৬ বছৰলৈ দলৰ পৰা বহিষ্কৃত হৈ বিজেপি নেত্ৰীৰ বিস্ফোৰণ…

৬ বছৰলৈ দলৰ পৰা বহিষ্কৃত হৈ বিজেপি নেত্ৰীৰ বিস্ফোৰণ…

author-image
asomiyapratidin
New Update
মাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি

প্ৰতীকি ফটো

ডিজিটেল সংবাদ,ঢকুৱাখনা:  "মই খুব স্পষ্ট বাদী ,স্পষ্টভাৱে কথা কওঁ ।  ৰাজনীতিৰ নামত কূটনীতি  কৰিব মই নাজানো । সম্প্ৰতি ঢকুৱাখনাত বিজেপি দলটো একাংশৰ মইমতালিত চলিছে । এই মইমতালিপুৰ্ণ চক্ৰটোৰ চক্ৰান্তৰ বলি হৈছোঁ মই। মোক ৰাজনৈতিক ভাবে হত্যা কৰাৰ কূটকৌশল ৰচনা কৰি নীতি বৰ্হিভূত ভাবে মোক দলৰ পৰা বহিস্কাৰ কৰিছে । মোক দলৰ পৰা বহিস্কাৰ কৰাটো ডাঙৰ কথা নহয় । এই অশুভ শক্তিয়ে ভৱিষ্যতে কিন্তু বিজেপি দললৈ বিপদ মাতি আনিব "   দলীয় অনুশাসন ভংগৰ অভিযোগত ৬ বছৰলৈ প্ৰাথমিক সদস্যৰ  পৰা বহিষ্কৃত হোৱা ঢকুৱাখনা জিলা মহিলা মৰ্চাৰ উপ সভানেত্রী মীনা হাজৰিকাৰ  মন্তব্য এয়া ।

Advertisment

সোমবাৰে সংবাদ মাধ্যমৰে আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সদ্য বহিষ্কৃত নেত্ৰী তথা ঢকুৱাখনা নগৰ সমিতিৰ প্ৰাক্তন সভানেত্রী এক নম্বৰ ৱাৰ্ডৰ বাসিন্দা হাজৰিকাই  গভীৰ প্ৰত্যয়েৰে কয় "মোক যোৱা বিধানসভা নিৰ্বাচনৰ পাছৰে পৰা লক্ষ্য কৰি আছিল এটা চক্ৰই। অতি সম্প্ৰতি এই চক্ৰটোৱে অত্যন্ত মইমতালি ভাবে চক্ৰান্ত কৰি অভিষ্ট সিদ্ধি কৰিলে । মই দলীয় নীতি নিৰ্দেশনা মানি মিত্ৰ জোঁটৰ  উমৈহতীয়া প্ৰাৰ্থী মনোজ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অহাৰ উপৰিও নিজা ভোট মিত্ৰ শক্তিৰ প্ৰাৰ্থীক প্ৰদান কৰিছো ।  কিন্তু বিজেপি দলটোৰ ৰাজ্যিক সদস্য আৰু ঢকুৱাখনা  জিলা নেতৃত্বই বহু বহু ৱাৰ্ডত শাসক দলটোৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ভোট দিয়াৰ বাবে ভোটাৰক উচতনি দিয়াৰ বহু প্ৰামানিক তথ্য মোৰ লগত মজুত আছে বুলি কৈ দলীয় শীর্ষ নেতৃত্বই বিচাৰিলে মই সকলো দিবলৈ সাজু বুলি মন্তব্য কৰে ।

বিজেপি নেত্ৰী গৰাকী

দলৰ মজিয়াত থাকি প্ৰকৃততে মই দল আৰু প্ৰাৰ্থীৰ বিৰোধীতা কৰিছোঁ নে  সেইসকল তথাকথিত নেতাই কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি মহিলা নেত্ৰী গৰাকীয়ে  এই সন্দৰ্ভত পৰ্বত সম তথ্য হাতত মজুত থকা বুলি একপ্ৰকাৰৰ বিস্ফোৰণ ঘটাই  পৰৱৰ্তী সময়ত সেয়া নিশ্চিতভাৱে ৰাজহুৱা কৰিব বুলি দৃঢ়তাৰে কয়।  দলৰ ১ নম্বৰ ৱাৰ্ডৰ বুথ সমিতিৰ সভাপতি সম্পাদকে মোৰ ওপৰত অনা অভিযোগৰ সত্যসত্যতা বিচাৰ  বিবেচনা কৰাৰ যুক্তি আছিল বুলি জানিবলৈ দি কয় অন্ততঃ মোলৈ কাৰণ দৰ্শোৱাৰ  এখন জাননী প্ৰেৰণ কৰিব লাগিছিল দলে । কিন্তু নকৰিলে । বহিস্কাৰ কৰিলে । 

হাজৰিকাই কয় যিসকল দলীয়  ৰাজ্যিক ,জিলা নেতৃত্বই ১নং ৱাৰ্ডৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ পৰিৱৰ্তে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ মুকলি ভাবে  নিৰ্বাচনী প্ৰচাৰ চলাইছিল সেইসকল তথাকথিত নেতা কৰ্মীৰ প্ৰতি নিচ্ছুপ হৈ ৰ'ল দলীয়  নেতৃত্ব।  প্ৰথমে সেইসকলক বহিস্কাৰ কৰিব লাগিছিল । তেতিয়াহে এটা মূল্যবোধ সম্পন্ন আৰু নীতি আদর্শ বিশিষ্ট ৰাজনৈতিক দল হিচাবে বিজেপি  জনমানসত প্ৰতিষ্ঠা হল হেঁতেন। কিন্তু বাস্তৱত এয়া নহ'ল । হাজৰিকাই  দললৈ প্ৰত্যাহ্বান জনাই কয় ১নম্বৰ ৱাৰ্ডত মিত্ৰজোঁটৰ প্ৰাৰ্থী থকা স্বত্বেও নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰি এইজন আমাৰ সমৰ্থিত প্ৰাৰ্থী বুলি ৰাজ্যিক আৰু জিলা নেতৃত্বই  প্ৰচাৰ চলাই অহাৰ যথেষ্ট প্ৰমাণ আছে । কিন্তু এই সকলৰ ওচৰত দলীয় অনুশাসন ভংগৰ ধাৰা কিয় প্ৰয়োগ নহয় বুলি প্ৰশ্ন উত্থাপন কৰে। 

দলীয় ভাবে উত্থাপিত অভিযোগ খাৰিজ কৰি   নিজকে  নিৰ্দোষী বুলি দাবী কৰি সদ্য বহিষ্কৃত মহিলা নেত্ৰী গৰাকীয়ে  অনাগত সময়ত শাসক দলটোৰ  ৰাজ্যিক আৰু জিলা নেতৃবৰ্গৰ বিৰুদ্ধে  দল বিৰোধী কাৰ্যৰ মজুত ৰখা প্ৰামানিক তথ্য ৰাজহুৱা কৰিম বুলি কৰা  ৰাজনৈতিক মহা বিস্ফোৰনে  গেৰুৱা দলটোৰ ভিতৰ চৰাত মৃদু ভূমিকম্পৰ সৃষ্টি কৰিছে ।

assam dhakuakhana