/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/fe94c078-3391-417a-bd2e-e7a76ab8b022/gfgfgf.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা: বিদ্যায়তনিক জ্ঞান অর্জনৰ সমান্তৰালভাৱে আধ্যাত্মিক লোক কৃষ্টি চর্চাৰেও শত সহস্ৰজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ঢকুৱাখনাৰ এজাক কণ কণ শিশু। প্ৰাত্যহিক অধ্যয়ন প্ৰয়াসী মানসিকতা ,দৈনন্দিনে সম্পৃক্ত কিতাপ, বহী,কলমৰ সংগ পৰিত্যাগ কৰি এদিনৰ বাবে একনিষ্ঠভাৱে শংকৰী লোক কৃষ্টিগত উপাদান হাতত তুলি এক বাঙ্ময় পৰিবেশৰ সৃষ্টি কৰি তোলে এইজাক কিশোৰ-কিশোৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/cd71e054-2090-4c0a-b5a4-4c9aa25ec32d/1780a39c_dafc_451c_9879_e7d08974a2b6.jpg)
ঢকুৱাখনা খণ্ড শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত ৭২ নং কঠালগুৰি প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত মঙলবাৰে নিশা এই প্ৰাণোচ্ছল পৰিবেশৰ সৃষ্টি হয়। বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী উৎসৱৰ সতে সংগতি ৰাখি শিক্ষানুষ্ঠানখনৰ কণ কণ বিদ্যাৰ্থী সকলে সাৱলীল আৰু দৃষ্টিনন্দন মঞ্চায়ন কৰে "বৰাহৰ পৃথিৱী উদ্ধাৰ" শীর্ষক ভাওনা। বিদ্যালয়খনৰ ৭৮ সংখ্যক বাৰ্ষিক অধিবেশন , প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আৰু অভিভাৱক সমাৰোহৰ উপলক্ষত আগবঢ়োৱা ভাওনাত ভাওৰীয়া হিচাবে হৃদয়স্পৰ্শী , নিখুঁত অভিনয় কৰে ২৫ টি কণমানি শিশু শিক্ষাৰ্থীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/e6838fab-d42c-42ea-ad84-3c4bcc589e30/e2a13088_69ce_454c_910f_dec43ace7099.jpg)
বিদ্যালয়ৰ সহকাৰী শিক্ষক সুৰজিত কোচ, পাপৰি গগৈ,পৰিস্মিতা দত্তৰ লগতে বিদ্যালয় পৰিয়ালৰ যৌথ সহযোগিতাত মঙলবাৰে নিশা মঞ্চস্থ হোৱা ভাওনাত কণ কণ শিক্ষাৰ্থী সকলৰ দৃষ্টি আকর্ষক অভিনয় , সাৱলীল বচন নিক্ষেপ শৈলী আৰু ছন্দোময় প্ৰৱেশ ,প্ৰস্থান আৰু যুদ্ধত সন্মোহিত অগণন দর্শকে অন্তিম ক্ষণ পৰ্যন্ত অপলক নেত্ৰে নিৰ্বোধ শিশু সকলৰ নাট্যাভিনয় উপভোগ কৰি আপ্লুত হোৱা পৰিলক্ষিত হয়।
ঢকুৱাখনা কেন্দ্ৰীয় ভাওনা কৃষ্টি দলৰ সংগঠক প্ৰদীপ হাজৰিকা , বিশ্ব নাৰায়ণ কোঁৱৰ, জিতেন গগৈ, প্ৰীতম জ্যোতি গগৈ আদিৰ লোক কৃষ্টি সাধকৰ প্ৰণালীবদ্ধ শিকন শিক্ষণৰ অপূৰ্ব সমাহাৰ ঘটে এই ভাওনাত । সচৰাচৰ জীৱন শৈলীৰ মাজতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলক নাট্যাভিনয় ক্ষেত্ৰখনত সংযুক্ত কৰাৰ বাসনাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰাজদীপ বৰাই হাতত লোৱা এই অনুকৰণীয় পদক্ষেপ নিতান্তই অনুকৰণীয় হিচাবে ধৰা দিছে সাম্প্ৰতিক প্ৰেক্ষাপটত । শিশু ভাওনাৰ জৰিয়তে শংকৰী লোক কৃষ্টি সংস্কৃতিৰ সৈতে যুৱ প্ৰজন্মক একাত্ম কৰাৰ এই ব্যতিক্ৰমী অভিপ্ৰায়ৰ বাবে বিদ্যালয় প্ৰধান ৰাজদীপ বৰাৰ লগতে বিদ্যালয় পৰিয়াল শিক্ষাসদী ৰাইজ আৰু অভিভাৱক দৰ্শকৰ প্ৰসংশাৰ পাত্ৰ হৈছে ।
Also Read: কাজিৰঙাত গোলাপ শইকীয়াৰ অভিনৱ পদক্ষেপ