সোনাৰী চাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ কাৰ্যালয় উদ্বোধন

সোনাৰী চাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ কাৰ্যালয় উদ্বোধন

author-image
Asomiya Pratidin
New Update
সোনাৰী চাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ কাৰ্যালয় উদ্বোধন

ডিজিটেল সংবাদ, ঢকুৱাখনা: নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত থকাৰ সময়তে ঢকুৱাখনা মহকুমাত আৰম্ভ হৈছে জাতীয় উৎসৱ ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি। মহকুমাটোৰ চহা সোনাৰী চাপৰিবাসীও পিছ পৰি থকা নাই লোক সংস্কৃতিৰ বৰ্ণিল উপস্থাপনত । বৃহত্তৰ অঞ্চলটোৰ চহা ৰাইজৰ প্ৰাণৰ সোপান স্বৰূপ সোনাৰী চাপৰি আঞ্চলিক ৰঙালী বিহুৰ সন্মিলন ২০২৪ৰ উদযাপন সমিতিৰ এটা কাৰ্য্যালয় মঙলবাৰে উদ্বোধন কৰা হয়।

Advertisment

মঙলবাৰে দুপৰীয়া এক মনোগ্ৰাহী সাংস্কৃতিক পৰিবেশত সোনাৰী চাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলন ২০২৪ ৰ কাৰ্য্যালয়টো শুভ উদ্বোধন কৰা হয়।

লোক সংস্কৃতিৰ অপূৰ্ব ক্ষেত্ৰ স্বৰূপ সোনাৰী চাপৰিৰ মূল চাৰিআলিত মঙলবাৰে এই বিহু সন্মিলনৰ উদযাপন সমিতিৰ কাৰ্য্যালয় উদ্বোধন কৰে সুদৰ্শন চলচিত্ৰ অভিনেতা প্ৰসেজিৎ বৰাই ।

বিশিষ্ট অভিনেত্ৰী নিৰ্মালি বৰাৰ সহযোগিতা আৰু ৰাইজৰ  উৎসাহপূৰ্ণ উপস্থিতিত অস্থায়ী কাৰ্য্যালয়ৰ দ্বাৰ উদ্বোধন কৰে মঞ্চ অভিনেতা বৰাই।

সোনাৰী চাপৰিৰ অগণন লোক কৃষ্টি প্ৰেমীৰ উৎসাহপূৰ্ণ উপস্থিতিত ঢোল তাল বিহুগীতৰ ছন্দোময়তাত উদযাপন সমিতিৰ অস্থায়ী কাৰ্য্যালয়ৰ ফিটা কাটি দ্বাৰ উন্মোচন কৰে বিশিষ্ট অভিনেতা বৰাই।  সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি প্ৰাঞ্জল চুতীয়া , সম্পাদক ৰিদিপ সন্দিকৈ , স্থায়ী সমিতিৰ সভাপতি ৰাজেন টাকো ,সম্পাদক দীপেন বৰুৱাকে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়া ,বিহুবলিয়া ৰাইজৰ বিহু নামৰ অমিয়া ধ্বনিৰ মাজত  কাৰ্য্যালয় উদ্বোধন কৰি নিজকে ধন্য মানে অভিনেতা প্ৰসেনজিৎ বৰা আৰু অভিনেত্ৰী নিৰ্মালী বৰাই।

উল্লেখযোগ্য যে বিগত প্ৰায় অৰ্ধ শতিকা জুৰি অসমীয়া লোক কৃষ্টিৰ নিভাঁজ উপস্থাপনেৰে উদযাপিত হৈ আহিছে সোনাৰী চাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলন । চলিত বৰ্ষৰ ২৯ আৰু ৩০ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে আঞ্চলিক সন্মিলনখন অনুষ্ঠিত হব বুলি উদযাপন সমিতিৰ সভাপতি সম্পাদকে জানিবলৈ দিছে ।

Also Read: IPL জুৱা! স্বামীৰ ঋণ প্ৰায় ১ কোটি, নিৰ্যাতন সহিব নোৱাৰি পত্নীয়ে ল'লে চৰম পন্থা