ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ ৰাজপথৰ ওপৰত বুধবাৰে পুৱাই উদ্ধাৰ হয় এটা ৰক্তাক্ত মৃতদেহ। ঢকুৱাখনা-ঘূণাসুঁতি লোক নিৰ্মান পথৰ দুলিয়া গাঁও অংশত উদ্ধাৰ হৈছে মৃতদেহটো । আশঙ্কা কৰা হৈছে প্ৰাতঃ ভ্ৰমণৰ বাবে পুৱাই ওলাই অহা ব্যক্তিজনক কোনো গধুৰ বাহনেতীব্ৰ গতিত খুন্দিয়াই আঁতৰি যায় ।
প্ৰচণ্ড খুন্দাত ব্যক্তি জনৰ মূৰ ফাটি প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ ফলত ঘটনাস্থলীতে মৃত্যু ঘটে। পৰৱৰ্তী সময়ত পথচাৰীযে প্ৰত্যক্ষ কৰি ঢকুৱাখনা আৰক্ষীক খবৰ দিয়ে ।আৰক্ষীয়ে মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
মৃত ব্যক্তিজন ঢকুৱাখনা মৌখোৱা গাঁওৰ চিৰঞ্জিত টাকু (৫১) বুলি চিনাক্ত কৰা হৈছে ।ঢকুৱাখনা ব্লক কংগ্ৰেছৰ এগৰাকী সক্ৰিয় সদস্য , আই টি ডি পিৰ প্ৰাক্তন অধ্যক্ষ, মিষ্টভাষী টাকুৰ মৰ্মান্তিক মৃত্যৰ ঘটনাই সমগ্ৰ ঢকুৱাখনা মহকুমাত শোকৰ ছাঁ পেলাইছে । এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে ।