/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0dcc9af7-8f46-459c-9d21-cede5e31a448/58ec608b_14f9_4603_bb72_8af67f1ee4a4.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: বাৰ্ধক্য কিম্বা শাৰীৰিক জঠৰতাই কিঞ্চিতো তলাব নোৱাৰা এগৰাকী ব্যক্তি । সুস্থ দেহ প্ৰত্যয়ী মন আৰু লক্ষ্য প্ৰাপ্তিৰ দুৰন্ত হেঁপাহে এইগৰাকী ৬০ঊৰ্ধ ব্যক্তিক কৰি তুলিছে দুৰন্ত তৰুণ। মানুহজনৰ নাম ভূপেন লিকচন । তিনিচুকীয়া জিলাৰ তিৰাপ মৌজাৰ খাৰাংকং গাঁওৰ নিবাসী এই গৰাকী বয়স্ক গাত ৰ'দ বৰষুণ নলগা ব্যক্তিয়ে অদহে বদহে চাইকেল চলাই ঘূৰি ফুৰিছে ইস্পিত লক্ষ্য প্ৰাপ্তিৰ হেতু।
এখন সাধাৰণ বাই চাইকেল চলাই ইতিমধ্যে তিনিচুকীয়া জিলাৰ জাগুণৰ পৰা বুধবাৰে যাত্ৰা আৰম্ভ কৰি প্ৰায় ৩০০ কিলোমিটাৰ অতিক্ৰমী বৃহস্পতি বাৰে উপস্থিত হলহি ঢকুৱাখনা মহকুমাৰ সোৱণশিৰীৰ কাঠগাঁওত। পিন্ধনত শুভ্ৰ সাজ, শিৰত এটা টুপী আৰু কান্ধত এখন গামোচা লৈ প্ৰচণ্ড গৰমটো স্বাভাৱিক ভাবেই চাইকেল চলাই ফুৰা বয়স্ক ব্যক্তি গৰাকীয়ে জনোৱা মতে তেওঁৰ লক্ষ্য বান্ধি লৈছে গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিব ৪ ঘণ্টা সময় একেৰাহে চাইকেলত হাতেৰে নধৰাকৈ চলাই পথ অতিক্ৰম কৰি।
ইতিপূৰ্বে এইগৰাকী প্ৰচুৰ মানসিক শক্তি সম্পন্ন ব্যক্তিয়ে চাইকেল হাতেৰে স্পৰ্শ নকৰাকৈ চলাই ২০১৫ চনৰ ৯ জানুৱাৰীত এছিয়া ৰেকৰ্ড , ২৩ ডিচেম্বৰ ২০১৩ চনত ইণ্ডিয়া ৰেকৰ্ড কৰি এইবাৰ মন মেলিছে গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে। তাৰ বাবে যাবতীয় আবেদন প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰিছে তেওঁ । আৰু ইস্পিত লক্ষ্য সাব্যস্ত কৰাৰ বাবেই নিয়মিত কঠোৰ অনুশীলনত ব্যস্ত এইগৰাকী প্ৰত্যয়ী ব্যক্তি । স্থানীয়ভাৱে অনুষ্ঠিত সকলো চাইকেল ৰেছিং প্ৰতিযোগিতাৰ এগৰাকী অপ্ৰতিদ্বন্দী আৰু অপ্ৰতিৰোধ্য প্ৰতিযোগী ভূপেন লিকচনে মাজুলী হৈ শুক্ৰবাৰে যোৰহাট জিলাত পদাৰ্পণ কৰিব ।
এখন অতি পুৰণি সামান্য স্বাভাৱিক চাইকেলক সাৰথি কৰি বিশ্ব বিজয়ৰ সপোন দেখা এইগৰাকী বয়স্ক ব্যক্তিয়ে এনে দুৰ্বাৰ আৰু অদম্য শক্তিৰ অন্তৰালত নিচা মুক্ত শৰীৰ আৰু নিৰন্তৰ পৰিশ্ৰমী জীৱন যাত্ৰা বুলি কব খোজে । একাংশ বিপথগামী যুৱ প্ৰজন্মৰ ভাং ,মদ , ড্ৰাগছ ,কানিৰ কৰাল গ্ৰাসত পৰি জীৱন অন্ধকাৰাচন্ন কৰি তোলাৰ বিপৰীতে এইগৰাকী কষ্টসহিষ্ণু বয়স্ক ব্যক্তিযে নিচাৰ নামত তামোল এখনো নোখোৱাকৈ এনে বিশ্ব জয়ৰ লক্ষ্য প্ৰাপ্তিৰ কচৰৎ নিশ্চিত ভাবে অনুকৰণীয় । উল্লেখ্য যে প্ৰচাৰ বিমুখ এইগৰাকী বয়স্ক নাগৰিকৰ নিজস্ব বিশ্ব জয়ী প্ৰয়াসত উৎসাহ প্ৰেৰণা জনাবলৈ আহৰি নাই ৰজাঘৰীয়া কিম্বা প্ৰজাঘৰীয়াৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us