৰোধী অভিযানৰ বাবেই মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে মুখ ঠেকেচা খালে বুলি সূত্ৰটোৱে জানিবলৈ দিলে । এফালে মিত্ৰতাৰ আলমেৰে দলীয় প্ৰাৰ্থীত্ব দি অন্যফালে সমান্তৰাল ভাৱে নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাই গেৰুৱা দলটোৱে গ্ৰহণ কৰা ঘৰ বিভীষণৰ ভূমিকাৰ আকাংক্ষিত ফচল এয়া বুলি কয় সূত্ৰটোৱে ।
সেয়া যিয়েই নহওঁক ঢকুৱাখনা পৌৰ সভাখন একচেতিয়া ভাবে দখল কৰি উল্লাসিত হৈ পৰা গেৰুৱা দলটোৱে নৱ নিৰ্বাচিত প্ৰাৰ্থী সকলক লৈ ভোট গণনা কেন্দ্ৰৰ পৰা ঢকুৱাখনা নগৰলৈ ৰাজপথেৰে বিশাল শোভাযাত্ৰা কৰে । ফটকা আতচবাজী ফুটাই আনন্দ উল্লাসত দলীয় সমৰ্থক সকল মতলীয়া হৈ পৰে । বিপৰীতে বিৰোধী ৰাজনৈতিক শিবিৰৰ কাৰ্যালয়ত দেখা গল জনপ্ৰাণীহীন নিষ্টেজ নিজম পৰিবেশ।