ঢকুৱাখনাত অগপৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটো শুকুৰবাৰে ঢকুৱাখনা বিধান পৰিষদৰ উদ্যোগত পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত অগপৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

dhakuakhana AGP

ডিজিটেল সংবাদ, ঢকুৱাখনা :  ৰাজ্যখনৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটো শুকুৰবাৰে ঢকুৱাখনা বিধান পৰিষদৰ উদ্যোগত পালন কৰা হয় । ঢকুৱাখনা নগৰস্থিত বিধান পৰিষদৰ স্থায়ী কাৰ্যালয় শুকুৰবাৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়।

Advertisment

বিধান পৰিষদৰ সভাপতি হৰিচন্দ্ৰ বৰুৱাই দলীয় গৰিষ্ঠসংখ্যক বিষয়ববীয়া আৰু কৰ্মকর্তাৰ উপস্থিতিত পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰা হয়। পৰৱৰ্তী সময়ত দলৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি বিধানসভা সমষ্টিটোৰ শ্বহীদ পৰিয়াল সমূহৰ লগতে জ্যেষ্ঠ নাগৰিক সকলক ফুলাম গামোচাৰে বিশেষভাৱে সম্বৰ্ধনা জনাই আশীৰ্বাদ গ্ৰহণ কৰে বিধান পৰিষদ সমিতিয়ে।

এই দিৱস উপলক্ষত দুপৰীয়া অনুষ্ঠিতব্য মুকলি সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মহেশ দলেয়ে উদ্বোধন কৰি আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ ভেঁটিত লালিত পালিত দলটোৰ সাম্প্ৰতিক সময়ত প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তা সন্দৰ্ভত বিশ্লেষণাত্মক উদ্বোধনী ভাষণ প্ৰদান কৰে।

বিধান পৰিষদৰ সভাপতি হৰিচন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই ভাৰপ্ৰাপ্ত সম্পাদক প্ৰাঞ্জল দিহিঙীয়াই। প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত প্ৰবীণ আঞ্চলিকতাবাদী নেতা ৰবীন খনিকৰ, মাইটি চুতীয়া আদিয়ে বক্তব্য আগবঢ়াই দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰণত দলৰ প্ৰতিগৰাকী বিষয় ববীয়া ,কৰ্মীৰ কৰণীয়তা সন্দৰ্ভত বক্তব্য ৰাখে ।

গৰিষ্ঠ সংখ্যক দলীয় কৰ্মকর্তা  উপস্থিত থকা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সন্ধিয়া কাৰ্য্যালয় চৌহদত বন্তি প্ৰজ্বলনেৰে সামৰণি মৰা হয় ।

assam agp dhakuakhana estabishment day